Anti Sikh Riots Case : কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআইৰ অভিযোগনামা দাখিল

author img

By

Published : May 21, 2023, 2:08 PM IST

Anti Sikh Riots Case

নানাৱতী আয়োগে কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ বিৰুদ্ধে থকা শিখবিৰোধী সংঘৰ্ষৰ গোচৰটো চিবিআইক ২০০৫ চনত পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিছিল (anti Sikh riots case against Jagdish Tytler) । এই গোচৰত টাইটলাৰক উক্ত সংঘৰ্ষৰ অন্যতম মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কৰিছিল । আনহাতে, দিল্লী শিখ গুৰুদ্বাৰ প্ৰবন্ধক সমিতিয়ে দাবী কৰিছিল যে টাইটলাৰৰ বিৰুদ্ধে ইয়াৰ শক্তিশালী প্ৰমাণ আছে ।

নিউজ ডেস্ক, ২১ মে' : চিবিআয়ে শনিবাৰে ১৯৮৪ চনৰ শিখবিৰোধী সংঘৰ্ষৰ (1984 anti Sikh riots) সময়ত পুল বাংগাছ গুৰুদ্বাৰত অগ্নিসংযোগৰ গোচৰত কংগ্ৰেছ নেতা জগদীশ টাইটলাৰৰ বিৰুদ্ধে ৰৌজ এভিনিউ আদালতত অভিযোগনামা দাখিল কৰে (CBI files chargesheet against Jagdish Tytler) । উল্লেখ্য যে যোৱা মাহত পুল বাংগাছ গুৰুদ্বাৰ গোচৰত টাইটলাৰ চিবিআই আদালতত হাজিৰ হৈছিল (Tytler appeared in CBI court) । তাত তেওঁৰ কণ্ঠস্বৰৰ নমুনা সংগ্ৰহ কৰা হৈছিল । টাইটলাৰৰ বিৰুদ্ধে ১৯৮৪ চনৰ পুল বাংগাছ গোচৰত উত্তেজিত জনতাক নেতৃত্ব দিয়াৰ অভিযোগ আছে (mob in Pul Bangash case of 1984) । উক্ত সংঘৰ্ষত তিনিজন শিখ লোক নিহত হৈছিল ।

উল্লেখ্য যে পূৰ্বতে চিবিআয়ে কংগ্ৰেছ নেতাজনক আগতে এই গোচৰটোত ক্লিনচিট দিছিল । কিন্তু ২০১৫ চনৰ ৪ ডিচেম্বৰৰ নিৰ্দেশৰ পিছত শিখ সংঘৰ্ষৰ তদন্ত পুনৰ আৰম্ভ কৰা হয় । ন্যায়াধীশ জিটি নানাৱতী আয়োগে (Justice GT Nanavati Commission) ২০০৫ চনত টাইটলাৰৰ বিৰুদ্ধে থকা গোচৰটো চিবিআইক পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়ে । নানাৱতী আয়োগে চিবিআইক পুনৰ মুকলি কৰিবলৈ নিৰ্দেশ দিয়া তিনিটা গোচৰৰ ভিতৰত এইটোও এটা আছিল ।

উল্লেখ্য যে নানাৱতী আয়োগে টাইটলাৰক ১৯৮৪ চনৰ শিখবিৰোধী সংঘৰ্ষৰ অন্যতম মাষ্টাৰ মাইণ্ড হিচাপে চিহ্নিত কৰিছিল । টাইটলাৰৰ বিৰুদ্ধে উত্তৰ দিল্লী সমষ্টিৰ গুৰুদ্বাৰ পুল বাংগাছৰ বাহিৰত সমবেত জনতাক নেতৃত্ব দিয়াৰ অভিযোগ আছে । সেই সময়ত হোৱা সংঘৰ্ষত তিনিজন শিখ লোক নিহত হৈছিল ।

চৰকাৰী তথ্য অনুসৰি, তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাৰ পিছত সংঘটিত গণহত্যাৰ সময়ত দিল্লীত ২,১০০ জনসহ সমগ্ৰ দেশতে প্ৰায় ২,৮০০ শিখ লোক নিহত হৈছিল । ইন্দিৰা গান্ধীক তেওঁৰ শিখ দেহৰক্ষীয়ে হত্যা কৰাৰ পিছতে শিখসকলৰ বিৰুদ্ধে এই সংঘৰ্ষ আৰম্ভ হৈছিল । ইতিমধ্যে দিল্লী কংগ্ৰেছৰ জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন সাংসদ সজ্জন কুমাৰক ২০১৮ চনত সংঘটিত শিখ সংঘৰ্ষ গোচৰত যাৱজ্জীৱন কাৰাদণ্ড বিহা হৈছে । সজ্জন কুমাৰৰ বিৰুদ্ধে জনসাধাৰণক নেতৃত্ব দিয়া আৰু হিংসাত্মক কাৰ্যৰ বাবে উচটনি দিয়াৰো অভিযোগ উত্থাপিত হৈছিল ।

বিজেপি নেতা চিৰছাৰ প্ৰতিক্ৰিয়া

ইফালে জগদীশ টাইটলাৰৰ বিৰুদ্ধে চিবিআয়ে উপস্থাপন কৰা অভিযোগনামা সন্দৰ্ভত বিজেপি নেতা মনজিন্দৰ সিং চিৰছাই তেওঁৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । 40 বছৰৰ পিছত এই গোচৰত ন্যায় প্ৰদান কৰাৰ বাবে চিৰছাই চিবিআই আৰু কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰক ধন্যবাদ জনাইছে । উল্লেখনীয় কথাটো হৈছে, চিবিআয়ে কংগ্ৰেছ চৰকাৰৰ সময়ত টাইটলাৰক ক্লিনচিট দিছিল আৰু এতিয়া বিজেপি চৰকাৰৰ সময়ত পুনৰ গোচৰটো সক্ৰিয় কৰা হৈছে ।

আনহাতে, দিল্লী শিখ গুৰুদ্বাৰ প্ৰবন্ধক সমিতিয়ে কৈছে যে টাইটলাৰৰ বিৰুদ্ধে তেওঁলোকৰ ওচৰত শক্তিশালী প্ৰমাণ আছে । ইয়াৰ পিছতে চিবিআয়ে নিজৰ ক্লিনচিট ঘূৰাই লয় । সমিতিখন নিশ্চিত আছিল যে কংগ্ৰেছ নেতা জগদীশ টাইটলাৰক অতি সোনকালে শাস্তি দিয়া হ'ব । ইয়াৰ পিছতে পৰৱৰ্তী পদক্ষেপ হ'ব পাৰে কমল নাথৰ বিৰুদ্ধে । এই দুয়োজন নেতাৰে কাৰাগাৰত সজ্জন কুমাৰৰ সংগী হ'ব বুলি প্ৰবন্ধক সমিতিয়ে উল্লেখ কৰিছে ।

লগতে পঢ়ক :Strategy of opposition unity : খাৰ্গে আৰু কেজৰিৱালক সাক্ষাৎ কৰিব নীতিশ কুমাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.