পদক বিজয়ী হকী খেলুৱৈলৈ 1 কোটিৰ উপহাৰ

author img

By

Published : Aug 5, 2021, 7:31 PM IST

Cash award of Rs one crore for each of Punjab players in bronze winning team

Tokyo Olympics ত ভাৰতীয় হকী দলে(Indian Hockey Team) ব্ৰঞ্জৰ পদক লাভ কৰাৰ পাছতে বৃহস্পতিবাৰে এক বিশেষ ঘোষণা কৰিছে পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী ৰাণা গুৰমীট সিং সোধিয়ে । ব্ৰঞ্জৰ পদক বিজয়ী ভাৰতীয় পুৰুষ হকী দলৰ হৈ খেলা পঞ্জাৱৰ প্ৰতিগৰাকী খেলুৱলৈ পঞ্জাৱ চৰকাৰে আগবঢ়াব এক কোটিকৈ টকা । ব্ৰঞ্জৰ পদক লাভৰ বাবে অনুষ্ঠিত খেলত ভাৰতীয় দলটোৱে ৫-৪ গ'লত জাৰ্মানী(GERMANY)ক পৰাস্ত কৰে ।

নেশ্যনেল ডেস্ক, ৫ আগষ্ট : টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় পুৰুষ হকী দলৰ হৈ খেলা পঞ্জাৱৰ প্ৰতিগৰাকী খেলুৱৈলৈ পঞ্জাৱ চৰকাৰে আগবঢ়াব এক কোটিকৈ টকা । বৃহস্পতিবাৰে এই ঘোষণা কৰে পঞ্জাৱৰ ক্ৰীড়ামন্ত্ৰী ৰাণা গুৰমীট সিং সোধি(Rana Gurmit Singh Sodhi)য়ে ।

তেওঁ পঞ্জাৱৰ খেলুৱৈসকলৰ বাবে এই বঁটা ঘোষণা কৰি আনন্দিত বুলি টুইটযোগে জানিবলৈ দিছে । ভাৰতীয় পুৰুষ হকী দলৰ অধিনায়ক মনপ্ৰীত সিঙকে ধৰি পঞ্জাৱৰ মুঠ আঠজন খেলুৱৈয়ে টকিঅ' অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিছে । খেলুৱৈসকল হৈছে- হৰমনপ্ৰীত সিং, ৰূপিন্দৰ পাল সিং, হাৰ্দিক সিং, চমছেৰ সিং, দিলপ্ৰীত সিং, গুৰজন্ত সিং আৰু মনদীপ সিং ।

শুকুৰবাৰে গুৰমীত সিং সোধিয়ে ঘোষণা কৰিছিল যে, টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা পঞ্জাৱৰ হকী খেলুৱৈসকলে দলটোৱে সোণৰ পদক জিকিলে প্ৰতিজন খেলুৱৈক ২.২৫ কোটিকৈ ধন বঁটা হিচাপে প্ৰদান কৰা হ'ব । চলিত বৰ্ষত ব্ৰঞ্জৰ পদক লাভৰ আগতে ১৯৮০ চনত মস্কোত অনুষ্ঠিত হোৱা অলিম্পিকত ভাৰতীয় হকী দলে স্বৰ্ণ পদক আঁজুৰি আনিবলৈ সক্ষম হৈছিল ৷

মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে টুইটযোগে উল্লেখ কৰে যে, টকিঅ' অলিম্পিকত ভাৰতীয় হকী দলৰ প্ৰদৰ্শনক লৈ তেওঁ যথেষ্ট গৌৰৱান্বিত । টুইটত তেওঁ উল্লেখ কৰে যে, ঐতিহাসিক ব্ৰঞ্জৰ পদক লাভৰ আনন্দ উপভোগ কৰাৰ সময় আহি পৰিছে । তেওঁ লগতে উল্লেখ কৰে যে, পঞ্জাৱৰ ক্ৰীড়া মন্ত্ৰী হিচাপে ৰাষ্ট্ৰীয় ক্ৰীড়াৰ প্ৰচাৰ কৰা আৰু পদক লাভ কৰা খেলুৱৈসকলক উৎসাহিত কৰাটো তেওঁৰ কৰ্তব্য ।

পঞ্জাৱৰ মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিঙে(Amarinder Singh)ও দলটোক অভিনন্দন জ্ঞাপন কৰে । টুইটযোগে তেওঁ অভিনন্দন জনাইছে যে, জাৰ্মানীক পৰাস্ত কৰি পুৰুষ হকী দলে অলিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰিছে । ৪১ বছৰৰ পিছত অলিম্পিকত ভাৰতীয় হকী দলটোৱে অলিম্পিকত পদক লাভ কৰিছে ।

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে(Manohar Lal Khattar)ও ভাৰতীয় দলটোক অভিনন্দন জনাইছে । তেওঁ কয় যে, প্ৰতিভাশালী খেলুৱৈসকলক লৈ এতিয়া সমগ্ৰ দেশ গৌৰৱান্বিত ।

লগতে পঢ়ক: Tokyo Olympics : জাৰ্মানীক হৰুৱাই ব্ৰঞ্জ দখল ভাৰতীয় পুৰুষ হকী দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.