Canada India diplomatic row: ভাৰতক উত্তেজিত কৰা কানাডাৰ উদ্দেশ্য নহয়; জাষ্টিন ট্ৰুডো
Published: Sep 19, 2023, 10:47 PM

Canada India diplomatic row: ভাৰতক উত্তেজিত কৰা কানাডাৰ উদ্দেশ্য নহয়; জাষ্টিন ট্ৰুডো
Published: Sep 19, 2023, 10:47 PM
ভাৰত আৰু কানাডাৰ মাজত চলিছে কূটনৈতিক সংঘাত ৷ কানাডাত এজন খালিস্তানী উগ্ৰপন্থীক হত্যা কৰাক লৈ চলিছে এই সংঘাত ৷ কানাডাৰ অভিযোগ যে খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সৈতে ভাৰতৰো হাত আছে ৷ অৱশ্যে কানাডাৰ এই অভিযোগ সম্পূৰ্ণ নস্যাৎ কৰিছে ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰালয়ে ৷
নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ: খালিস্তানি উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ প্ৰসংগকলৈ ভাৰত আৰু কানাডাৰ মাজত অভিযোগ আৰু প্ৰতি অভিযোগ আৰম্ভ আছে ৷ উল্লেখ্য যে কানাডাই দাবী কৰিছিল যে কানাডাত খালিস্তানী উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰক হত্যা কৰাৰ সৈতে ভাৰতৰো হাত আছে ৷ ইয়াৰ পিছতেই ভাৰতে কানাডাৰ এই অভিযোগক সম্পূৰ্ণৰূপে নস্যাৎ কৰে ৷ নতুন দিল্লীয়ে এই অভিযোগক অযৌক্তিক বুলি মন্তব্য কৰিছে ৷
ইয়াৰ পাছতেই কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৱে মঙলবাৰে দাবী কৰে যে খালিস্তানি উগ্ৰপন্থী হৰদীপ সিং নিজ্জাৰৰ হত্যাৰ সৈতে ভাৰতৰ এজেণ্টৰ সম্পৰ্ক থকাৰ কথা উল্লেখ কৰি ভাৰতক উত্তেজিত কৰাৰ চেষ্টা কৰা নাই ৷ নতুন দিল্লীয়ে বিষটো গুৰুত্ব সহকাৰে লোৱা প্ৰয়োজন ৷
তেওঁ সংবাদমেল সম্বোধন কৰি কয়, ‘‘ভাৰত চৰকাৰে এই বিষয়টো অতি গুৰুত্বসহকাৰে ল’ব লাগে । আমি উত্তেজনা সৃষ্টি বা বৃদ্ধি কৰিব বিচৰা নাই ৷’’ ইয়াৰ পাছতেই ভাৰতৰ বৈদেশীক মন্ত্ৰালয়ে এক বিবৃতিযোগ ইয়াৰ প্ৰত্যুত্তৰ দিয়ে ৷
ভাৰতৰ বৈদেশীক মন্ত্ৰালয়ৰ বিবৃতি অনুসৰি, ‘‘আমি কানাডাৰ প্ৰধানমন্ত্ৰীয়ে তেওঁলোকৰ সংসদত দিয়া বক্তব্য দেখিছোঁ আৰু অস্বীকাৰ কৰিছোঁ, লগতে তেওঁলোকৰ বৈদেশিক মন্ত্ৰীৰ বিবৃতিও দেখিছোঁ আৰু সেয়াও অস্বীকাৰ কৰিছো । কানাডাত যিকোনো হিংসাত্মক কাৰ্যত ভাৰত চৰকাৰৰ জড়িত থকাৰ অভিযোগ অযৌক্তিক আৰু অনুপ্ৰেৰিত ।’’ কানাডাৰ সকলো অভিযোগ খণ্ডন কৰি ভাৰত চৰকাৰে এইদৰেই নিজৰ স্থিতি প্ৰকাশ কৰে ৷
‘‘আমি দৃঢ় প্ৰতিশ্ৰুতিৰ সৈতে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ ৷ এনে ধৰণৰ ভিত্তিহীন অভিযোগেৰে কানাডাত আশ্ৰয় লৈ থাকি ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা খালিস্তানী উগ্ৰপন্থী তথা সন্ত্ৰাসবাদীৰ প্ৰতি ভাৰতৰ মনোযোগ আঁতৰাব বিচৰা হৈছে, যিয়ে ভাৰতৰ সাৰ্বভৌমত্ব আৰু আঞ্চলিক অখণ্ডতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে ৷ এই বিষয়ত কানাডিয়ান চৰকাৰৰ নিষ্ক্ৰিয়তা দীৰ্ঘদিনীয়া,’’ ভাৰতৰ বৈদেশীক পৰিক্ৰমা মন্ত্ৰালয়ে বিবৃতিটোত লগতে কয় ৷
‘‘কানাডাৰ ৰাজনৈতিক নেতাসকলে এনে উপাদানসমূহৰ (ভাৰত বিৰোধী শক্তি) প্ৰতি মুকলিকৈ সহানুভূতি প্ৰকাশ কৰাটো গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে । কানাডাত হত্যা, মানৱ সৰবৰাহ, আৰু সংগঠিত অপৰাধকে ধৰি বিভিন্ন অবৈধ কাৰ্যকলাপক স্থান দিয়া কোনো নতুন কথা নহয় ,’’ বিবৃতিটোত কোৱা হয় ৷
ইয়াৰ লগতে ভাৰতে কানাডা চৰকাৰক তেওঁলোকৰ ভূমিৰ পৰা কাম কৰা সকলো ভাৰত বিৰোধী উপাদানৰ বিৰুদ্ধে তৎক্ষণাৎ আৰু কাৰ্যকৰী আইনী ব্যৱস্থা ল’বলৈ আহ্বান জনায় । সূত্ৰ অনুসৰি, কানাডাৰ প্ৰধানমন্ত্ৰী ট্ৰুডোৱে সোমবাৰে কৈছিল যে তেওঁৰ দেশৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়াসকলৰ বিশ্বাস কৰে যে ভাৰত চৰকাৰৰ এজেণ্টসকলে কানাডিয়ান নাগৰিকজনক (হৰদীপ সিং নিজ্জাৰ) হত্যা কৰিছিল ৷ তেওঁ চাৰেৰ গুৰু নানক শিখ গুৰুদ্বাৰৰ (Surrey's Guru Nanak Sikh Gurdwara) সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল ৷
