Coconut Water: নাৰিকলৰ পানীয়ে বাৰুকৈয়ে কিডনীৰ পাথৰৰ পৰা মুক্তি দিব পাৰেনে ?

author img

By

Published : May 25, 2023, 8:20 PM IST

Can coconut water really get rid of kidney stones ? Learn

নাৰিকল পানীৰ বহু স্বাস্থ্য উপকাৰিতা আছে । এক বৈজ্ঞানিক গৱেষণাত এই কথা পোহৰলৈ আহিছে যে নাৰিকল পানীয়ে বৃক্কৰ পাথৰ নষ্ট কৰাৰ কাম কৰে এই কথা কিমান দূৰ সত্য জানি লওক...

নাৰিকলৰ পানীত পটাছিয়াম, ছ’ডিয়াম আৰু মেগনেছিয়ামৰ দৰে ইলেক্ট্ৰলাইটৰ প্ৰাকৃতিক উৎস থকাৰ লগতে ইয়াত কেলৰি আৰু কাৰ্বহাইড্ৰেটৰ পৰিমাণ অতি কম হয় । প্ৰায় ৯৫ শতাংশ নাৰিকলত কেৱল পানী থাকে (is coconut water good for kidneys)। ইয়াৰ বাবেই ই ডিহাইড্ৰেচন প্ৰতিৰোধৰ বা ইয়াৰ চিকিৎসাত সহায় কৰে । নাৰিকল পানী দীৰ্ঘদিন ধৰি খাদ্য আৰু স্বাস্থ্যসেৱাৰ অভ্যাসৰ অংশ হৈ আহিছে । নাৰিকল পানীয়ে স্বাস্থ্যৰ বহু উপকাৰিতা সাধন কৰে (can coconut water dissolve kidney stones)।

বৃক্কই শৰীৰৰ পৰা বিষাক্ত পদাৰ্থসমূহক বাহিৰ উলিয়াই অনাৰ কাম কৰে । ই কেৱল তেজ পৰিষ্কাৰ কৰি ৰখাত সহায় কৰাই নহয়, শৰীৰৰ বহু ইলেক্ট্ৰলাইটৰ ভাৰসাম্য ৰক্ষা কৰে । কিন্তু কেতিয়াবা চৰ্বি, ইউৰিয়া আৰু ট্ৰাইগ্লিচাৰাইড জমা হোৱাৰ বাবে বৃক্কৰ কামত বাধাৰ সৃষ্টি হয়, যাৰ ফলত তেজ জমা হোৱাকে ধৰি বহু সমস্যাৰ সৃষ্টি হয় ।

এই স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰৰ পৰা মুক্তি পাবলৈ বৃক্ক সুস্থ আৰু পৰিষ্কাৰ কৰি ৰখাটো প্ৰয়োজনীয় আৰু যদি কোনোবাই এই কামত সহায় কৰিব পাৰে তেন্তে সেয়া হ’ল ‘নাৰিকলৰ পানী’(is coconut water bad for kidney stones)। সাধাৰণতে, নাৰিকল পানী খোৱাৰ ফলত বহু লাভালাভ পোৱা যায় (is coconut bad for kidney stones)। বিভিন্ন ৰোগত আক্ৰান্ত লোকে ইয়াক সেৱন কৰে । কিন্তু আপুনি জানেনে যে, নাৰিকলৰ পানীয়েও বৃক্ক পৰিষ্কাৰ আৰু সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে ?

দৰাচলতে কিডনী পৰিষ্কাৰ কৰি ৰাখিবলৈ নাৰিকল পানীতকৈ উত্তম বিকল্প আৰু একো হ’ব নোৱাৰে আৰু এই কথা বিজ্ঞানেও মানি লৈছে । বিজ্ঞানৰ মতে দৈনিক নাৰিকল পানী সেৱন কৰি বৃক্কৰ কাৰ্যক্ষমতা উন্নত কৰিব লাগে । নাৰিকল পানীয়ে প্ৰস্ৰাৱত ক্লৰাইড, চাইট্ৰেট আৰু পটাছিয়ামৰ নিঃসৰণত সহায় কৰে। শৰীৰত জমা হোৱাত বাধা দিয়ে ।

নাৰিকল পানীয়ে ক্ৰিয়েটিনিন হ্ৰাস কৰাত সহায় কৰে । যিহেতু নাৰিকল পানী ভিটামিন চিৰ ভাল উৎস, গতিকে ই ক্ৰিয়েটিনিনৰ মাত্ৰা কমাই বৃক্কত পাথৰ হোৱাত বাধা দিয়ে । নাৰিকলৰ পানীতো পটাছিয়াম প্ৰচুৰ পৰিমাণে পোৱা যায় । এই কাৰণেই ই বৃক্কত তেজৰ সঞ্চালন ভালদৰে বজাই ৰাখে আৰু ইয়াৰ কাৰ্যক্ষমতা বৃদ্ধি কৰে ।

লগতে পঢ়ক: PM Modi Fitness: ৭২ বছৰ বয়সতো কেনেকৈ ইমান সংক্ৰিয় প্ৰধানমন্ত্ৰী মোডী, এয়া হৈছে তেওঁৰ ফিটনেছৰ ৰহস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.