ইডিৰ বিৰুদ্ধে অৱমাননাৰ আবেদন খাৰিজ কলকাতা উচ্চ ন্যায়ালয়ৰ

author img

By

Published : Sep 30, 2022, 5:51 PM IST

hc

কলকাতা উচ্চ ন্যায়ালয়ে (Calcutta High Court) শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ (TMC) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ (TMC national general secretary Abhishek Banerjee) খুলশালিয়েক মেনকা গম্ভীৰে ইডিৰ (ED) বিৰুদ্ধে দাখিল কৰা অৱমাননাৰ আবেদন খাৰিজ কৰে ।

নিউজ ডেস্ক, ৩০ ছেপ্টেম্বৰ : কলকাতা উচ্চ ন্যায়ালয়ে (Calcutta High Court) শুকুৰবাৰে তৃণমূল কংগ্ৰেছৰ (TMC) ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ (TMC national general secretary Abhishek Banerjee) খুলশালিয়েক মেনকা গম্ভীৰে ইডিৰ (ED) বিৰুদ্ধে দাখিল কৰা অৱমাননাৰ আবেদন খাৰিজ কৰে ।

ন্যায়াধীশ মৌচুমী ভট্টাচাৰ্যই কলকাতা বিমানবন্দৰত (Kolkata Airport) গম্ভীৰক ইডি বুলি কৈ ৰখোৱা গোচৰটো খাৰিজ কৰে । লগতে ন্যায়াধীশ ভট্টাচাৰ্যই এইটোও কয় যে, যদি গম্ভীৰে বিচাৰে তেন্তে আন এক আদালতত উক্ত ৰায়ৰ বিৰুদ্ধে আপীল কৰিব পাৰে ।

উল্লেখ্য যে, গম্ভীৰে ১০ ছেপ্টেম্বৰত বেংককলৈ যোৱা বিমানত উঠিবলৈ নিশা কলকাতা বিমানবন্দৰত উপস্থিত হৈছিল । সূত্ৰত প্ৰকাশ পোৱা মতে, তেওঁৰ বিমানখন নিশা ৯.৪০ বজাত উৰণৰ সময় নিৰ্ধাৰিত আছিল আৰু সেয়ে তেওঁ নিৰ্ধাৰিত সময়তকৈ অলপ আগতে বিমানবন্দৰত গৈ উপস্থিত হৈছিল ।

সূত্ৰসমূহে লগতে প্ৰকাশ কৰে যে তেওঁ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে প্ৰব্ৰজন বিভাগৰ (Immigration Department) পৰা এটা ফোন কল লাভ কৰে । তাত তেওঁক কোৱা হয় যে তেওঁক দেশ এৰি যাবলৈ অনুমতি দিয়া নহ'ব । তেতিয়া ইডিৰ বিষয়াসকলক বিষয়টো সন্দৰ্ভত অৱগত কৰোৱা হৈছিল । তাৰ পিছত ইডিৰ বিষয়াসকল ততাতৈয়াকৈ গৈ বিমানবন্দৰত উপস্থিত হয় আৰু গম্ভীৰৰ সৈতে কথা পাতে । কিন্তু অৱশেষত তেওঁ বিমানবন্দৰৰ পৰা উভতি আহিবলগা হয় ।

ইয়াৰ পূৰ্বে ৫ ছেপ্টেম্বৰত কয়লা চোৰাং ব্যৱসায়ৰ গোচৰৰ সন্দৰ্ভত গম্ভীৰক ইডিয়ে দিল্লীলৈ মাতি পঠিয়াইছিল । তাৰ পিছত তেওঁ কলকাতা উচ্চ ন্যায়ালয়ৰ কাষ চাপে । উচ্চ ন্যায়ালয়ে ৩০ আগষ্টত এক নিৰ্দেশত কয় যে গম্ভীৰক কলকাতাত তেওঁৰ বাসগৃহত বা চহৰখনৰ ইডি কাৰ্যালয়ত জেৰা কৰা হ'ব ।

আদালতে লগতে কয় যে তেওঁক গ্ৰেপ্তাৰ কৰিব নোৱাৰি বা তেওঁৰ বিৰুদ্ধে কোনো সংশোধনমূলক ব্যৱস্থা ল'ব নোৱাৰি । এইটো আদেশৰ আধাৰতে গম্ভীৰে কলকাতা বিমানবন্দৰত ইডিৰ দ্বাৰা বাধা প্ৰদানৰ পিছত অৱমাননাৰ আবেদন দাখিল কৰে ।

লগতে পঢ়ক :ৰাজদ্ৰোহৰ গোচৰত জামিন লাভ শ্বাৰ্জিল ইমামৰ, আন গোচৰত থাকিব জিম্মাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.