Budha Amarnath Yatra: অমৰনাথ যাত্ৰাৰ প্ৰথমটো দল উপস্থিত

author img

By

Published : Jul 30, 2022, 3:09 PM IST

Budha Amarnath Yatra

কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে অমৰনাথ যাত্ৰা(Budha Amarnath yatra) । যাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় সেই বিষয়টোত বিশেষ নজৰ ৰাখিছে সংশ্লিষ্ট বিষয়াসকলে ।

নেশ্যনেল ডেস্ক,30 জুলাই: শ্ৰী বুঢ়া অমৰনাথ যাত্ৰা সুচাৰুৰূপে আৰু সফলভাৱে পৰিচালনা কৰিবৰ বাবে গ্ৰহণ কৰা হৈছে বিস্তৃত ব্যৱস্থা(Budha Amarnath yatra)৷ কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজেৰে শুকুৰবাৰৰ পৰা আৰম্ভ হৈছে শ্ৰী বুঢ়া অমৰনাথ যাত্ৰা(Amid tight security)। জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ যাত্ৰা ষ্টেচনত ১০০৭ জন তীৰ্থযাত্ৰীৰ প্ৰথমটো গোটক উষ্ম আদৰণি জনোৱা হয় । উপ আৰক্ষী আয়ুক্ত ৰাজৌৰী বিকাশ কুণ্ডলে বুঢ়া অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলক আদৰণি জনায় ৷ ৰাজৌৰী-পুঞ্চ ৰেঞ্জৰ ডি আই জি ডাঃ মহম্মদ হাছিব মোগল, এ ডি ডি চি পৱন কুমাৰ, ৰাজৌৰীৰ এ ডি চি শচীন দেৱ সিং, এ চি আৰ ইমৰাণ ৰছিদ কটাৰিয়া আদি বিষয়াসকলেও শ্ৰী বুঢ়া অমৰনাথ যাত্ৰাৰ প্ৰথমটো দলক আদৰণি জনায় ৷

শ্ৰী বুঢ়া অমৰনাথ যাত্ৰা সুচাৰুৰূপে আৰু সফলভাৱে পৰিচালনা কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষই গ্ৰহণ কৰিছে বিশেষ ব্যৱস্থা ৷ তীৰ্থযাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত যাতে খোৱাপানী, বিদ্যুৎ যোগান, শৌচাগাৰ, লংগৰ, অনাময়, চিকিৎসা সেৱা, নিৰাপত্তা আদিৰ সুবিধাসমূহ যথাযথভাবে লাভ কৰিব পাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰিছে উপ-আৰক্ষী আয়ুক্তই ৷ যাত্ৰীসকলে যাত্ৰাৰ সময়ছোৱাত যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হবলগীয়া নহয় সেই বিষয়টোত বিশেষ নজৰ ৰাখিছে সংশ্লিষ্ট বিষয়াসকলে ।

লগতে পঢ়ক: উত্তৰ প্ৰদেশত আবদ্ধ অসম আৰু ত্ৰিপুৰাৰ তীৰ্থযাত্ৰীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.