Republic Day 2023 : সমাগত গণতন্ত্ৰ দিৱস, ১০ হাজাৰ ত্ৰিৰংগা প্ৰস্তুত বিহাৰৰ মুছলমান পৰিয়ালৰ

author img

By

Published : Jan 21, 2023, 2:12 PM IST

Republic Day 2023

বিহাৰৰ গয়া জিলাৰ মুছলমান পৰিয়ালবোৰৰ জীৱিকা আৰু দেশ সেৱাৰ অন্যতম নিদৰ্শন । কেইবাটাও প্ৰজন্ম ধৰি তেওঁলোকে প্ৰস্তুত কৰি আহিছে ৰাষ্ট্ৰীয় পতাকা (Bihar Muslim family makes tricolours)। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ১০ হাজাৰতকৈও অধিক পতাকা প্ৰস্তুত কৰিছে পৰিয়ালবোৰে ।

নেশ্যনেল ডেস্ক,২১ জানুৱাৰী : গণতন্ত্ৰ দিৱসলৈ মাজত মাত্ৰ কেইটামান দিন (Republic Day 2023)। তাৰ প্ৰাকক্ষণত বিহাৰৰ এটা বিশেষ অঞ্চল আৰু তাৰ লোকসকল বিশেষভাৱে চৰ্চিত হৈছে । দেশৰ স্বাধীনতাৰ পাছৰে পৰা সেই অঞ্চলটোৰ লোকসকল কেইবাটাও প্ৰজন্ম ধৰি ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰা ব্যস্ত হৈ আহিছে (Bihar family prepared National flag)। গণতন্ত্ৰ দিৱসৰ প্ৰাকক্ষণত ইতিমধ্যে ১০ হাজাৰ ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰিছে অঞ্চলটোৰ লোকসকলে ।

উল্লেখ্য যে বিহাৰৰ গয়াৰ কেইবাটাও মুছলমান পৰিয়াল বছৰ বছৰ ধৰি ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাত ব্যস্ত হৈ আহিছে । পৰিয়ালকেইটাই ধাৰাবাহিকভাৱে এই মহৎ কামত নিয়োজিত হৈ আছে । কেৱল পতাকা প্ৰস্তুত কৰাই নহয় যুৱক-যুৱতীসকলক পতাকা প্ৰস্তুত আৰু অশোক চক্ৰ প্ৰিণ্ট কৰাৰো প্ৰশিক্ষণ দি আহিছে লোকসকলে ।

গণতন্ত্ৰ দিৱস উদযাপনৰ বাবে দেশবাসীয়ে প্ৰস্তুতি চলোৱাৰ মাজতে গয়া জিলাৰ বিভিন্ন গাঁৱত এতিয়া ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুতৰ কাম পূৰ্ণ গতিত চলি আছে (Preparation for Republic Day)। কেইবা দশক ধৰি ত্ৰিৰংগা প্ৰস্তুত কৰাত জড়িত মুছলমান পৰিয়ালবোৰৰ বাবে ই জীৱিকা উপাৰ্জনৰো অন্যতম উপায় । মহিলাসকলকে ধৰি পৰিয়ালৰ সকলো সদস্য এই কাম জড়িত । কোনোৱে যদি কাপোৰ কাটিছে, কোনোৱে আকৌ পতাকা চিলাইছে । কোনোৱে আকৌ পতাকাত অশোক চক্ৰৰ প্ৰিণ্ট কৰিছে ।

সেই অঞ্চলটোত উপস্থিত হৈ ইটিভি ভাৰতে একাংশ মুছলমান শিল্পীৰ সৈতে বাৰ্তালাপ কৰিছে । ত্ৰিৰংগা প্ৰস্তুত কৰা জড়িত গয়াৰ মনপুৰৰ বাসিন্দা ৫৫ বছৰীয়া মোহাম্মদ গোলাম মুস্তাফাই কয় যে তেওঁ দেশৰ গৌৰৱৰ সৈতে জড়িত কাম কৰি থকাটো তেওঁৰ বাবে গৌৰৱৰ বিষয় । ৪০ বছৰ ধৰি তেওঁ ত্ৰিৰংগা প্ৰস্তুত কৰি আহিছে । পিতৃৰ কথা স্মৰণ কৰি তেওঁ কয় যে ত্ৰিৰংগা প্ৰস্তুত কৰা কলা তেওঁক পিতৃয়ে শিকাইছিল ।

মুস্তাফাই মানপুৰৰ খাদী গ্ৰামোদ্যোগত কাম কৰে আৰু তেওঁ তাত চিলাই আৰু কাটিং মাষ্টাৰ । খাদী গ্ৰামোদ্যোগত তৈয়াৰ কৰা ত্ৰিৰংগাবোৰ মগধ অঞ্চলৰ অন্তৰ্গত ৫ খন জিলালৈ প্ৰেৰণ কৰা হয় ।

গোলাম মুস্তাফাই ১৫ আগষ্ট আৰু ২৬ জানুৱাৰী উপলক্ষে প্ৰস্তুত কৰা পতাকাৰ সংখ্যাৰ ওপৰত ভিত্তি কৰি মজুৰি লাভ কৰে । তেওঁৰ দৈনিক উপাৰ্জন ৫০০ ৰ পৰা ৬০০ টকাৰ ভিতৰত । অৱশ্যে, তেওঁ চল্লিশ বছৰ ধৰি কেৱল ধনৰ আশাতে এই কাম কৰা নাই । মুস্তাফাই জনোৱা মতে এই কামে তেওঁক আনন্দ আৰু সন্তুষ্টি দিয়ে ।

মুস্তাফাই উল্লেখ কৰা মতে স্বাধীনতা আন্দোলন আৰু বহুত্যাগৰ অন্তত কেনেকৈ দেশে স্বাধীনতা লাভ কৰিছে সেই বিষয়ে পিতৃৰ পৰা তেওঁ জানিছিল । গোলাম মুস্তাফা আৰু তেওঁৰ পৰিয়ালে এই বছৰ গণতন্ত্ৰ দিৱস উপলক্ষে ১০,০০০ তকৈও অধিক ত্ৰিৰংগা প্ৰস্তুত কৰিছে (Gaya muslim family makes 10000 Tricolours)। বছৰৰ বাকী সময়চোৱাতো ৰাষ্ট্ৰীয় পতাকাৰ উপৰিও তেওঁলোকে খাদী গ্ৰামোদ্যোগত গান্ধী টুপী, নেহৰু জেকেট প্ৰস্তুত কৰে । ইতিমধ্যে গোলাম মুস্তাফাই তেওঁৰ পুত্ৰ মোহাম্মদ ৰাজাক ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাৰ কৌশল শিকাইছে ।

আন এগৰাকী শিল্পীয়ে জনোৱা মতে ৰাষ্ট্ৰীয় পতাকা প্ৰস্তুত কৰাটো তেওঁলোকৰ উপাৰ্জনৰ উৎসত যদিও ই এক সন্মান । ইফালে, গয়া চহৰৰ বিখ্যাত গঞ্জ মহল্লাৰ সীমা পাৰবিনৰ পৰিয়ালেও যোৱা তিনি প্ৰজন্ম ধৰি ৰাষ্ট্ৰীয় পতাকাত অশোক চক্ৰ প্ৰিণ্টৰ কামত নিয়োজিত হৈ আছে । পূৰ্বে তেওঁৰ শহুৰেকে এই কাম কৰিছিল, এতিয়া তেওঁৰ স্বামী মোহম্মদ ছামীম আৰু তেওঁৰ সন্তান মোহম্মদ ছাদ্দাম, মোহম্মদ নৱাব আৰু মোহম্মদ শৰখেও এই মহৎ কামত জড়িত হৈ আছে ।

লগতে পঢ়ক :NIA charge sheet against PFI : ভাৰতক ইছলামিক দেশ কৰাৰ ষড়যন্ত্ৰ, NIAৰ অভিযোগনামাত ভয়ংকৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.