কংগ্ৰেছক প্ৰতাৰণা কৰা সকললৈ কঠোৰ নিৰ্দেশ

author img

By

Published : Sep 18, 2022, 10:46 PM IST

Etv Bharat

ভূপালত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ বিস্ফোৰক মন্তব্য(Bhopal Kamal Nath congress party) । দলক প্ৰতাৰণা কৰা কংগ্ৰেছ নেতা সকলক উদ্দেশ্যি তীৰ্যক মন্তব্য নাথৰ । কোনোবাই দল ত্য়াগ কৰিব বিচাৰিলে যাব পাৰে বুলি মন্তব্য কৰে নাথে ।

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ: দলক প্ৰতাৰণা কৰা কংগ্ৰেছ নেতা সকললৈ সকিয়নী কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথৰ(Bhopal Kamal Nath congress party) । কোনোবাই দল ত্যাগ কৰিব বিচাৰিলে যাব পাৰে বুলি মন্তব্য নাথৰ । এনে মানুহ তেওঁৰ গাড়ীৰ পৰা উলিয়াই আনিব বুলি উল্লেখ কৰে (Bhopal who leave party I will send them my car) । লগতে তেওঁ উল্লেখ কৰে যে, ইতিমধ্যে কংগ্ৰেছ নেতা অৰুণোদয় চৌবেক দলৰ পৰা বাহিৰ কৰি দিয়া হৈছে ।

নগৰপালিকা নিৰ্বাচনত চৌবেয়ে দল বিৰোধী কাম কৰা বুলি অভিযোগ উত্থাপন কৰে সভাপতিগৰাকীয়ে । বিজেপিয়ে কেইবামাহ ধৰি তেওঁৰ ওপৰত হেঁচা দিবলৈ চেষ্টা কৰিছিল আৰু সেইবাবেই তেওঁৰ ওপৰত বহু গোচৰ জাপি দিয়া হৈছিল বুলিও উল্লেখ কৰে নাথে ।

আনহাতে BJPকো তীক্ষ্ণ সমালোচনা কমল নাথৰ(Kamal Nath criticises BJP) । তেওঁ কয় যে, বিজেপিয়ে হেঁচা আৰু প্ৰভাৱেৰে মানুহৰ ওপৰত ভুৱা গোচৰ জাপি দিব পাৰে কিন্তু তেওঁলোকৰ মন-প্ৰাণ কিনিব নোৱাৰে ।

পুষ্টিহীনতাক লৈ চৰকাৰ চিন্তিত নহয় বুলি মন্তব্য কৰে কমল নাথে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে চিতা বাঘ এৰিবলৈ আটাইতকৈ পুষ্টিহীন জিলা শ্বেওপুৰত উপস্থিত হয় যদিও ইয়াত পুষ্টিহীনতাৰ বিষয়ে আলোচনা নকৰিলে সমালোচনা কৰে নাথে(PM Modi released Cheetah in Kuno) ।

প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক বিপথে পৰিচালিত কৰাৰ কাম কৰি আছে । বিজেপিয়ে বাস্তৱিক বিষয়ত কথা নাপাতে, কেৱল ৰাইজৰ দৃষ্টি আঁতৰাই নিয়াৰ বাবেহে কাম কৰি আছে উল্লেখ কৰি নাথে কয় যে, শ্বেওপুৰ জিলা দেশৰ ভিতৰতে আটাইতকৈ অপুষ্টিকৰ জিলা । চৰকাৰী পৰিসংখ্যাই ইয়াৰ সাক্ষী । চিতা বাঘ এমাহৰ পিছতো এৰিব পাৰিলেহেঁতেন । ইয়াৰ পূৰ্বে তেওঁলোকে পুষ্টিহীনতা দূৰ কৰিবলৈ শিবিৰ স্থাপন কৰি পুষ্টিহীনতা দূৰ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও চিতা বাঘ মুকলি কৰা অনুষ্ঠানৰ আয়োজনতহে বেছি গুৰুত্ব প্ৰদান কৰিছিল ।

কংগ্ৰেছৰ ৰাজ্যিক সভাপতি কমল নাথে কয় যে, কুনোলৈ চিতা অনা হৈছে । আইন অনুসৰি গিৰৰ সিংহবোৰ ইয়ালৈ আগতে আহিব লাগিছিল । তেওঁ মুখ্যমন্ত্ৰী হৈ থাকোতে গিৰৰ সিংহ অনাৰ বাবে বহুত চেষ্টা কৰিছিল বুলি উল্লেখ কৰে । এই বিষয়ে কেন্দ্ৰীয় চৰকাৰৰ সৈতেও কথা পাতিছিল বুলিও উল্লেখ কৰে ।

লগতে পঢ়ক: ঝাৰখণ্ডত নক্সাল উগ্ৰপন্থীৰ সৈতে সংঘৰ্ষত চিআৰপিএফৰ জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.