বি চি চি আইৰ তালিকাৰ পৰা বাদ পৰিল ধোনী

author img

By

Published : Jan 16, 2020, 8:28 PM IST

বাদ পৰিল ধোনী

বি চি চি আই কৰ্তৃপক্ষই প্ৰকাশ কৰিলে 2020 বৰ্ষৰ বাবে খেলুৱৈৰ বাৰ্ষিক কণ্ট্ৰেক্ট তালিকা ৷ এই তালিকাত 27 জন খেলুৱৈৰ নাম আছে যদিও নাম অন্তৰ্ভুক্ত নহ’ল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৷ তালিকাৰ পৰা ধোনীৰ নাম বাদ পৰাত একাংশ খেলুৱৈয়ে প্ৰাক্তন অধিনায়কগৰাকীৰ ক্ৰিকেট জীৱনৰ ভৱিষ্যৎ সম্পৰ্কে শংকা ব্যক্ত কৰিছে ৷

স্প'ৰ্টচ ডেস্ক,16 জানুৱাৰীঃ বি চি চি আই কৰ্তৃপক্ষই প্ৰকাশ কৰিলে 2020 বৰ্ষৰ বাবে খেলুৱৈৰ বাৰ্ষিক কণ্ট্ৰেক্ট তালিকা ৷ এই তালিকাত 27 জন খেলুৱৈৰ নাম আছে যদিও নাম অন্তৰ্ভুক্ত নহ’ল প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী ৷ তালিকাৰ পৰা ধোনীৰ নাম বাদ পৰাত একাংশ খেলুৱৈয়ে প্ৰাক্তন অধিনায়কগৰাকীৰ ক্ৰিকেট জীৱনৰ ভৱিষ্যৎ সম্পৰ্কে শংকা ব্যক্ত কৰিছে ৷ 2019 চনৰ বিশ্বকাপৰ ছেমি ফাইনেলতেই নিউজিলেণ্ডৰ বিপক্ষে শেষৰখন খেল খেলিছিল মহেন্দ্ৰ সিং ধোনীয়ে ৷

বাদ পৰিল ধোনী
প্ৰকাশ খেলুৱৈৰ তালিকা

ধোনী আছিল কণ্ট্ৰেক্ট তালিকাৰ A শাখাত ৷ য’ত এগৰাকী খেলুৱৈয়ে বছৰি 5 কোটিকৈ টকা লাভ কৰে ৷ ভাৰতৰ বৰ্তমানৰ অধিনায়ক বিৰাট কোহলী,ৰোহিত শৰ্মা আৰু যশপ্ৰীট বুমৰা আছিল A+ শাখাত ৷ য’ত একোজন খেলুৱৈয়ে লাভ কৰে 7 কোটি টকা ৷

ভৱিষ্যত শংকটত ধোনীৰ

ক্ৰম অনুযায়ী বিভিন্ন শাখাত থকা ক্ৰিকেটাৰসকল হৈছে -
A+ শাখা : (7 কোটি)
বিৰাট কোহলী, ৰোহিত শৰ্মা, যশপ্ৰীট বুমৰা

A শাখা : (5 কোটি)
ৰৱিচন্দ্ৰন অশ্বিন, ৰৱীন্দ্ৰ জাদেজা, ভূৱনেশ্বৰ কুমাৰ, চেটেশ্বৰ পূজাৰা, আজিংক্যা ৰাহানে, কে. এল. ৰাহুল, শিখৰ ধৱন, মঃ ছামী, ইশান্ত শৰ্মা, কুলদ্বীপ যাদৱ আৰু ঋষভ পণ্ট ৷

B শাখা : (3 কোটি)
ঋদ্ধিমান সাহা, উমেশ যাদৱ, যুজবেন্দৰ চাহাল, হাৰ্দিক পাণ্ডিয়া, আৰু মায়াংক আগৰৱাল ৷

C শাখা : (1 কোটি)
কেদাৰ যাদৱ, নৱদ্বীপ সেইনী, দ্বীপক চহৰ,মনীষ পাণ্ডে,হনুমা বিহাৰী,চাৰদুল ঠাকুৰ,শ্ৰেয়াস আয়াৰ আৰু ৱাশ্বিংটন সুন্দৰ ৷

লগতে চাওকঃখেলো ইণ্ডিয়াঃ ভাৰত্তোলনত ব্ৰঞ্জ আজুৰিলে অসমৰ চিত্ৰাপ্ৰভাই

Hyderabad: As BCCI excludes India's former World Cup-winning captain Mahendra Singh Dhoni from its annual contract it looks like the end of the road for the Captain Cool So let's have a look at memorable moments from his extraordinary career.
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.