Sheikh Hasina on Conspiracy: মোক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰ ৰচিছে: প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা

author img

By

Published : Aug 4, 2022, 1:45 PM IST

BANGLADESH PM SHEIKH HASINA SAID CONSPIRACY TO OUST FROM POWER IS BEING INTESIFIECD

"মোক প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৷ কেৱল ইমানেই নহয়, মোৰ বিৰুদ্ধে ষড়যন্ত্ৰকাৰীসকলে ইতিমধ্যেই প্ৰস্তুতিও অতি শক্তিশালী কৰি তুলিছে ৷ বুধবাৰে ৰেড ছিক্ৰেট ছ’চাইটিৰ বাংলাদেশৰ নৱ নিৰ্বাচিত সদস্যসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত এই মন্তব্য কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই (Sheikh Hasina thinks conspiracy is going on against her government) ৷

নেশ্যনেল ডেস্ক, 4 আগষ্ট: বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাক কোনো এক ৰাজনৈতিক চক্ৰই প্ৰধানমন্ত্ৰীৰ পদৰ পৰা ক্ষমতাচ্যুত কৰাৰ ষড়যন্ত্ৰ ৰচিছে ৷ কেৱল ইমানেই নহয়, ষড়যন্ত্ৰকাৰীসকলে ইতিমধ্যেই প্ৰস্তুতিও অতি শক্তিশালী কৰি তুলিছে ৷ এই ভাষ্য খোদ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ ৷ কোন সেই ৰাজনৈতিক চক্ৰ আৰু চক্ৰটোৰ কি উদ্দেশ্য সেই বিষয়েও অৱগত বুলি উল্লেখ কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ বুধবাৰে ৰেড ছিক্ৰেট ছ’চাইটিৰ বাংলাদেশৰ নৱ নিৰ্বাচিত সদস্যসকলৰ সৈতে অনুষ্ঠিত এক বৈঠকত এই মন্তব্য কৰে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই (Sheikh Hasina thinks conspiracy is going on against her government) ৷

চৰকাৰ উৎখাত কৰাৰ ষড়যন্ত্ৰ বাংলাদেশৰ ইতিহাসত নতুন কথা নহয় ৷ পূৰ্বৰ চৰকাৰৰ পতনৰ কথা মনত পেলাই হাছিনাই কয়, "যেতিয়া দুষ্ট শক্তি ক্ষমতালৈ আহিব তেতিয়া বাংলাদেশৰ জনসাধাৰণ বিপদত পৰিব । ২১ বছৰ আগতো ঠিক তেনেকুৱাই ঘটিছিল ।" উক্ত বৈঠকত হাছিনাই নিজৰ অতীতৰ ঘটনাবোৰো সোঁৱৰা পৰিলক্ষিত হয় । "বঙ্গবন্ধুৰ মৃত্যুৰ পিছত তেওঁৰ দলৰ অৱস্থা অতি বেয়াৰ দিশলৈ গতি কৰিছিল ।" কিন্তু মই সেই সমস্যাৰ পৰাও যুঁজি ওলাই আহিলো । মই দলৰ নেতৃত্ব দিবলৈ আৰম্ভ কৰাৰে পৰা, ষড়যন্ত্ৰকাৰীসকল সদায়েই পৰাজিত হৈ আহিছে ।"

উল্লেখ্য যে, শ্বেখ মুজিবুৰ ৰহমান চমুকৈ শ্বেখ মুজিব বা বঙ্গবন্ধু , বাংলাদেশৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আৰু দক্ষিণ এছিয়াৰ আটাইতকৈ প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তিসকলৰ মাজৰ এজন আছিল । বাংলাদেশৰ বৰ্তমানৰ প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাৰ পিতৃ আছিল শ্বেখ মুজিবুৰ ৰহমান ৷

লগতে প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই কয়, বঙ্গবন্ধু আৰু তেওঁৰ পৰিয়ালৰ সদস্যক হত্যা কৰা দুৰ্বৃত্তসকলে মোৰ পৰিয়ালৰ কোনোবা এজনৰ নেতৃত্বত বাংলাদেশত শান্তি স্থাপন হোৱাটো নিবিচাৰে ৷ সেয়ে ২০১৪ চনৰ পিছত ২০১৮ চনৰ নিৰ্বাচনৰ পূৰ্বে আৱামি লীগ চৰকাৰক উফৰাই পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল কোনো এক ৰাজনৈতিক চক্ৰই । পুনৰ সেই অনুৰূপ ঘটনাই সংঘটিত কৰিবলৈ ষড়যন্ত্ৰ কৰাৰ কথা উল্লেখ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক: NESO advisor Samujjal Kumar Bhattacharjya: মৌলবাদী সংগঠনে অসমৰ বাবে ভাবুকি কঢ়িয়াই আনিছে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.