Maan ki Baat : গণ আন্দোলনৰ ৰূপ লৈছে আজাদী কা অমৃত মহোৎসৱে : প্ৰধানমন্ত্ৰী মোডী

author img

By

Published : Jul 31, 2022, 2:26 PM IST

PM Modi

আজাদী কী অমৃত মহোৎসৱত (Azadi Ka Amrit Mahotsav) দেশবাসীয়ে ব্যাপকভাৱে অংশগ্ৰহণ কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোডীয়ে সকলোকে ধন্যবাদ জ্ঞাপন কৰে । তেওঁৰ মতে গণ আন্দোলনলৈ পৰিণত হৈছে আজাদী কা অমৃত মহোৎসৱ । হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে দেশবাসীক আহ্বান ।

নেশ্যনেল ডেস্ক,৩১ জুলাই : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে 'আজাদী কা অমৃত মহোৎসৱ' এতিয়া কোনো সাধাৰণ মহোৎসৱ হৈ থকা নাই ই গণ আন্দোলনলৈ ৰূপান্তৰিত হৈছে (Azadi Ka Amrit Mahotsav turning into mass movement)। দেওবাৰে 'মন কী বাত' অনুষ্ঠানত দেশবাসীক সম্বোধন কৰি আজাদী কা অমৃত মহোৎসৱ সম্পৰ্কে এই মন্তব্য কৰে প্ৰধানমন্ত্ৰী মোডীয়ে (PM Modi on Azadi Ka Amrit Mahotsav)। মন কী বাতত (PM Modi Interacts with Nation in Mann Ki Baat) তেওঁ উল্লেখ কৰা মতে আজাদী কা অমৃত মহোৎসৱৰ অধীনত ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ দেশজুৰি হৰ ঘৰ তিৰংগা কাৰ্যসূচীৰ (Har Ghar Tiranga mission in India) আয়োজন কৰা হৈছে ।

এই কাৰ্যসূচীৰ সফল ৰূপায়ণত সহায় কৰিবলৈ দেশবাসীক প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বানো জনায় । সকলোকে নিজৰ নিজৰ ঘৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি এই আন্দোলনক আগবঢ়াই নিবলৈও মোডীয়ে দেশবাসীক আহ্বান জনায় । লগতে সকলোকে ২ আগষ্টৰ পৰা ১৫ আগষ্টলৈ ৰাষ্ট্ৰীয় পতাকাক সামাজিক মাধ্যমৰ প্লেটফৰ্মত তেওঁলোকৰ একাউণ্টৰ প্ৰ'ফাইল ছবি হিচাপে ৰাখিবলৈও তেওঁ আহ্বান জনায় ।

প্ৰধানমন্ত্ৰীয়ে কয় যে, আজাদী কা অমৃত মহোৎসৱে এক গণ আন্দোলনৰ ৰূপ লোৱাত তেওঁ যথেষ্ট সুখী হৈছে । প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাসীক ধন্যবাদ জ্ঞাপন কৰি কয় যে সকলো ক্ষেত্ৰৰ আৰু সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহে সমগ্ৰ দেশৰ বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে । ভাৰতে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰাৰ সময়ত সকলোৱে এক গৌৰৱময় আৰু ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ'বলৈ গৈ আছে বুলিও তেওঁ উল্লেখ কৰে ।

লগতে পঢ়ক :মোডী চৰকাৰে দেশত মৌলিক পৰিৱৰ্তন আনিছে : নিৰ্মলা সীতাৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.