৩ লাখ টকাৰ ঋণ বিচৰা অটো চালকৰ হাতলৈ হঠাৎ আহিল 25 কোটি টকা

author img

By

Published : Sep 18, 2022, 10:26 PM IST

৩ লাখ টকাৰ ঋণ বিচৰা অটো চালকৰ হাতলৈ হঠাৎ আহিল 25 কোটি টকা

এজন অটো-ৰিক্সা চালক আৰু 25 কোটি টকা ৷ সাধু সাধু যেন লগা ঘটনাটো কেৰালাৰ ৷ ভাগ্যই কাক কেতিয়া কিদৰে সহায় কৰে, তাকে জানিবলৈ সত্য ঘটনাটোৰ মাজলৈ যাওঁ আহক....

নিউজ ডেস্ক, 18 ছেপ্টেম্বৰ: কাৰ কপালত কি লিখা থাকে কোনে জানে ? ভাগ্যই কেতিয়া কাক ক’লৈ টানি নিয়ে সেয়াও কোনেও নাজানে ৷ এই মূহুৰ্তত হৈ থকাবোৰ কোন মূহুৰ্তত সলনি হৈ যাব সেয়াও একমাত্ৰ ভাগ্যইহে জানে ৷ কথাবোৰ আমি এনেদৰেই ভাবোঁ, ভাবি আহিছোঁ ৷

কেতিয়াও নেদেখা সপোন এটা যেতিয়া দিঠক হৈ ধৰা দিয়ে, তেতিয়া থিৰুৱন্তপুৰমৰ অনুপৰ দৰেই এটা কাহিনীৰ আৰম্ভ হয় ৷ ৩ লাখ টকাৰ ঋণ বিচাৰি বেংকলৈ তাঁতবাতি কঢ়াৰ পাছত হঠাৎ যেতিয়া হাতলৈ কোটি কোটি টকা বিনা পৰিশ্ৰমত আহে, তেনেধৰণৰ খবৰ নিশ্চয় আমোদজনকেই হ’ব ৷ সত্য ঘটনাটোৰ ভিতৰলৈ যাওঁ আহক...

থিৰুৱন্তপুৰমৰ শ্ৰীৱাৰাহাম নামৰ সৰু ঠাইখনৰ এজন অটো-ৰিক্সা চালক ৷ নাম তেওঁৰ অনুপ ৷ অটো-ৰিক্সা চলাই কোনোমতে পৰিয়ালটো পোহপাল দি আছিল অনুপে ৷ অটো-ৰিক্সাখনৰ জৰিয়তে হোৱা আয়েৰে পৰিয়ালটো পোহৰপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে অনুপ ৷ সেয়ে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিলে অনুপ নামৰ কৰ্মোদ্যমী যুৱকজনে ৷ মালয়েছিয়ালৈ ৰান্ধনী হিচাবে গৈ আয়ৰ চিন্তা কৰিলে অনুপে ৷

কিন্তু ইমান দূৰলৈ যোৱাটো যথেষ্ট খৰচী৷ সেয়ে বেংকৰ পৰা ঋণ বিচাৰি আবেদন জনালে অনুপে ৷ বেংকলৈ অহা-যোৱাও কৰিলে বহুদিন ৷ ইতিমধ্যে যথেষ্ট পলমো হৈছিল অনুপৰ ৷ সেই সময়তে এক লটাৰী কেলৰ টিকটো সংগ্ৰহ কৰিছিল অনুপে ৷ দেওবাৰে খেলখন অনুষ্ঠিত হ’ল ৷ কিন্তু লটাৰী খেলখনত অনুপ জিকিব বুলি অলপো আশাবাদী নাছিল ৷ সেয়েহে বিশেষ গুৰুত্বও দিয়া নাছিল ৷ খেলখনৰ ফলাফল টেলিভিশ্যনতো দিয়া হৈছিল যদিও চোৱা নাছিল অনুপে ৷ অনুপ যে জয়ী নহয়, একপ্ৰকাৰৰ নিশ্চিতই আছিল ৷

কিন্তু স্বভাৱসুলভাৱেই মোবাইল ফোনটো চাই আছিল অনুপে ৷ মোবাইল ফোন নহয় যেন সেইটো আলাউদ্দিনৰ চাকিহে ৷ যাৰ পোহৰত জিলিকি উঠিল ধনৰ অভাৱে হাঁহি কাঢ়ি নিয়া অনুপৰ মুখ ৷ সেই সময়তে বেংকৰ পৰা ফোনকল আহিল অনুপলৈ ৷ অনুপে আবেদন জনোৱা ঋণটো অনুমোদন হ’ল ৷ তাকেই জনালে বেংক কৰ্তৃপক্ষই ৷ অৱশ্যে এই খবৰ লাভ কৰিও ঋণটো নালাগে বুলি বেংক কৰ্তৃপক্ষক জনালে অনুপে ৷

ইমান দিনে তাঁতবাতি কঢ়াৰ পাছত ঋণটো হ’ল যদিও গ্ৰহণ নকৰোঁ বুলি কোৱাত স্বাভাৱিকতেই আচৰিত হ’ল বেংকৰ কৰ্মচাৰীজন ৷ ইয়াৰ পাছতে অনুপে জনালে যে তেওঁ ইতিমধ্যে ২৫ কোটি টকাৰ লটাৰী জিকিল (Kerala auto rickshaw driver won Lottery) ৷ গতিকে বেংকে ঋণ হিচাবে দিয়া 3 লাখ টকাৰ প্ৰয়োজন নাই অনুপৰ ৷ আচৰিত যেন লাগিলেও এই ঘটনাই এক নতুনৰ সন্ধান দিলে অনুপক ৷ অনুপে এতিয়া অটো-ৰিক্সা নচলোৱাই নহয়, মালয়েছিয়ালৈও ৰান্ধনী হিচাবে নাযায় ৷ গ’লে প্ৰমোদ বিহাৰৰ বাবেহে যাব ৷

অনুপৰ এই ঘটনাত অবাক হৈ পৰিল সকলো ৷ সাংবাদিকো কাষ চাপিল অনুপৰ ৷ সাংবাদিকে বহু প্ৰশ্ন কৰিলে অনুপক ৷ উত্তৰত অনুপে কৈ গ’ল এনেদেৰে, ‘‘যিটো টিকটৰ বাবে মই জয়ী হৈছোঁ সেই টিকটটো মোৰ প্ৰথম পচন্দ নাছিল ৷ বেলেগ এটা টিকট ক্ৰয় কৰিছিলোঁ ৷ দ্বিতীয় বাৰতহে এই টিকটটো ক্ৰয় কৰিছিলোঁ (তাতো ভাগ্যৰ সংগ)৷ বিগত 22 বছৰে লটাৰীৰ টিকট ক্ৰয় কৰি আহিছোঁ মই ৷ কিন্তু আজিলৈকে সৰ্বাধিক 5,000 টকালৈকে জিকিছোঁ ’’৷

অপ্ৰত্যাশিত পৰিমাণৰ টকা লাভ কৰি তেওঁ কি কৰিব বিচাৰে বুলি সোধাত অনুপে কয় যে তেওঁ প্ৰথমে পৰিয়ালটোৰ বাবে এটা ঘৰ নিৰ্মাণ কৰিব ৷ ধাৰ অলপ আছে, সেইখিনি পৰিশোধ কৰিব ৷ ইয়াৰোপৰি তেওঁৰ আত্মীয়সকলক সহায় কৰিব আৰু কেৰালাত সৰুকৈ হোটেলৰ ব্যৱসায় আৰম্ভ কৰিব ৷ উল্লেখ্য যে, কৰ কৰ্তন কৰাৰ পিছত অনুপে সম্ভৱতঃ প্ৰায় 15 কোটি টকাহে ঘৰলৈ লৈ যাব পাৰিব (25 crore Onam bumper lottery in Kerala)।

লগতে পঢ়ক: কিয় ন্যায়ালয়ৰ কাষ চপাৰ ভাবুকি দিলে ইমাম পৰিষদে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.