Repeal AFSPA from North East: আফচপা প্ৰত্যাহাৰৰ প্ৰতি সমৰ্থন নিনং এৰিঙৰ

author img

By

Published : Dec 7, 2021, 9:37 PM IST

Repeal AFSPA from North East

AFSPA সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য অৰুণাচলৰ কংগ্ৰেছ বিধায়ক নিনং এৰিঙৰ (Ninong Ering comments on AFSPA)৷ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বৰ্তমান প্ৰৱৰ্তন হৈ থকা এই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে সংসদৰ মজিয়াত বিশদভাৱে আলোচনা হোৱা উচিত বুলি মন্তব্য কৰে বিধায়কগৰাকীয়ে (Demands to repeal AFSPA from North East)।

তেজপুৰ, ৭ ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ তিৰু গাঁৱত উগ্ৰপন্থী বিৰোধী অভিযানত ১৪ জনকৈ সাধাৰণ লোকৰ নিৰাপত্তা বাহিনীৰ হাতত মৃত্যু হোৱাৰ পিছতে সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন AFSPA ক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Ambush in Nagaland)। অৰুণাচল প্ৰদেশৰ বৰ্তমানৰ কংগ্ৰেছৰ বিধায়ক তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী নিনং এৰিঙে এই বিষয়ে মন্তব্য কৰি কয় যে, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত বৰ্তমান প্ৰৱৰ্তন হৈ থকা এই সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইনৰ বিৰুদ্ধে সংসদৰ মজিয়াত বিশদভাৱে আলোচনা হোৱা উচিত(Ninong Ering urges to repeal AFSPA in North East India) ।

উত্তৰ-পূৰ্বাঞ্চলৰ মনোনীত সাংসদ সকলক সৰ্বত্ৰে এই বিষয়টো সংসদত উত্থাপন কৰি পুনৰ আলোচনা কৰিবলৈ আহ্বান জনাইছে (Discussion on AFSPA in parliament) । তেওঁ কয় যে, ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ একাংশ মুখ্যমন্ত্ৰীয়ে সমগ্ৰ বিষয়টো সজোৰে নাকচ কৰিছে (Demands to repeal AFSPA from North East)। আনহাতে সাংসদত সোমবাৰে এই বিষয়ে একাংশ সংসদে মন্তব্য আগবঢ়াইছে ।

আফচপা প্ৰত্যাহাৰৰ প্ৰতি সমৰ্থন নিনং এৰিঙৰ

এৰিঙে কয় যে, মন জিলাৰ ঘটনা দুৰ্ভাগ্যজনক, ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে সদনত বক্তব্য ৰাখিছে আৰু উচ্চ ক্ষমতা সম্পন্ন এক কমিটি গঠন কৰাৰ নিৰ্দেশ জাৰি কৰিছে ।

ইয়াৰ উপৰিও তেওঁ সাংসদ সকলক এক গোট হৈ সংসদৰ মজিয়াত বিষয়টো উত্থাপন কৰাৰ বাবে আহ্বান জনাইছে । তেওঁ অৰুণাচল প্ৰদেশৰ তিনিখন জিলাত এই আইন প্ৰৱৰ্তন হৈ থকাৰ বাবে গাঁওবাসীয়ে এনে সমস্যাৰ সন্মুখীন হোৱা বুলি উল্লেখ কৰে ।

উল্লেখযোগ্য, সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন 1958 হৈছে ভাৰতৰ সংসদৰ এক কাৰ্য যি ভাৰতীয় সশস্ত্ৰ বাহিনীক "অশান্ত অঞ্চল"ত ৰাজহুৱা শৃংখলা বজাই ৰখাৰ বাবে বিশেষ ক্ষমতা প্ৰদান কৰা হয় (AFSPA imposed in North East India) । বিচলিত অঞ্চলত (বিশেষ আদালতত) এই আইন, 1976 চন অনুসৰি এবাৰ 'বিচলিত' বুলি ঘোষণা কৰা হৈছিল ৷ উক্ত অঞ্চলটোত নিম্নতম 3 মাহৰ বাবে স্থিতি বজাই ৰাখিব লাগিব ।

AFSPA ১৯৫৮ চনৰ ১১ ছেপ্টেম্বৰত গৃহীত এনে এক আইন যি সেই সময়ৰ অবিভক্ত অসমৰ অংশ নাগা পাহাৰৰ ক্ষেত্ৰত প্ৰযোজ্য আছিল । পৰৱৰ্তী দশকবোৰত ই ভাৰতৰ উত্তৰ-পূৱৰ আন সাতখন ৰাজ্যলৈ বিয়পি পৰে ৷ বৰ্তমান এই আইন অসম, নাগালেণ্ড, মণিপুৰ (ইম্ফল পৌৰ পৰিষদ এলেকা), অৰুণাচল প্ৰদেশৰ চাংলাং, লংডিং, তিৰাপ জিলা আৰু অসমৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ জিলাৰ আঠখন আৰক্ষী থানাৰ অধীনৰ ক্ষেত্ৰৰ ভিতৰত থকা অঞ্চলসমূহত বলবৎ হৈ আছে ।

লগতে পঢ়ক : Armed Forces Special Powers Act নালাগে শান্তিপূৰ্ণ নাগালেণ্ডত :নেফিঅ’ ৰিঅ’

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.