New Election Commissioner: ভাৰতৰ নতুন নিৰ্বাচনী আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ অৰুণ গোৱেলৰ

author img

By

Published : Nov 21, 2022, 8:44 PM IST

Arun Goel takes over as new Election Commissioner of India

পঞ্জাৱ কেডাৰৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া অৰুণ গোৱেলে সোমবাৰে নিৰ্বাচনী আয়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ কৰে (Arun Goel takes over as new Election Commissioner of India)৷

নেশ্যনেল ডেস্ক, 21 নৱেম্বৰ: পঞ্জাৱ কেডাৰৰ অৱসৰপ্ৰাপ্ত আইএএছ বিষয়া অৰুণ গোৱেলে সোমবাৰে নিৰ্বাচনী আয়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ কৰে (Arun Goel takes over as new Election Commissioner of India)৷ নিৰ্বাচন আয়োগে এক বিবৃতি অনুসৰি এই কথা ঘোষণা কৰে ৷ গোৱেলে মুখ্য নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু নিৰ্বাচনী আয়ুক্ত অনুপ চন্দ্ৰ পাণ্ডেৰ সৈতে নিৰ্বাচনী আয়োগত যোগদান কৰিব ৷

আইন আৰু ন্যায় মন্ত্ৰী কিৰেণ ৰিজিজুৱে (Minister of Law and Justice Kiren Rijiju) ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে (President Droupadi Murmu) কৰা নিযুক্তিৰ বিষয়ে অৱগত কৰি কয়, "ৰাষ্ট্ৰপতিয়ে অৰুণ গোৱেল, আইএএছ (অৱসৰগ্ৰহণ) ক নিৰ্বাচন আয়োগত নিৰ্বাচনী আয়ুক্ত (New Election Commissioner) হিচাপে নিযুক্তি দিয়াত আমি নথৈ আনন্দিত হৈছো ।"

যোৱা মে’ মাহৰ পৰা সুশীল চন্দ্ৰই মুখ্য নিৰ্বাচন আয়ুক্ত পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পিছতে তিনিজনীয়া আয়োগখনত এজন নিৰ্বাচনী আয়ুক্তৰ পদ খালী হৈ আছিল ৷ গোৱেলক নিৰ্বাচনী আয়োগলৈ স্বাগতম জনাই কয় যে, গোৱেলৰ বিশাল আৰু বৈচিত্ৰপূৰ্ণ প্ৰশাসনিক অভিজ্ঞতাই নিৰ্বাচনী প্ৰক্ৰিয়া অধিক সামগ্ৰিক, সুলভ আৰু অংশগ্ৰহণমূলক হোৱাটো নিশ্চিত কৰাৰ ক্ষেত্ৰত আয়োগৰ প্ৰচেষ্টা শক্তিশালী কৰিব ৷

১৯৮৫ চনৰ পঞ্জাৱ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া গোৱেলে ৩১ ডিচেম্বৰত অৱসৰ লোৱাৰ কথা আছিল ৷ কিন্তু যোৱা 18 নৱেম্বৰত গোৱেলৰ স্বেচ্ছামূলক অৱসৰ কাৰ্যকৰী হৈছিল ৷ ২০২৫ চনৰ ফেব্ৰুৱাৰীত কুমাৰৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিছত গোৱেলে পৰৱৰ্তী মুখ্য নিৰ্বাচন আয়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: Gujarat Assembly polls: 5 কোটি ভোটাৰে সাব্যস্ত কৰিব ভোটাধিকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.