Arunachal chopper crash: পশ্চিম কামেং জিলাত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

author img

By

Published : Mar 16, 2023, 3:08 PM IST

Indian Army chopper crash news

উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশত ছমাহৰ ভিতৰত তৃতীয়টো হেলিকপ্টাৰ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে পুৱা প্ৰায় 9.15 বজাত দৈনন্দিন উৰণৰ সময়তে ৰাডাৰৰ পৰা বিচ্ছিন্ন হয় ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ ৷ চপাৰখনত সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়া, ক্ৰু মেম্বাৰ আৰু পাইলট আছিল (Indian Army chopper crash news) ৷

তেজপুৰ, ১৬ মাৰ্চ: অৰুণাচল প্ৰদেশত আন এক হেলিকপ্টাৰ দুৰ্ঘটনা ৷ বৃহস্পতিবাৰে পুৱা অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলাত ভাৰতীয় সেনাৰ এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হয় ৷ ভাৰতীয় সেনাৰ প্ৰতিৰক্ষা মুখপাত্ৰ লেঃ কৰ্ণেল মহেন্দ্ৰ ৰাৱাতে জনায় যে, দৈনন্দিন উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় চপাৰখন ৷ ৰাজ্যখনত বিগত ছমাহৰ ভিতৰত এয়া তৃতীয়টো হেলিকপ্টাৰ দুৰ্ঘটনা ৷

সেনাৰ সূত্ৰ অনুসৰি পুৱা ৯.১৫ বজাত মাণ্ডালাৰ ওচৰত ৰাডাৰৰ পৰা সংযোগ বিচ্ছিন্ন হয় চপাৰখনৰ ৷ সংযোগৰ বাহিৰলৈ যোৱাৰ সময়ত চপাৰখনত সেনাবাহিনীৰ এজন জ্যেষ্ঠ বিষয়া, ক্ৰু মেম্বাৰ আৰু পাইলট আছিল ৷ পিচত প্ৰকাশ পায় যে ৰাজ্যখনৰ পশ্চিম কামেং জিলাৰ ডিৰাঙৰ ওচৰত চপাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় (Army chopper crashes at West Kameng) ৷

লগতে পঢ়ক: HSLC question paper leak : ১০০ টকাতো বিক্ৰী হৈছিল প্ৰশ্নকাকত !

এই ঘটনাৰ পাচতেই ভাৰতীয় সেনাৰ স্থল বাহিনীৰে গঠিত এটা অনুসন্ধান দল অঞ্চলটোলৈ প্ৰেৰণ কৰা হৈছে বুলি প্ৰতিৰক্ষা মুখপাত্ৰৰ সূত্ৰই প্ৰকাশ কৰিছে ৷ কিন্তু ডিৰাঙৰ স্থানীয় সূত্ৰই জনোৱা মতে, অঞ্চলটোৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰত্বত থকা মাণ্ডলা ফালৰ পৰা কিছু ধোঁৱা ওলাই অহা দেখা গৈছে ৷ এই তথ্যৰ ভিত্তিতে অৰুণাচল প্ৰদেশৰ আৰক্ষীৰ এটা দলো পশ্চিম বিলাপ জিলাৰ ১০০ টা বুদ্ধ স্তুপ থকা পবিত্ৰ স্থান মণ্ডলা অভিমুখে আগবাঢ়িছে (Cheetah chopper crash in Arunachal) ৷

দুখৰ বিষয় যে, অৰুণাচল প্ৰদেশত যোৱা ছমাহত সংঘটিত হোৱা হেলিকপ্টাৰ দুৰ্ঘটনাৰ এয়া তৃতীয়টো ঘটনা ৷ যোৱা বছৰৰ অক্টোবৰ মাহত আপাৰ ছিয়াং জিলাৰ এখন গাঁৱত এখন সামৰিক চপাৰ দুৰ্ঘটনাগ্ৰস্ত হৈছিল ৷ সেই দুৰ্ঘটনাৰ সময়তো তাৎক্ষণিকভাৱে অনুসন্ধান আৰু উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু দুৰ্ঘটনাস্থলীলৈ দল প্ৰেৰণ কৰা হয় ৷ দুৰ্ঘটনাটোত ৪ জন লোক নিহত হৈছিল (Arunachal Helicopter crash news) ৷

লগতে পঢ়ক: MHA in Rajya Sabha : বিগত ৩ বছৰত অসম ৰাইফলছকে ধৰি আন ৩ সংস্থাত ৪৩৬ কৰ্মচাৰীৰ আত্মহত্যা

অক্টোবৰ মাহতে অৰুণাচল প্ৰদেশৰ টাৱাঙৰ ওচৰত ভাৰতীয় সেনাৰ আন এখন চিতা হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ বিমানখনত থকা দুজন পাইলট নিহত হয় । চীন সীমান্তৰ ওচৰৰ জিলাখনৰ এটা ফৰৱাৰ্ড এলেকাত ৰুটিন ছৰ্টীৰ সময়ত সংঘটিত হৈছিল এই দুৰ্ঘটনা (Indian Army chopper crash news) ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.