Amritpal Singh arrested: খালিস্তানী নেতা অমৃতপাল সিঙক গ্ৰেপ্তাৰ

author img

By

Published : Mar 18, 2023, 4:41 PM IST

Updated : Mar 18, 2023, 5:08 PM IST

Amritpal Singh arrested

খালিস্তানী সমৰ্থক অমৃতপাল সিঙক গ্ৰেপ্তাৰ ৷ শনিবাৰে পঞ্জাৱ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অমৃতপাল সিঙসহ তেওঁৰ 6 সহযোগীক ৷ খালিস্তান পন্থী ‘ৱাৰিছ পাঞ্জাৱ দে’ (Waris Punjab De) নামৰ সংগঠনটোৰ মুৰব্বী আছিল অমৃতপাল সিং ৷

নেশ্যনেল ডেস্ক, 18 মাৰ্চ: খালিস্তানী সমৰ্থকৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষীৰ অভিযান ৷ অভিযানত খালিস্তানী সমৰ্থম অমৃতপাল সিঙৰ লগতে 6 সহযোগীক গ্ৰেপ্তাৰ ৷ পঞ্জাৱৰ আজনালা নামৰ এখন আৰক্ষী থানাত আক্ৰমণ সংঘটিত কৰাৰ গোচৰত শনিবাৰে গ্ৰেপ্তাৰ কৰা হয় আটাইকে ৷ জলন্ধৰৰ মেহতপুৰ নামৰ অঞ্চলৰ পৰা এখন বাহনেৰে গৈ থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে পঞ্জাৱ আৰক্ষীয়ে (Amritpal Singh Arrested) ৷

জানিব পৰা মতে, কোনো এক নিৰ্দিষ্ট অঞ্চললৈ কট্টৰ খালিস্তানী সমৰ্থন অমৃতপাল সিং গৈ থকাৰ খবৰ লাভ কৰিছিল আৰক্ষীয়ে ৷ সেই খবৰৰ ভিত্তিতেই পঞ্জাৱ আৰক্ষীৰ প্ৰায় 100 খন বাহনে অনুসৰণ কৰিছিল অমৃতপাল সিং গৈ থকা বাহনখনক ৷ আৰক্ষীৰ অভিযান উমান পায় এটা লিংক ৰোডেৰে অমৃতপাল সিং আৰু তেওঁৰ 6 সহযোগী পলায়নৰ চেষ্টা কৰে যদিও জলন্ধৰৰ নাকোদাৰ নামৰ অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে ৷ অমৃতপাল সিঙৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি অঞ্চলটোত অপ্ৰীতিকৰ পৰিস্থিতি উদ্ভৱ হোৱাৰ আশংকা কৰি পঞ্জাৱ আৰক্ষীয়ে বন্ধ কৰি দিছে অঞ্চলটোৰ ইণ্টাৰনেট সেৱা (Khalistan supporter Amritpal Singh arrested) ৷

খালিস্তান পন্থী ‘ৱাৰিছ পাঞ্জাৱ দে’ (Waris Punjab De) নামৰ সংগঠনটোৰ মুৰব্বী আছিল অমৃতপাল সিং ৷ অমৃতপাল সিঙৰ বিৰুদ্ধে ইতিমধ্যেই ৰুজু হৈ আছে তিনিটাকৈ গোচৰ ৷ ইয়াৰ দুটা গোচৰ পঞ্জীয়ন হৈ আছে অমৃতসৰ জিলাৰ আজনালা আৰক্ষী থানাত ৷ উল্লেখ্য যে, ‘ৱাৰিছ পাঞ্জাৱ দে’ নামৰ সংগঠনটোৰ এজন সদস্যক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাক কেন্দ্ৰ কৰি বিগত ফেব্ৰুৱাৰী মাহৰ 23 তাৰিখে অমৃতপাল সিং আৰু তেওঁৰ সহযোগীয়ে আজনালা থানাত আক্ৰমণ সংঘটিত কৰিছিল ৷ কিন্তু এই আক্ৰমণৰ পাচতো আৰক্ষীয়ে গ্ৰহণ কৰা নাছিল কোনো ব্যৱস্থা ৷ যাৰবাবে ব্যাপক সমালোচনাৰ সন্মুখীন হ’ব লগা হৈছিল পঞ্জাৱ আৰক্ষী (Punjab Police arrested Amritpal Singh) ৷

উল্লেখ্য যে, অমৃতপালে শনিবাৰে শ্বাহকোট-মালচিয়ান অঞ্চলৰ জলন্ধৰ-মোগা ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত আৰু বাথিণ্ডা জিলাৰ ৰামপুৰা ফলত এক অনুষ্ঠানত অংশগ্ৰহণ কৰে ৷ এই অনুষ্ঠানৰ খবৰ লাভ কৰি অমৃতপালক গ্ৰেপ্তাৰৰ বাবে পূৰ্বৰে পৰা সষ্টম হৈ আছিল আৰক্ষী ৷ যাৰবাবে শুকুৰবাৰে নিশাৰ ভিতৰতে বিভিন্ন জিলাৰ পৰা যথেষ্ঠ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ লোকক মাতি অনা হৈছিল ৷ অৱশেষত বিয়লিৰ ভাগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অমৃতপাল সিং আৰু তেওঁৰ 6 সহযোগীক (Khalistan leader Amritpal Arrested) ৷

লগতে পঢ়ক: Encounter in Pulwama: জম্মু-কাশ্মীৰৰ পুলৱামাত এনকাউণ্টাৰৰ ঘটনা, এজন সন্ত্ৰাসবাদী নিহত

Last Updated :Mar 18, 2023, 5:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.