Nagaland Firing Incident: নাগালেণ্ডৰ ঘটনাক ‘ভুল পৰিচয়ৰ ঘটনা' আখ্যা গৃহমন্ত্ৰীৰ

author img

By

Published : Dec 6, 2021, 7:52 PM IST

Case of mistaken idenntity, says HM Amit Shah on Nagaland civilian killing

নাগালেণ্ডত সেনাৰ গুলিত নগা যুৱকৰ মৃত্যুৰ ঘটনাক (Nagaland Firing Incident) ‘ভুল পৰিচয়ৰ এটা ঘটনা’ অৰ্থাৎ ‘a case of mistaken indentity’ বুলি মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ৷ সোমবাৰে লোকসভাৰ মজিয়াত নাগালেণ্ডৰ ঘটনাই চৰ্চালাভ কৰাৰ সময়তেই এই মন্তব্য কৰে শ্বাহে ৷

নেশ্যনেল ডেস্ক, 6 ডিচেম্বৰ : সোমবাৰে লোকসভাৰ মজিয়াত বিশেষভাৱে স্থান লাভ কৰে নাগালেণ্ডৰ গুলিয়াগুলীৰ ঘটনাই ৷ এই ঘটনাক লৈ শাসক পক্ষক তীব্ৰ প্ৰশ্নবাণেৰে থকা সৰকা কৰে বিৰোধীয়ে ৷ বিৰোধীৰ এই প্ৰশ্নৰ উত্তৰতে নাগালেণ্ডৰ ঘটনাক ‘ভুল পৰিচয়ৰ ঘটনা’ অৰ্থাৎ ‘a case of mistaken identity’ বুলি মন্তব্য কৰে (Amit Shah terms Mon killings to be case of mistaken identity) ৷ শনিবাৰে নিশা নাগালেণ্ডৰ মন জিলাত সেনাৰ এম্বুছ অভিযানত নিহত হৈছিল কেইবাগৰাকীয়ো নগা যুৱক ৷ বিদ্ৰোহী সংগঠন এন এছ ছি এন (NSCN)ৰ সদস্যৰ সন্দেহতে গুলিচালনা কৰিছিল সেনাই ৷

শ্বাহে লগতে কয়, সেনাই যিখন বাহনলৈ লক্ষ্য কৰি গুলিচালনা কৰিছিল সেই বাহনখনত বিদ্ৰোহী সংগঠনটোৰ সদস্য থকাৰ সন্দেহ প্ৰকাশ কৰা হৈছিল ৷ সেনাই বাহনখনক ৰ’বলৈ নিৰ্দেশ দিয়াৰ পিছতো তেওঁলোকে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চালাইছিল যাৰ পিছতে গুলিচালনা কৰে সেনাই ৷

শ্বাহে কয়, "সেনাই ম'ন জিলাৰ অ’টিঙত বিদ্ৰোহী সংগঠনৰ উপস্থিতিৰ তথ্য লাভ কৰিছিল ৷ ইয়াৰ ওপৰত ভিত্তি কৰিয়েই 21 গৰাকী সেনাই সন্দেহযুক্ত অঞ্চলটোত এম্বুছ অভিযান চলাইছিল ৷ এখন বাহন তাত উপস্থিত হয় ৷ সেনাৰ দলটোৱে বাহনখনক ৰ’বলৈ নিৰ্দেশ প্ৰদান কৰে যদিও তেওঁলোকে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা চলায় ৷ বাহনখনত বিদ্ৰোহী সংগঠছন সদস্য থকাৰ সন্দেহতেই সেনাই গুলিচালনা কৰে ৷"

তেওঁ লগতে উল্লেখ কৰে, বাহনখনত থকা ৮ গৰাকী লোকৰ ৬ গৰাকীৰ ঘটনাস্থলীতে নিহত হয় ৷ আনহাতে আহত আন দুগৰাকী লোকক স্থানীয় স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় ৷ এই বাতৰি পোৱাৰ পিছতে স্থানীয় গাঁওবাসীয়ে সেনাৰ দলটোক আগুৰি ধৰি সেনাৰ দুখনকৈ বাহনত অগ্নি সংযোগ কৰে আৰু তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় ৷

গৃহমন্ত্ৰী অমিত শ্বাহে কয়, নাগালেণ্ডৰ পৰিস্থিতি উদ্বেগজনক যদিও নিয়ন্ত্ৰণত আছে ৷ 5 ডিচেম্বৰত নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান আৰু কমিচনাৰে ঘটনাস্থলী পৰিদৰ্শন কৰিছে ৷ ঘটনা সন্দৰ্ভত ইতিমধ্যে FIR ৰুজু কৰা হৈছে আৰু ঘটনাৰ অনুসন্ধানৰ বাবে এক বিশেষ অনুসন্ধানকাৰী দলক দায়িত্ব অৰ্পণ কৰা হৈছে ৷ লগতে এই বিশেষ অনুসন্ধানকাৰী দলক (Special Investigation Tram) এমাহৰ ভিতৰত অনুসন্ধান সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে ৷

ঘটনাটোৰ পিছত, ৫ ডিচেম্বৰৰ সন্ধিয়া, প্ৰায় ২৫০ জন লোকৰ উত্তেজিত জনতাই মন চহৰৰ অসম ৰাইফলছৰ কোম্পানী অপাৰেটিং বেছ (চিঅ'বি) ভৱনটো জ্বলাই দিয়ে। অসম ৰাইফলছে জনতাক ছত্ৰভঙ্গ কৰিবলৈ গুলী চালনা কৰিব লগা হৈছিল। ইয়াৰ ফলত আৰু এজন লোকৰ মৃত্যু হৈছিল," তেওঁ উল্লেখ কৰে।

লগতে পঢ়ক : Nagaland Civilians Deaths : নাগালেণ্ডৰ সেনা আক্ৰমণক দুৰ্ভাগ্যজনক আখ্যা অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.