কাউন্সিলৰ হৈও বিক্ৰী কৰে ডোচা : কোন তেওঁ ?

author img

By

Published : Sep 14, 2022, 11:24 AM IST

Dosa

চত্তিশগড়ৰ অম্বিকাপুৰৰ এগৰাকী মহিলা জন প্ৰতিনিধিয়ে ডোচা বিক্ৰী কৰে (Ambikapur councilor selling dosa) । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ পৌৰ নিগম হৈছে অম্বিকাপুৰৰ পৌৰ নিগম । তেখেতৰ স্বামীও এজন প্ৰাক্তন কাউঞ্চিলাৰ ।

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : বৰ্তমান জনপ্ৰতিনিধি মানেই হৈছে বিলাসিতা । বিলাসী গাড়ী, বিলাসী ঘৰ, সম্পত্তিৰ পাহাৰ, চলন-ফুৰণত আভিজাত্য ইত্যাদি । সেয়া কোনোবা ডাঙৰ নেতা-মন্ত্ৰীয়ে হওক বা সাধাৰণ পঞ্চায়ত পৰ্যায়ৰ নেতা । কিন্তু তাৰ বিপৰীতে যদি এজন নেতা বা পাৰিষদক ডোচা বিক্ৰী কৰা দেখা যায়, আপুনি হয়তো নিশ্চয় আচৰিত হ'ব । কিয়নো বৰ্তমান কোনো লোক নেতা হোৱাৰ লগে লগে তেওঁৰ জীৱনত যিবোৰ পৰিৱৰ্তন ঘটিবলৈ আৰম্ভ কৰে, আজিৰ আমাৰ প্ৰতিবেদনত উল্লেখ কৰিব বিচৰা নেতাজন কিন্তু তাৰ সম্পূৰ্ণ বিপৰীত ।

চত্তিশগড়ৰ অম্বিকাপুৰৰ এগৰাকী মহিলা জন প্ৰতিনিধিয়ে ডোচা বিক্ৰী কৰে (Ambikapur councilor selling dosa) । পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ পৌৰ নিগম হৈছে অম্বিকাপুৰৰ পৌৰ নিগম (Ambikapur municipal corporation in Chattisgarh) । তেখেতৰ স্বামীও এজন প্ৰাক্তন কাউঞ্চিলাৰ । তেওঁ পৰিয়ালটোৰ তৃতীয়গৰাকী কাউঞ্চিলাৰ । তথাপিও কিন্তু তেওঁ এটা সৰল জীৱন যাপন কৰি আছে আৰু তেওঁৰ ডোচাৰ দোকানত নিজে ডোচা প্ৰস্তুত কৰি মানুহক খুৱায় ।

অম্বিকাপুৰ পৌৰ নিগমৰ এগৰাকী মহিলা কাউঞ্চিলাৰ হৈছে অনিতা ৰবীন্দ্ৰ গুপ্তা ভাৰতী (public representative from Ambikapur sells dosa) । কিন্তু তেওঁ অম্বিকাপুৰত ডোচা বিক্ৰী কৰে । তেওঁৰ স্বামীয়েও তেওঁক এই কামত সহায় কৰে । তেওঁলোকে একেলগে গ্ৰাহকসকলক সেৱা আগবঢ়ায় আৰু সুস্বাদু ডোচা পৰিবেশন কৰে (councilor Anita Ravindra Gupta Bharti) ।

তেওঁৰ এই সৰল জীৱন যাপনৰ প্ৰতি আকৃষ্ট হৈ ইটিভি ভাৰতৰ স্থানীয় প্ৰতিনিধি গৈ উপস্থিত হৈছিল তেওঁৰ ডোচাৰ দোকানত । অনিতা ৰবীন্দ্ৰ গুপ্তা ভাৰতীৰ সৈতে বাৰ্তালাপত তেওঁ কয়, "যদি অলপ সমাজ সেৱাৰ প্ৰতি আগ্ৰহ থাকে, তেন্তে আমি ভাবিছিলোঁ যে আমি চহৰখনৰ নাগৰিকসকলক অলপ খাদ্য আৰু পানীয় খুৱাব পাৰোঁ । তেওঁলোকেও আমি বিচৰাখিনি পোৱা উচিত । আমাৰ ৰুচি হৈছে, আমি এক উমৈহতীয়া জীৱন যাপন কৰিবলৈ ভালপাওঁ । যেনে আমি ৰাইজক ভাল সেৱা দিব পাৰোঁ । তেওঁলোকৰ সমস্যা সমাধান কৰাটো আমাৰ আগ্ৰহ ।"

আনহাতে, তেওঁৰ স্বামী ৰবীন্দ্ৰ গুপ্তা ভাৰতীয়ে ইটিভি ইণ্ডিয়াক ধন্যবাদ জনাই কয়, "মই আৰম্ভণিৰে পৰাই সমাজসেৱাৰ কামত আগ্ৰহী আছিলোঁ । আমি আমাৰ পৰিয়ালৰ পৰা ৩ বাৰ ৰাজহুৱা প্ৰতিনিধি হৈছোঁ । সমাজসেৱাৰ ক্ষেত্ৰত আমি দেখিছিলোঁ যে মানুহৰ বাবে এটা ভাল খাদ্য উপলব্ধ কৰোৱা উচিত । চহৰখনত এনে লাগিছিল যে আমি প্ৰাকৃতিক বস্তু বিশুদ্ধতাৰ সৈতে প্ৰদান কৰা উচিত আৰু তাৰ মূল্যও কম হ'ব লাগে । আমি ইয়াত বিনামূলীয়াকৈ খুৱাওঁ । আমি দৰিদ্ৰ আৰু বৃদ্ধ লোকসকলক বিনামূলীয়াকৈ ডোচা খুৱাওঁ । মূল্য ইমান কম ৰখা হৈছে যে সাধাৰণ মানুহেও ইয়াত ডোচা খাব পাৰে" ৷

আনহাতে, গ্ৰাহকসকলেও দোকানখনৰ ডোচাৰ প্ৰশংসা কৰে । এই ক্ষেত্ৰত এগৰাকী গ্ৰাহক কমলেশ চোনীয়ে কয়, "ইয়াত ডোচা খুব ভাল, চাহো খুব ভাল । কম মূল্যতে পোৱা গৈছে । এওঁ অতি কম মূল্যৰ বিনিময়ত কৰি থকা ভাল কামবোৰ বহুত ভাল হৈছে । সোৱাদো যথেষ্ট ভাল" ৷

উল্লেখ্য, ৰবীন্দ্ৰ গুপ্তা ভাৰতী আৰু তেওঁৰ পত্নীয়ে অম্বিকাপুৰৰ গান্ধীনগৰত ডোচা জোন চলায় । 40 টকাত সুস্বাদু ডোচা পৰিবেশন কৰায়, যিটো চহৰখনতকৈ যথেষ্ট কম মূল্য । দৰিদ্ৰ আৰু বৃদ্ধসকলৰ বাবে এয়া বিনামূলীয়া । বিশুদ্ধতাৰ ক্ষেত্ৰত বিশেষ যত্ন লোৱা বাবে ডোচা সম্ভাৰ মাটিৰ পাত্ৰত ৰন্ধা হয় । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, কাউঞ্চিলাৰ হোৱা বাবে গোটেই দিনটো ৱাৰ্ডৰ বাসিন্দাসকলৰ সমস্যা সমাধান কৰি উঠি তেওঁ সন্ধিয়া 5 বজাৰ পৰা আহি দোকানত ডোচা বিক্ৰী কৰে ।

লগতে পঢ়ক :KFC ৰ বাৰ্গাৰত হাতমোজা: খাদ্য সুৰক্ষা বিভাগৰ জাননী জাৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.