Anil Antony quits Congress : এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিৰ কংগ্ৰেছ ত্যাগ

author img

By

Published : Jan 25, 2023, 5:21 PM IST

Anil Antony

অনিল এণ্টনিয়ে কংগ্ৰেছ দলৰ পৰা পদত্যাগ কৰিছে (Anil Antony resigned from Congress party) । তেওঁ বাক স্বাধীনতাৰ প্ৰচাৰকসকলৰ ভণ্ডামিৰ কথা তেওঁৰ পদত্যাগৰ আঁৰৰ এটা কাৰণ হিচাপে উল্লেখ কৰিছে ।

নিউজ ডেস্ক, ২৫ জানুৱাৰী : প্ৰাক্তন প্ৰতিৰক্ষা মন্ত্ৰী এ কে এণ্টনিৰ পুত্ৰ অনিল এণ্টনিয়ে বুধবাৰে কংগ্ৰেছৰ পৰা পদত্যাগ কৰে (AK Antonys son Anil Antony quits Congress) । অনিল এণ্টনিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওপৰত বিবিচিৰ তথ্যচিত্ৰখনৰ বিৰোধিতা কৰাৰ এদিন পিছতে এই পদক্ষেপ তেওঁ গ্ৰহণ কৰে (controvery on BBC documentary on Narendra Modi) । উল্লেখ্য যে মোদীৰ ওপৰত নিৰ্মিত তথ্যচিত্ৰখন বৰ্তমান বিতৰ্কত সাঙোৰ খাই পৰিছে ।

"মই সৰ্বভাৰতীয় কংগ্ৰেছ আৰু কেৰালা কংগ্ৰেছত থকা মোৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰিছোঁ । যিসকলে বাক স্বাধীনতাৰ বাবে যুঁজ দি আছে তেওঁলোকেই অসহিষ্ণুতাৰে এটা টুইট প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে । মই অস্বীকাৰ কৰিছোঁ (AK Antonys son Anil Antony quits congress) । প্ৰেমৰ প্ৰচাৰকসকলেই ফেচবুকৰ ৱালত ঘৃণা/উৎপীড়নৰ বাৰ্তা বিয়পাই আছে । ইয়াৰ নাম হৈছে ভণ্ডামি ! জীৱন চলি থাকে । তলত পদত্যাগ পত্ৰখন পুনৰ দাখিল কৰা হৈছে ।" তেওঁ এনেদৰে টুইট কৰে (Former Defence Minister AK Antony) ।

  • I have resigned from my roles in @incindia @INCKerala.Intolerant calls to retract a tweet,by those fighting for free speech.I refused. @facebook wall of hate/abuses by ones supporting a trek to promote love! Hypocrisy thy name is! Life goes on. Redacted resignation letter below. pic.twitter.com/0i8QpNIoXW

    — Anil K Antony (@anilkantony) January 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

উল্লেখ্য, গুজৰাট সংঘৰ্ষত ৰাজ্যৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্র মোদীৰ ভূমিকাক লৈ এখন তথ্যচিত্র নিৰ্মাণ কৰিছে ব্রিটিছ সংবাদ মাধ্যম ‘বিবিচি’য়ে । সম্প্রতি সামাজিক মাধ্যমৰ পৰা উক্ত তথ্যচিত্রখন আঁতৰাই দিয়াৰ নির্দেশ দিয়ে কেন্দ্রীয় চৰকাৰে (Anil Antony opposed BBC documentary) । কংগ্রেছসহ বিৰোধী দলবোৰে ইয়াক মত প্রকাশৰ অধিকাৰত হস্তক্ষেপ বুলি কৈছে । এইবাৰ ইয়াকে লৈ কংগ্রেছৰ অভ্যন্তৰীণ কন্দল আৰু মত পার্থক্যৰ দিশটো স্পষ্ট হৈ গ'ল । যাৰ ফলত ইস্তাফা দিয়ে প্রাক্তন প্রতিৰক্ষা মন্ত্রী তথা প্রবীণ কংগ্রেছ নেতা এ কে এণ্টনিৰ পুত্র অনিল কে এণ্টনিয়ে (Anil Antony resigned from Congress) ।

‘বিবিচি’ৰ তথ্যচিত্রখন সন্দৰ্ভত যোৱা মঙলবাৰে এটি টুইট কৰি নিজস্ব মত প্ৰকাশ কৰিছিল এণ্টনি-পুত্রই । অনিলৰ এই মতকে ভালদৰে গ্ৰহণ কৰিব পৰা নাই তেওঁৰ দল কংগ্রেছে । তেওঁৰ অভিযোগ, মঙলবাৰৰ নিশাৰ পৰায়েই ভিডিঅ'টি আঁতৰাই পেলোৱাৰ বাবে চাপ দি আছে দলৰ একাংশই । এই ‘অসহিষ্ণুতা’কে মানি ল'ব পৰা নাই এণ্টনি-পুত্রই । তেওঁ কেৰালা কংগ্রেছৰ যাৱতীয় সকলো পদৰ পৰা ইস্তাফা দিয়াৰ সিদ্ধান্ত লয় ।

  • Despite large differences with BJP, I think those in 🇮🇳 placing views of BBC, a 🇬🇧 state sponsored channel with a long history of 🇮🇳 prejudices,and of Jack Straw, the brain behind the Iraq war, over 🇮🇳 institutions is setting a dangerous precedence,will undermine our sovereignty.

    — Anil K Antony (@anilkantony) January 24, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইয়াৰ পূৰ্বে মঙলবাৰে অনিলে টুইট কৰি জনাইছিল যে ভাৰতক বেয়া দৃষ্টিৰে চোৱা আৰু দেখুওৱাৰ বহু পুৰণি অভ্যাস আছে বিবিচিৰ । উক্ত তথ্যচিত্রই দেশৰ সার্বভৌমত্বকো আঘাত কৰাৰ চেষ্টা কৰিছে বুলি অভিযোগ কৰে তেওঁ । উল্লেখ্য যে অনিলৰ এই মতৰ সৈতে মিলি যায় বিদেশ মন্ত্রালয় আৰু শাসকীয় দলৰ বক্তব্যও । বিজেপিৰ তৰফৰ পৰা বাৰম্বাৰ কোৱা হৈছে, নির্দিষ্ট অভিসন্ধিৰে ভাৰতক ‘বেয়া দৃষ্টি’ৰে দেখুৱাবলৈয়ে এনে তথ্যচিত্র নির্মাণ আৰু প্রকাশ কৰা হৈছে । ইয়াৰ বিপৰীতে বিৰোধী দলবোৰে ‘প্রকৃত সত্য’ দাঙি ধৰাৰ বাবে তথ্যচিত্রখন দেশৰ সর্বত্র প্ৰদৰ্শনৰ উদ্যোগ লোৱাৰ কথাও কয় । আনহাতে, দলৰ পৰা পদত্যাগ কৰাৰ পিছত কেৰালা প্রদেশ কংগ্রেছ আৰু শশী থাৰুৰক ধন্যবাদ জনায় অনিলো । অৱশ্যে এই বিষয়ত এই পর্যন্ত প্রাক্তন কেন্দ্রীয় মন্ত্রী এ কে এণ্টনিৰ প্রতিক্রিয়া জানিব পৰা হোৱা নাই ।

উল্লেখ্য যে কংগ্ৰেছ দলে বিগত বছৰত কেইবাটাও পদত্যাগ দেখিছে । তাৰে ভিতৰত কপিল চিব্বল আৰু গুলাম নবী আজাদ আটাইতকৈ গুৰুত্বপূৰ্ণ । এই পদত্যাগসমূহে শাসকীয় বিজেপিক তীব্ৰ সমালোচনাৰো মুকলি আমন্ত্ৰণ জনোৱাৰ লেখীয়া হৈছে । যাৰ ফলত কংগ্ৰেছে 'ভাৰত জোড়ো'ৰ (Bharat Jodo) সলনি 'কংগ্ৰেছ জোড়ো'ৰ ওপৰত গুৰুত্ব দিব লাগে বুলি সবাতোকৈ পুৰণি দলটোক সমালোচনা কৰিছে ।

লগতে পঢ়ক :Police Medal Declared : আৰক্ষী বিষয়া কংকনজ্যোতি শইকীয়ালৈ ৰাষ্ট্ৰপতি পদক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.