Airline Crisis: বিগত 12 বছৰত 11 টা ব্যক্তিগত এয়াৰলাইন প্ৰতিষ্ঠানত ওলমিল তলা
Published: May 21, 2023, 9:51 PM


Airline Crisis: বিগত 12 বছৰত 11 টা ব্যক্তিগত এয়াৰলাইন প্ৰতিষ্ঠানত ওলমিল তলা
Published: May 21, 2023, 9:51 PM
2023 বৰ্ষৰ মে’ মাহৰ আৰম্ভনিতে ৱাদিয়া গ্ৰুপৰ নেতৃত্বাধীন গ’ ফাৰ্ষ্ট বিমানসেৱা বন্ধ হোৱাৰ পচতে শলঠেকত পৰিছে ভাৰতীয় বিমান পৰিবহন সেৱা ৷ যোৱা 12 বছৰত বন্ধ হোৱা এইটো 11 নং ব্যক্তিগত বিমান সেৱা প্ৰতিষ্ঠান (11 private airline companies shut down in a decade) ৷
নিউজ ডেস্ক, 21 মে’: চলিত বৰ্ষৰ মে’ মাহৰ আৰম্ভনিতে এটা জনপ্ৰিয় বিমান সেৱা প্ৰতিষ্ঠান বন্ধ হোৱাৰ পিচতে ভাৰতীয় বিমান পৰিবহন সেৱাত তোলপাৰ লাগিছে (Airline Crisis)৷ এই ব্যক্তিগত বিমান সেৱা প্ৰতিষ্ঠানটো যোৱা 12 বছৰত বন্ধ হোৱা 11 নং ব্যক্তিগত বিমান সেৱা প্ৰতিষ্ঠান আছিল (11 private airline companies shut down in a decade) ৷ ৱাদিয়া গ্ৰুপৰ নেতৃত্বত গ’ ফাৰ্ষ্টে এনএলচিটিৰ ওচৰত এক স্বেচ্ছামূলক আবেদন দাখিল কৰিছিল (Go first airline shut down) ৷
দৰাচলতে, গ’ ফাৰ্ষ্টে আমেৰিকান জেট ইঞ্জিন নিৰ্মাতা প্ৰেট এণ্ড হুইটনিক এই মন্দাৱস্থাৰ বাবে দোষাৰোপ কৰিছে । বিমান প্ৰতিষ্ঠানটোৱে অভিযোগ কৰা অনুসৰি জেট নিৰ্মাণ প্ৰতিষ্ঠানটোৱে সময়মতে ইঞ্জিন বিতৰণ নকৰাৰ বাবে গ’ ফাৰ্ষ্টে 2023 ত আধাতকৈ অধিক বিমান বাতিল কৰিব লগা হৈছিল ৷ ফলত বিমান প্ৰতিষ্ঠানটোৰ উপাৰ্জনৰ ওপৰত এই লোকচানে পোনপটীয়াকৈ প্ৰভাৱ পেলাইছিল ৷
তাৰ পিচত বিমান সেৱা প্ৰতিষ্ঠানটোৱে নিজৰ মন্দাৱস্থাৰ কথা ঘোষণা কৰিবলৈ এনএলচিটিত এখন আবেদন দাখিল কৰিছিল ৷ ইয়াৰ পিচত ডি জি চিয়ে জেট ইঞ্জিন নিৰ্মাতা প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল ।
পৰৱৰ্তী সময়ত অসামৰিক বিমান পৰিবহন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই ইঞ্জিনৰ সমস্যাৰ সৈতে যুঁজি থকা গ’ ফাৰ্ষ্টৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি চৰকাৰে সকলো সম্ভৱ সহায় আগবঢ়াব বুলি আশ্বাস দিছিল ৷ সিন্ধিয়াই যাত্ৰীসকলৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি গ’ ফাৰ্ষ্টৰ পৰা বৈকল্পিক ভ্ৰমণ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছিল ৷
গ’ ফাৰ্ষ্টে প্ৰকাশ কৰা অনুসৰি, ত্ৰুটিপূৰ্ণ পি ডব্লিউ ইঞ্জিনৰ বাবে ডিচেম্বৰ 2019 ত গ্ৰাউণ্ডিং আৰু ইয়াৰ ফ্লীটৰ 7% ৰ পৰা ডিচেম্বৰ 2020 ত 31% আৰু ডিচেম্বৰ 2022 ত 50% লৈ বৃদ্ধি হয় ৷ ফলত পি ডব্লিউ ইঞ্জিনে দিয়া আশ্বাসসমূহ পূৰণ কৰাত ব্যৰ্থ হয় । ইয়াৰ পৰিপ্ৰেক্ষিতত বিমান প্ৰতিষ্ঠানটোৱে প্ৰায় 10,800 কোটি টকাৰ বৃহৎ লোকচানৰ সন্মুখীন হৈছিল ৷ আনকি বিমান সেৱা প্ৰতিষ্ঠানৰ ফালৰ পৰা পি ডব্লিউৰ পৰা ক্ষতিপূৰণ হিচাপে 8000 কোটি টকা দাবী কৰিছিল ৷
ইয়াৰ উপৰিও, গ’ ফাৰ্ষ্টে যোৱা কেইবছৰত অকাৰ্যকৰী গ্ৰাউণ্ডেড বিমানৰ লীজ ভাড়া হিচাপে 1,600 কোটি টকা পৰিশোধ কৰিছিল ৷ 17 বছৰীয়া গ' ফাৰ্ষ্ট এয়াৰলাইনে ২৯ খন ঘৰুৱা আৰু ১০ টা আন্তঃৰাষ্ট্ৰীয় গন্তব্যস্থানলৈ ৩২ খনতকৈও অধিক বিমান পৰিচালনা কৰিছিল ৷
নৱেম্বৰ 2005 ত "গ' এয়াৰ" হিচাপে আৰম্ভ কৰাৰ পাচত গ’ ফাৰ্ষ্ট ক্ৰমান্বয়ে পঞ্চম সৰ্ববৃহৎ ব্যক্তিগত বাহক হিচাপে পৰিগণিত হৈছিল ৷ 2023 বৰ্ষৰ মে’ মাহত গ’ ফাৰ্ষ্ট বিমান পৰিবহন সেৱা বন্ধ কৰিবলৈ বাধ্য হৈছিল ৷
লগতে পঢ়ক: Congress Election Strategy Review : নিৰ্বাচনমুখী ৰাজ্যসমূহত কংগ্ৰেছৰ ৰণনীতি পৰ্যালোচনা বৈঠক
