বিলুপ্তিৰ পিছত দেশৰ মাটিত পুনৰ চিতাৰ গৰ্জন : কোলাহপুৰৰ ৰজাই কৰিছিল চিতা চিকাৰ

author img

By

Published : Sep 18, 2022, 12:43 PM IST

cheetah

ৰাজপুত ৰজা, হায়দৰাবাদৰ নবাব আৰু কোলাহপুৰৰ ৰজাসকল চিতা পালনৰ বাবে বিখ্যাত আছিল । চিতাবোৰ চিতা কাৰখানা বা চিত্তেখানাত ৰখা হৈছিল (Cheetah Karkhana or Chittekhana) । ভাৰতত অন্তিম চিতাটো ১৯৬০ চনত দেখা গৈছিল (last cheetah seen in 1960 in India) ।

নিউজ ডেস্ক, ১৮ ছেপ্টেম্বৰ : প্ৰধানমন্ত্ৰীৰ জন্মদিনত ভাৰতলৈ ঘূৰি আহিছে চিতা (Cheetahs come back in India) । সাত দশক পূৰ্বে বিলুপ্তপ্ৰায় প্ৰাণী হিচাবে ঘোষণা কৰি চিতাই পুনৰ ভাৰতৰ মাটিত ভৰি থলে । ৭০ বছৰ পূৰ্বে এই চিতা প্ৰজাতিটো ভাৰতত বিলুপ্ত হৈ গৈছিল (cheetah became extinct in India) । কিন্তু এটা সময় আছিল যেতিয়া কেৱল চিকাৰৰ বাবে কোলাহপুৰত 35 টা চিতা ৰখা হৈছিল ।

বৰ্তমান চিতাকেইটা আফ্ৰিকাৰ পৰা ভাৰতলৈ ঘূৰাই অনা হৈছে (Cheetahs brought back to India from Africa)। কিন্তু আপুনি জানেনে যে এটা সময় আছিল যেতিয়া ছত্ৰপতি শ্বাহু মহাৰাজে এই চিতাবোৰ চিকাৰৰ বাবে ৰাখিছিল । তাকো এটা বা দুটা নহয়, 35 টা চিতা তেওঁ চিকাৰৰ বাবে ৰাখিছিল (Chhatrapati Shahu Maharaj kept cheetahs for hunting) ।

চিতা যে চিকাৰৰ বাবে ব্যৱহাৰ কৰিব পাৰি সেই কথা জনাৰ পিছত কোলাহপুৰৰ শ্বাহু মহাৰাজে চিতাকেইটা চিকাৰত ব্যৱহাৰৰ বাবে ৰাখিছিল । চিকাৰত ব্যৱহাৰৰ বাবে অনা চিতাবোৰক প্ৰশিক্ষণো দিয়া হৈছিল । আনহাতে, উক্ত চিতাকেইটা নিৰীক্ষণ কৰিবলৈ শ্বাহু মহাৰাজে দুটা 'চিত্তৱান' নিয়োগ কৰিছিল । চিত্তৱানৰ অৰ্থ হৈছে চিতা ৰক্ষক (PM Narendra Modi released Cheetah) ।

কোলাহপুৰৰ ৰজাই কৰিছিল চিতা চিকাৰ
কোলাহপুৰৰ ৰজাই কৰিছিল চিতা চিকাৰ

চিতাকেইটা চিতা কাৰখানা বা চিত্তেখানাত ৰখা হৈছিল (Cheetah Karkhana or Chittekhana) । আনহাতে, চিত্তেখানা স্থাপত্য এতিয়াও কোলাহপুৰ ৰজাসকলৰ অতীত গৌৰৱৰ প্ৰমাণ হিচাপে থিয় হৈ থকা কোলাহপুৰৰ বাছ আস্থান এলেকাত দেখা যায় । চিতা ৰক্ষণাবেক্ষণ কৰা চিত্তৱানৰ বংশধৰসকলে এতিয়াও কোলাহপুৰৰ বিন্দু চক অঞ্চলত বাস কৰে ।

কোলাহপুৰৰ চিত্তেৱান গোত্ৰৰ চতুৰ্থ বংশধৰ আমজাদ চিত্তেৱানে ইটিভি ভাৰতৰ আগত প্ৰকাশ কৰা মতে, চিতাবোৰক গা ধুওৱা আৰু যত্ন লোৱাটো চিত্তেৱানসকলৰ কাম । অৱশ্যে চিকাৰ কৰাৰ বাবে চিতা বৰ্তমান বিলুপ্তিৰ পথত (Cheetah used for hunting) ।

ভাৰতত ৰাজপুত ৰজা, হায়দৰাবাদৰ নবাব আৰু কোলাহপুৰৰ ৰজাসকল চিতা পালনৰ বাবে বিখ্যাত আছিল । অৱশ্যে শ্বাহু মহাৰাজৰ মৃত্যুৰ পিছত তেওঁলোকক ভালদৰে ৰক্ষণাবেক্ষণ কৰা হোৱা নাছিল বুলি বুৰঞ্জীবিদ জয়চিনহাৰাও পাৱাৰে কয় । লগতে তেওঁ আঙুলিয়াই দিয়ে যে অন্তিম চিতাটো ১৯৬০ চনত দেখা গৈছিল (last cheetah seen in 1960 in India) ।

'এণ্ড অব এ ট্ৰেইল, দ্য চিতা অব ইণ্ডিয়া' (End of a Trail The Cheetah of India) নামৰ গ্ৰন্থখনে ভাৰতত চিতাৰ ইতিহাস উপস্থাপন কৰিছে । চিতা চিকাৰ আৰু সেইবোৰ কেনেদৰে ৰক্ষণাবেক্ষণ কৰিব লাগে কিতাপখনত ছবিত দেখুওৱা হৈছিল । অৱশ্যে ভাৰতলৈ চিতা অনাৰ বাবে বহু বছৰ ধৰি প্ৰচেষ্টা চলি আছিল ।

উল্লেখ্য, আন্তঃমহাদেশীয় স্থানান্তৰ প্ৰকল্পৰ অংশ হিচাপে নামিবিয়াৰ পৰা ৰাজস্থানৰ জয়পুৰলৈ আঠটা চিতা অনা হৈছিল । চিতা ৭০ বছৰৰ পিছত ভাৰতলৈ উভতি আহিছে । ১৯৫২ চনত আটাইতকৈ দ্ৰুততম স্থলচৰ প্ৰাণী চিতা ভাৰতত বিলুপ্ত বুলি ঘোষণা কৰা হৈছিল । আনহাতে, বৰ্তমান চিতাবোৰ চলিত বছৰৰ আৰম্ভণিতে স্বাক্ষৰিত বুজাবুজি চুক্তিৰ অধীনত নামিবিয়াৰ পৰা অনা হৈছে ।

ভাৰতত চিতাৰ পুনৰ প্ৰৱৰ্তন 'প্ৰজেক্ট চিতা'ৰ অধীনত কৰা হৈছে । যিটো চৰকাৰৰ মতে, বিশ্বৰ প্ৰথম আন্তঃমহাদেশীয় বৃহৎ বন্য মাংসভোজী প্ৰাণী স্থানান্তৰ প্ৰকল্প । 2020 চনত উচ্চতম ন্যায়ালয়ৰ (Supreme Court) নিৰ্দেশনা অনুসৰি, ভাৰতত চিতা পুনৰ প্ৰৱৰ্তনৰ তত্ত্বাৱধান ৰাষ্ট্ৰীয় ব্যাঘ্ৰ সংৰক্ষণ কৰ্তৃপক্ষ (NTCA), পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ (MoEF&CC) দ্বাৰা উচ্চতম ন্যায়ালয়ে নিৰ্ধাৰিত বিশেষজ্ঞ সমিতিৰ দ্বাৰা চোৱাচিতা কৰাৰ নিৰ্দেশনা দিয়া হৈছে ।

লগতে পঢ়ক :মধ্য প্ৰদেশৰ কুনো বনাঞ্চলত প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে চিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.