Labrador donates blood: এটা মতা ​​কুকুৰে গৰ্ভৱতী কুকুৰক কৰিলে ৰক্তদান

author img

By

Published : Mar 13, 2023, 11:23 AM IST

Dog Donated Blood To a Pregnant Dog

কৰ্ণাটকৰ হাভেৰী জিলাত এক অনন্য ঘটনা ৷ ৰক্তহীনতাত আক্ৰান্ত গৰ্ভৱতী কুকুৰক ৰক্তদান কৰে আন এটা কুকুৰে(Dog Donated Blood To a Pregnant Dog) ৷

নিউজ ডেস্ক,13 মাৰ্চ: কৰ্ণাটকৰ হাভেৰী জিলাত এক অনন্য ঘটনা ৷ মানুহ আৰু মানুহৰ সম্পৰ্ক অৱনমিত হোৱাৰ দিনতে জীৱন ৰক্ষাৰ বাবে এটা কুকুৰে গৰ্ভৱতী কুকুৰক কৰিলে ৰক্তদান ৷

কৰ্ণাটকৰ হাভেৰীত(haveri district karnataka) ৰক্তহীনতাত আক্ৰান্ত এজনী গৰ্ভৱতী কুকুৰক ৰক্তদান কৰে আন এটা কুকুৰে। এই ঘটনা হাভেৰী জিলাৰ হানগাল তালুকৰ আক্কি আলুৰ গাঁৱৰ(Akki Alur Village in India) । হাভেৰীৰ হানগাল তালুকৰ আক্কি আলুৰক ৰক্ত সৈনিকৰ গৃহ চহৰ বুলি গণ্য কৰা হয়। ইয়াত প্ৰতি ঘৰতে এজন ৰক্তদাতা পোৱা যায় । এবাৰ নহয়, কেইবাবাৰো ৰক্তদান কৰি জীৱনদাতালৈ পৰিণত হৈছে ইয়াৰ যুৱক-যুৱতীসকল । ইয়াৰ মাজতে দেওবাৰে এক বিৰল পৰিঘটনাৰ সাক্ষী হৈ ৰ'ল এই ৰক্তদাতাসকলৰ গৃহ চহৰ আক্কি আলুৰ ।

Dog donates blood
এটা কুকুৰে গৰ্ভৱতী কুকুৰক কৰিলে ৰক্তদান

এজন ব্যক্তিয়ে নিজৰ সুস্থ পোহনীয়া কুকুৰৰ পৰা এজনী গৰ্ভৱতী কুকুৰক তেজ দান কৰি জীৱ-জন্তুৰ প্ৰতি থকা এক বিৰল প্ৰেমৰ পৰিচয় দেখুৱালে(Dog Donated Blood in Karnataka)। ইয়াত জিপ্সী নামৰ দুমহীয়া গৰ্ভৱতী কুকুৰ এজনীক জিমি নামৰ আন এটা মতা ​​কুকুৰে তেজ দিয়ে । তথ্য অনুসৰি জিপ্সী অসুস্থ আছিল । জিপ্সীক পশু চিকিৎসালয়লৈ অনাৰ সময়ত চিকিৎসকে জিপ্সী ৰক্তহীনতাত ভুগি থকাৰ কথা জনায় আৰু তেজ দিলে তাই পুনৰ সুস্থ হৈ উঠিব বুলি কয় ।

জিমিৰ গৰাকী বৈভৱ পাটিলে এই বিষয়ে জানিব পাৰি তেওঁ নিজৰ পোহনীয়া কুকুৰটোৰ পৰা জিপ্সীক তেজ দিয়াৰ প্ৰস্তাৱ দিলে । তেওঁ নিজৰ প্ৰিয় কুকুৰ জিমিৰ তেজ জিপ্সীক দান কৰে । তীব্ৰ ৰক্তহীনতাত আক্ৰান্ত জিপ্সীয়ে ৰক্তদানৰ পাছত সুস্থ হৈ উঠিছে । জিপ্সীৰ গৰাকীয়ে ৰক্তদান কৰাৰ বাবে জিমিৰ গৰাকী বৈভৱ পাটিলক জনালে ধন্যবাদ ।

উল্লেখ্য যে, আক্কি আলুৰত বন্ধুত্বপূৰ্ণ ৰক্তদাতাৰ এটা দল গঠন কৰা হৈছে যাতে ৰক্তৰ প্ৰয়োজন হোৱা লোকসকলক সময়মতে সহায় কৰিব পৰা যায়। জিপ্সি আৰু জিমিৰ গৰাকী দুয়ো এই গোটৰ সদস্য আছিল । গোটৰ সদস্যসকলে কয় যে এই গোটে কেৱল মানুহৰেই নহয়, জীৱ-জন্তুৰ তেজৰ অভাৱ দূৰ কৰাৰো চেষ্টা কৰে । এই বিৰল ৰক্তদান পশু চিকিৎসালয়ৰ চিকিৎসক ডাঃ অমিত পুৰাণীকাৰ, ডাঃ সন্তোষ, ৰক্ত পৰীক্ষক দাদাপীৰ কালাডগীয়ে অধীনত সম্পন্ন হয় । আন এটা জন্তুৰ প্ৰাণ ৰক্ষাৰ বাবে নিজৰ পোহনীয়া কুকুৰৰ পৰা তেজ দান কৰা এই কাৰ্য এতিয়া চৌদিশে প্ৰশংসিত হৈছে ।

লগতে পঢ়ক: CPIM foot march in Maharashtra: শ্ৰমিকৰ সমস্যা সমাধানৰ দাবীৰে মহাৰাষ্ট্ৰত CPIMৰ বিশাল ৰেলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.