আৰক্ষীৰ জিম্মাত যুৱকৰ মৃত্যু; 10 জন আৰক্ষীক নিলম্বন

author img

By

Published : Sep 19, 2022, 8:07 AM IST

8 more cops suspended in UPs Gonda

উত্তৰ প্ৰদেশৰ গ’ণ্ডাত আৰক্ষীৰ জিম্মাত মৃত্যু যুৱকৰ(Dev Narayan Yadav Custodial death) ৷ ঘটনাৰ লগত জৰিত থকা অভিযোগত 10 গৰাকী আৰক্ষী বিষয়াসহ কনিষ্টবলক নিলম্বন(10 cops suspended in UP) ৷

নেশ্যনেল ডেস্ক, 19 ছেপ্টেম্বৰ: আৰক্ষীৰ জিম্মাত কিমান সুৰক্ষিত অভিযুক্ত? ভিন্ন সময়ত আৰক্ষীৰ বৰ্বৰতা তথা অভিযুক্তৰ ওপৰত কৰাৰ অত্যাচাৰৰ সন্দৰ্ভত এনে প্ৰশ্ন উত্থাপন হৈ আহিছে (Man dies in police custody)৷ 14 ছেপ্টেম্বৰত উত্তৰ প্ৰদেশৰ গ’ণ্ডাত শক্তি বিভাগত কৰ্মৰত 24 বছৰীয়া দেৱ নাৰায়ণ যাদৱৰ আৰক্ষীৰ জিম্মাত মৃত্যুৰ পিছতে খলকনিৰ সৃষ্টি হৈছিল (Death of a youth in custody)৷

এই ঘটনাৰ পিছতে যাদৱৰ পিতৃয়ে নৱাবগঞ্জ আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষীয়ে পুত্ৰক মাৰধৰ কৰি হত্যা কৰা বুলি এজাহাৰ দাখিল কৰিছিল (Dev Narayan Yadav Custodial death)৷ এই এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰি জিলা আৰক্ষী অধীক্ষকে দেওবাৰে নিৰীক্ষণ কোষৰ উপ-পৰিদৰ্শক আলোক, নৱাবগঞ্জ আৰক্ষী থানাৰ হেড কনিষ্টবল মিথলেশ সিং, কনিষ্টবল ধৰ্মেন্দ্ৰ আৰু মনোজ, বিশেষ তদন্তকাৰী দলৰ(SOG) ৰাকেশ সিং, অৰুণ যাদৱ, কনিষ্টবল আদিত্য পাল আৰু অমিত পাঠকক নিলম্বন কৰে ৷ এতিয়ালৈ আৰক্ষীয়ে এই ঘটনাৰ লগত জৰিত মুঠ 10 গৰাকী আৰক্ষী বিষয়াৰ লগত কনিষ্টবলক নিলম্বন কৰে (10 cops suspended in UP) ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি যাদৱ ওৰফে দেৱা নামৰ ইলেক্ট্ৰিচিয়ানজনক এটা হত্যাৰ গোচৰত সোধ-পোছ কৰিবলৈ নৱাৱগঞ্জ আৰক্ষী থানালৈ মাতি অনা হৈছিল ৷ সোধ পোছ কৰি থকাৰ সময়তে যাদৱৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটে আৰু আৰক্ষীয়ে অভিযুক্ত যাদৱক জিলা চিকিৎসালয়লৈ লৈ যায় ৷ চিকিৎসালয়ত যাদৱক মৃত বুলি ঘোষণা কৰে চিকিৎসকে ৷

ইতিমধ্যে এই ঘটনাৰ লগত জৰিত নৱাবগঞ্জ আৰক্ষী থানাৰ ষ্টেচন হাউচ অফিচাৰ আৰু বিশেষ তদন্তকাৰী দলৰ(SOG) ভাৰপ্ৰাপ্ত বিষয়াসকলক নিলম্বন কৰা হৈছে ৷

উল্লেখ্য যে, যাদৱৰ মৃত্যুৰ পিছত স্থানীয় লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি আৰক্ষীৰ বাহন ভাঙি চূৰমাৰ কৰাৰ লগতে আৰক্ষীকো আক্ৰমণ কৰিছিল (Locals staged protest against police) ৷ উত্তেজিত লোকে এটা পেট্ৰ'ল পাম্প ক্ষতিগ্ৰস্ত কৰাৰ লগতে ৰোগীক নিবলৈ যোৱা এম্বুলেঞ্চ এখন ওলোটাই পঠাইছিল ৷

আনহাতে যাদৱৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপোৰ্টত শৰীৰত কোনো আঘাতৰ চিন পৰিলক্ষিত হোৱা নাছিল ৷ হৃদৰোগত আক্ৰান্ত হৈ যাদৱৰ মৃত্যু হৈছিল বুলি উল্লেখ আছিল ৰিপোৰ্টটোত (Postmortem report stated heart attack) ৷

লগতে পঢ়ক: কংগ্ৰেছক প্ৰতাৰণা কৰা সকললৈ কঠোৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.