ওড়িশাত ৭০০ মাওবাদী সমৰ্থকৰ আত্মসমৰ্পণ

author img

By

Published : Sep 18, 2022, 2:22 PM IST

Updated : Sep 18, 2022, 2:49 PM IST

Odisha

ওড়িশাত মাওবাদীৰ সমৰ্থকৰ আত্মসমৰ্পণ অব্যাহত আছে । এইবাৰ মালকানগিৰি জিলাৰ প্ৰায় ৭০০ লোকে একেলগে আত্মসমৰ্পণ কৰে (Maoist militia surrender in Odisha)। আত্মসমৰ্পণ কৰা লোকসকলৰ মাজত বিভিন্ন সামগ্ৰী বিতৰণ কৰিলে আৰক্ষী আৰু বিএছএফে ।

নেশ্যনেল ডেস্ক,১৮ ছেপ্টেম্বৰ : মাওবাদীৰ বিৰুদ্ধে দেশৰ বিভিন্ন ৰাজ্যত নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত আছে (Security forces campaign against Maoist)। ইতিমধ্যে ওড়িশা, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ আদি ৰাজ্যত মাওবাদীৰ কাৰ্যকলাপ বহু পৰিমাণে হ্ৰাস হোৱা দেখা গৈছে (Maoist activity in India)। বিশেষকৈ মাওবাদীসকলে গাঁৱৰ বাসিন্দাসকলৰ পৰা সমৰ্থন নোপোৱা হৈছে ।

ৰাজ্যকেইখনত বহু মাওবাদী আৰু মাওবাদীৰ সমৰ্থনকাৰীয়ে আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ হাতত আত্মসমৰ্পণ কৰা দেখা গৈছে । এইবাৰ ওডিশা-অন্ধ্ৰপ্ৰদেশ সীমান্তত মাওবাদীৰ সমৰ্থনকাৰী প্ৰায় ৭০০ গৰাকী লোকে আৰক্ষী আৰু বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰে (700 Maoist supporters surrender)।

ওড়িশাত ৭০০ মাওবাদী সমৰ্থকৰ আত্মসমৰ্পণ

এগৰাকী বিষয়াই জনোৱা মতে সীমান্তৰ মালকানগিৰি জিলাৰ উক্ত অঞ্চলটোৰ বহু লোকে দীৰ্ঘদিন ধৰি মাওবাদীক সমৰ্থন কৰি আহিছিল । অঞ্চলটোত থকা গাঁওসমূহ পূৰ্বে মাওবাদীৰ দুৰ্গ আছিল । মাওবাদীৰ সেই সমৰ্থকসকলে হিংসাত্মক কাৰ্যকলাপত সহায় কৰিছিল আৰু নিৰাপত্তা বাহিনী, সাধাৰণ লোকৰ হত্যাত জড়িত আছিল আৰু মাওবাদীক লজিষ্টিক যোগান ধৰিছিল ।

কিন্তু আৰক্ষী তথা প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ সমান্তৰালকৈ বিভিন্ন ধৰণৰ উন্নয়নৰ প্ৰতিশ্ৰুতি দিছে । যাৰ বাবে লোকসকলে মাওবাদীক সমৰ্থন কৰিবলৈ এৰিছে । অৱশেষত সীমান্তৱৰ্তী অঞ্চলটোৰ ৰাইজে মাওবাদীৰ পুত্তলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Maoist effigy burn in Malkangiri Odisha)। মাওবাদীৰ আদৰ্শৰ প্ৰতি তেওঁলোকৰ বিৰোধিতা প্ৰদৰ্শন কৰি আৰক্ষী আৰু বিএছএফৰ সন্মুখত গাঁওসমূহৰ ৰাইজে আত্মসমৰ্পণ কৰে ।

বিএছএফৰ ডিআইজি মদন লালে কয় যে অঞ্চলটোত উন্নয়নমূলক পদক্ষেপৰ লগতে নিৰাপত্তা বাহিনীৰ কৌশলগত নিয়োজনে গাওঁবাসীক মূলসুঁতিলৈ ঘূৰি আহিবলৈ অনুপ্ৰাণিত কৰিছে । নতুন পথ নিৰ্মাণ, দলং, চিকিৎসাৰ সুবিধা, ভ্ৰাম্যমাণ টাৱাৰ স্থাপন, খোৱাপানী যোগানৰ প্ৰকল্প, অঞ্চলটোৰ প্ৰতি ঘৰতে বিদ্যুৎ যোগানৰ দৰে উন্নয়নমূলক কামৰ পদক্ষেপে মাওবাদীক সমৰ্থন কৰা লোকসকলৰ ওপৰত প্ৰভাৱ পেলাইছে । যাৰ বাবে লোকসকলে মূলসূঁতিলৈ ঘূৰি অহাৰ প্ৰতিশ্ৰুতি দিছে ।

উল্লেখ্য যে এই বছৰ বৰ্তমানলৈকে মালকানগিৰি জিলাত প্ৰায় ১,৬৪৭ গৰাকী মাওবাদী সমৰ্থক আৰু বিদ্ৰোহীয়ে আৰক্ষী আৰু বিএছএফৰ সন্মুখত আত্মসমৰ্পণ কৰিছে ।

লগতে পঢ়ক :ওড়িশাত মাওবাদীৰে জড়িত 295 জন সদস্যৰ আত্মসমৰ্পণ

Last Updated :Sep 18, 2022, 2:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.