Madhya Pradesh Tragic Incident : ৬০ ফুট গভীৰ গাঁতত পৰিল ৭ বছৰীয়া শিশু; ২১ ঘণ্টা ধৰি উদ্ধাৰ অভিযান

author img

By

Published : Mar 15, 2023, 6:56 PM IST

Updated : Mar 15, 2023, 10:51 PM IST

Madhya Pradesh

মধ্যপ্ৰদেশৰ বিদিশা জিলাত মঙলবাৰে ৬০ ফুট গভীৰ গাঁতৰ ভিতৰত সোমাই এটি শিশু ৷ গভীৰ গাঁতটোৰ প্ৰায় ৪৩ ফুটত আবদ্ধ হৈ থকা শিশুটোক উদ্ধাৰ কৰিবলৈ ২১ ঘণ্টা ধৰি চেষ্টা চলাই আছে এছডিএমএ আৰু এনডিআৰএফৰ দলে । উদ্ধাৰকাৰী দলে অক্সিজেন যোগানৰ উপৰি শিশুটোৰ গুৰুত্বপূৰ্ণ কথাবোৰ নিৰীক্ষণ কৰি আছে (boy falls in 60 ft borewell in Vidisha MP) ।

৬০ ফুট গভীৰ গাঁতত পৰিল ৭ বছৰীয়া শিশু

নিউজ ডেস্ক, ১৫ মাৰ্চ : মঙলবাৰে মধ্যপ্ৰদেশৰ বিদিশা জিলাত এজন সাত বছৰীয়া ল'ৰা ৬০ ফুট গভীৰ গাঁতত (borewell) পৰি যোৱাৰ পিছত বুধবাৰে পুৱালৈকে তেওঁক উদ্ধাৰৰ প্ৰচেষ্টাই ২১ ঘণ্টা অতিক্ৰম কৰে । পথাৰত বান্দৰৰ পৰা পলাই সাৰিবলৈ চেষ্টা কৰোঁতে শিশুটোৱে ঠেক গাঁতটোত সোমাই পৰিছিল (boy falls in 60 ft borewell in Vidisha MP) ।

ঘটনাটো সংঘটিত হৈছে জিলাখনৰ লেটেৰী তহচিলত । শিশুটো বৰ্তমান ৪৩ ফুট গভীৰতাত আবদ্ধ হৈ আছে আৰু তেওঁক বাহিৰলৈ উলিয়াই আনিবলৈ গাঁতটোৰ সমান্তৰালকৈ ৩৫ ফুটৰ এটা গাঁত নতুনকৈ খনন কৰা হৈছে । উল্লেখ্য, ঘটনাটোৰ খবৰ পোৱাৰ পিছতে জিলা প্ৰশাসন, আৰক্ষী আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ (State Disaster Management Authority) বিষয়াসকলক লৈ এক যুটীয়া অভিযান আৰম্ভ কৰা হয় বুলি চৰকাৰী সূত্ৰত প্ৰকাশ ।

জিলা উপায়ুক্ত উমাশংকৰ ভাৰ্গৱে মহকুমা দণ্ডাধীশ (SDM) হৰ্ষল চৌধুৰীৰ সৈতে ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু পৰিস্থিতি তথা উদ্ধাৰকাৰ্যৰ বুজ লয় । ইফালে ঘটনা সন্দৰ্ভত বিৱৰণ দি উমাশংকৰে কয় যে সাত বছৰীয়া শিশু লোকেশ মঙলবাৰে পুৱা প্ৰায় ১১ বজাত গাঁতটোত সোমায় । লোকেশে পথাৰত খেলি থকাৰ সময়ত হঠাতে এটা বান্দৰৰ জাক আহে । বান্দৰৰ জাকটো দেখি লোকেশে তেওঁৰ ভাই-ভনীৰ সৈতে দৌৰিবলৈ আৰম্ভ কৰে । দৌৰি থাকোঁতে লোকেশ দুই ফুট বহল আৰু 60 ফুট গভীৰ গাঁতটোত পৰে । এই তথ্য লাভ কৰাৰ পিছতে আৰক্ষী আৰু প্ৰশাসনৰ লোক ঘটনাস্থলীলৈ ৰাওনা হয় (21 hours rescue operation in MP) ।

উমাশংকৰে লগতে কয় যে শিশুটোক পাইপৰ সহায়ত অক্সিজেন দি থকা হৈছে । শিশুটোক উদ্ধাৰ কৰিবলৈ এটা সমান্তৰাল গাঁত খন্দা হৈছে । উদ্ধাৰকাৰীসকলে শিশুটোৰ ওপৰত নজৰ ৰাখিছে আৰু তেওঁৰ গুৰুত্বপূৰ্ণ বিষয়বোৰৰ লগতে তেওঁৰ গতিবিধি কেমেৰাৰ জৰিয়তে নিৰন্তৰ নিৰীক্ষণ কৰা হৈছে বুলি তেওঁ কয় (7 year old child falls in 60 foot deep borewell) ।

উদ্ধাৰ অভিযানৰ বাবে অতি কমেও পাঁচটা জেচিবি যন্ত্ৰ ঘটনাস্থলীত উপস্থিত হৈছে । শিশুটোক কৰ্তৃপক্ষই অনুপ্ৰাণিত কৰি আছে । বিষয়াজনে কয়, "আমি শিশুটোক উদ্ধাৰৰ বাবে ৪৯ ফুট সমান্তৰাল গাঁত খনন কৰি আছোঁ আৰু আমি ইতিমধ্যে ৩৪ ফুট খনন কৰিবলৈ সক্ষম হৈছোঁ । আমি শিশুটোক যিমান সম্ভৱ সোনকালে বাহিৰলৈ উলিয়াই আনিবলৈ চেষ্টা কৰি আছোঁ । আশাকৰোঁ শিশুটোক সোনকালেই উদ্ধাৰ কৰিব পৰা হ'ব ।"

লগতে পঢ়ক :K Kavitha ED Summon : ২৪ মাৰ্চত ছুপ্ৰিম কোৰ্টত কবিতাৰ আবেদনৰ শুনানি

Last Updated :Mar 15, 2023, 10:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.