Indian Cricket History : ভাৰতীয় ক্ৰিকেটৰ ঐতিহাসিক দিন ২৫ জুন

author img

By

Published : Jun 25, 2022, 3:04 PM IST

First test team India

দুটা ভিন্ন সময়ত কিন্তু একেটা দিনতে ভাৰতৰ ক্ৰিকেট ইতিহাসত ঘটিছিল দুটা ঐতিহাসিক ঘটনা । ২৫ জুনৰ দিনটোতে ভাৰতে প্ৰথম আন্তৰাষ্ট্ৰীয় টেষ্ট মেচ খেলাৰ স্বীকৃতি লাভ কৰিছিল (India first test match)। আজিৰে পৰা ঠিক ৯০ বছৰ পূৰ্বে চি কে নাইডুৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত অৱতীৰ্ণ হৈছিল (India playing first test al Lords) ।

নিউজ ডেস্ক, ২৫ জুন : আজি ২৫ জুন । ভাৰতীয় ক্ৰিকেটৰ (Indian Cricket) বাবে এটা ঐতিহাসিক দিন । কিয়নো আজিৰ দিনটোতে আন্তৰাষ্ট্ৰীয় ক্ৰিকেটত ভাৰতে দুটা মাইলৰ খুঁটি স্থাপন কৰিছিল । এটা হৈছে টেষ্ট ক্ৰিকেটতত ভাৰতৰ অভিষেক । আনটো হৈছে প্ৰথম বিশ্বকাপ জয়ৰ সোৱাদ । এই দিনটোতে ভাৰতীয় ক্ৰিকেটে বিশ্ব ক্ৰিকেটত নিজৰ পৰাক্ৰম আৰু প্ৰতিভা প্ৰমাণ কৰিছিল । সেয়ে ভাৰতীয় ক্ৰিকেটত ২৫ জুন (25th june important for Indian Cricket history) তাৰিখটো আটাইতকৈ গুৰুত্বপূৰ্ণ দিন !

দুটা ভিন্ন সময়ত কিন্তু একেটা দিনতে ভাৰতৰ ক্ৰিকেট ইতিহাসত ঘটিছিল দুটা ঐতিহাসিক ঘটনা । ২৫ জুনৰ দিনটোতে ভাৰতে প্ৰথম আন্তৰাষ্ট্ৰীয় টেষ্ট মেচ খেলাৰ স্বীকৃতি লাভ কৰিছিল (India first test match)। আজিৰে পৰা ঠিক ৯০ বছৰ পূৰ্বে চি কে নাইডুৰ নেতৃত্বত ভাৰতীয় ক্ৰিকেট দলটোৱে লৰ্ডছত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথম টেষ্টত অৱতীৰ্ণ হৈছিল (India played first test al Lords) । অৱশ্যে ভাৰতৰ বাবে প্ৰথম টেষ্টৰ অভিজ্ঞতা সুখকৰ নাছিল (India first test match against England) । টেষ্ট ক্ৰিকেটৰ পানী কেঁচুৱা ভাৰতে ক্ৰিকেটৰ জন্মদাতা ইংলেণ্ডৰ হাতত পৰাজয়বৰণ কৰিছিল ।

প্ৰথম বিশ্বকাপ ট্ৰফী লৈ কপিল দেৱ
প্ৰথম বিশ্বকাপ ট্ৰফী লৈ কপিল দেৱ

ভাৰতৰ বাবে সেইটো অৱশ্যে কোনো বিশেষ ডাঙৰ কথা নাছিল । কাৰণ প্ৰথম টেষ্টত অৱতীৰ্ণ হৈয়ে ইংলেণ্ডৰ দৰে দলৰ মুখামুখী হোৱাটো তেনে এটা সহজ কাম নাছিল । সেয়া আছিল ১৯৩২ চনৰ ২৫ জুনৰ কথা (India first test match 25th june, 1932) । যিটো চন আৰু তাৰিখ ভাৰতৰ ক্ৰিকেট ইতিহাসত স্বৰ্ণিল আখৰেৰে লিখা আছে । টেষ্টখনত ভাৰত ইংলেণ্ডৰ হাতত ১৫৭ ৰাণত পৰাস্ত হয় । কিন্তু ১৯৩২ চনৰ ২৫ জুনত ভাৰতীয় ক্ৰিকেটৰ যি বীজ সিঁচা হৈছিল, তাৰ ফচল এতিয়া ২০২২ চনলৈকে চপাই থকা হৈছে ।

নাইডুৰ নেতৃত্বত প্ৰথম টেষ্ট দলটোৰ (first test captain of India C K Naidu) আন আন সদস্যসকল আছিল- জে জে নৱলে, নৌমাল জাউমাল, ৱাজিৰ আলী, নাজিৰ আলী, এছ এইচ এম কোলা, পি ই পালিয়া, লাল সিং, জাহাংগীৰ খান, অমৰ সিং আৰু মহম্মদ নিছাৰ। উক্ত ঐতিহাসিক মেচখনৰ প্ৰথম ইনিংছত নিছাৰে ৫টা উইকেট দখল কৰাৰ লগতে অধিনায়ক নাইডুৱে ৪০ ৰান সংগ্ৰহ কৰে ৷

আনহাতে, আন্তৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় ক্ৰিকেটে আন এক মাইলৰ খুঁটি স্থাপন কৰে এই একেটা তাৰিখ, ২৫ জুনতে । প্ৰথম টেষ্ট মেচখনক যদি ভাৰতীয় ক্ৰিকেটৰ পথিকৃৎ বুলি ধৰা হয়, তেন্তে ১৯৮৩ৰ ক্ৰিকেট বিশ্বকাপ জয় হৈছে আন এক আকাংক্ষা প্ৰাপ্তি (India win first world cup cricket in 1983) । ১৯৮৩ৰ বিশ্বকাপত ভাৰতক কোনোৱে কোনো ধৰণৰ গুৰুত্ব দিয়া নাছিল । এটা অনভিজ্ঞ দল, অনভিজ্ঞ অধিনায়কৰ নেতৃত্বত ভাৰতীয় দলটোক সকলোৱে উলাই কৰাৰ লগতে একপ্ৰকাৰ উপহাস কৰিছিল । কিন্তু 'আণ্ডাৰ ডগ' হৈ অৱতীৰ্ণ হোৱা কপিল বাহিনীয়ে বিশ্বৰ আগত দেখুৱাই দিছিল ভাৰতীয় দলৰ মনোবল আৰু বিশ্বজয় কৰিব পৰা সামৰ্থ্যৰ কথা (India first world cup winner captain Kapil Dev) । এক প্ৰকাৰ অসম্ভৱক সম্ভৱ কৰি দেখুৱাইছিল কপিল দেৱ বাহিনীয়ে । তাকো সেই একেটা দিনত, ২৫ জুন, ১৯৮৩ ।

গ্ৰুপ পৰ্যায়ৰ পৰাই বিদায় ল'ব বুলি ভবা ভাৰতে কপিল দেৱৰ নেতৃত্বত লৰ্ডছত (Lords) শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি চেম্পিয়ন হয় (India win first world cup against West Indies) । সেই জয়ে ভাৰতীয় ক্ৰিকেটক আন এক গতি প্ৰদান কৰিছিল । দেশ নৱ-প্ৰজন্ম ক্ৰিকেটৰ প্ৰতি উদ্বুদ্ধ হৈছিল । ভাৰতীয় দলৰ জাৰ্চি পিন্ধাৰ সপোন দেখিছিল তৰুণ ক্ৰিকেটাৰসকলে । তাৰেই ফচল পৰৱৰ্তী সময়ত শচীন তেণ্ডুলকাৰ, সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, মহেন্দ্ৰ সিং ধোনি আদিৰ দৰে পৰৱৰ্তী প্ৰজন্মৰ ক্ৰিকেটাৰসকল । আন এক কাকতালীয় কথা হৈছে, উক্ত দুয়োটা ঘটনাৰ সাক্ষী হৈ আছে ঐতিহাসিক লৰ্ডছ । সেয়ে ভাৰতীয় ক্ৰিতেট ইতিহাসত ২৫ জুন তাৰিখটো কেৱল উল্লেখনীয়ই নহয়, অতি গুৰুত্বপূৰ্ণ এটা দিন ।

লগতে পঢ়ক :এথলিট হিমা দাস আৰু অম্লান বৰগোহাঁইলৈ অসম এথলেটিকছ সন্থাৰ আৰ্থিক সাহাৰ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.