New Parliament Inauguration : সংসদ ভৱন উদ্বোধন বৰ্জন কৰিব ১৯ বিৰোধী দলে

author img

By

Published : May 24, 2023, 4:19 PM IST

New Parliament Inauguration

বিৰোধী দলসমূহৰ দাবী, "প্ৰধানমন্ত্ৰী মোডীয়ে ৰাষ্ট্ৰপতি মূৰ্মুক সম্পূৰ্ণৰূপে একাষৰীয়া কৰি তেওঁ নিজে নতুন সংসদ ভৱন উদ্বোধন কৰাৰ সিদ্ধান্ত কেৱল এক গুৰুতৰ অপমানেই নহয়, আমাৰ গণতন্ত্ৰৰ ওপৰত পোনপটীয়া আক্ৰমণ (opposition to boycott parliament inauguration) ।"

নিউজ ডেস্ক, ২৪ মে' : নতুন সংসদ ভৱন উদ্বোধন বিতৰ্কই এইবাৰ চূড়ান্ত পৰ্যায়লৈ গতি কৰিছে । তৃণমূল কংগ্ৰেছে নতুন সংসদৰ উদ্বোধন বৰ্জনৰ কথা ঘোষণা (Trinamool Congress boycott Parliament inauguration) কৰাৰ এদিন পিছতে ১৯ টা বিৰোধী দলে নতুন সংসদ ভৱনৰ উদ্বোধনী অনুষ্ঠান বৰ্জনৰ সিদ্ধান্ত লৈছে (opposition to boycott parliament inauguration) ।

১৯ টা ৰাজনৈতিক দলে যুটীয়াভাৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে যিহেতু সংসদৰ পৰা গণতন্ত্ৰৰ আত্মা কাঢ়ি অনা হৈছে, গতিকে আমি নতুন ভৱনটোত কোনো মূল্য বিচাৰি নাপাওঁ (parliament inauguration on May 28) ।

"প্ৰধানমন্ত্ৰী মোডীয়ে নতুন সংসদ ভৱনটো নিজে উদ্বোধন কৰাৰ বাবে লোৱা সিদ্ধান্ত ৰাষ্ট্ৰপতি মূৰ্মুক সম্পূৰ্ণৰূপে একাষৰীয়া কৰা ঘটনা (PM Modi to inaugurate new Parliament) । ই কেৱল এক গুৰুতৰ অপমানেই নহয়, আমাৰ গণতন্ত্ৰৰ ওপৰত পোনপটীয়া আক্ৰমণ... এই অসন্মানজনক কাৰ্যই ৰাষ্ট্ৰপতিৰ উচ্চ পদক অপমান কৰিছে আৰু সংবিধানৰ মৰ্যাদা আৰু আত্মাক উলংঘা কৰে । ই সকলোৰে অন্তৰ্ভুক্তিৰ মনোভাবক ভূলুণ্ঠিত কৰে । কিয়নো দেশে প্ৰথমগৰাকী মহিলা আদিবাসী ৰাষ্ট্ৰপতিক সাদৰেৰে আদৰি লোৱা দেখা গৈছে ।" বিৰোধী দলবোৰৰ যুটীয়া বিবৃতিত এনেদৰে কয় ।

বিৰোধী দলসমূহৰ যুটীয়া বিবৃতিটোত কোৱা হৈছে, "আমি নতুন সংসদ ভৱনৰ উদ্বোধন বৰ্জন কৰাৰ আমাৰ সামূহিক সিদ্ধান্ত ঘোষণা কৰিছোঁ ।" উল্লেখ্য, যি ১৯ টা ৰাজনৈতিক দলে সংসদ ভৱন উদ্বোধনী কাৰ্যসূচী বৰ্জন কৰিছে তাৰ ভিতৰত আছে কংগ্ৰেছ, আম আদমি পাৰ্টী (AAP), তৃণমূল কংগ্ৰেছ, দ্ৰাবিড় মুন্নাত্ৰা কাজাগাম (DMK), বাঁওপন্থী দল, ৰাষ্ট্ৰীয় জনতা দল (RJD), জনতা দল-ইউনাইটেড (JDU), নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টী (NCP), সমাজবাদী পাৰ্টী, উদ্ধৱ থাকৰেৰ শিৱসেনা গোট আৰু অন্যান্য ।

তৃণমূল কংগ্ৰেছে মঙলবাৰে উদ্বোধন কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে এই ঘোষণা কৰা হৈছে । লোকসভাত টিএমচিৰ নেতা সুদীপ বেনাৰ্জীয়ে কয় যে উদ্বোধনী কাৰ্যসূচী স্বাধীনতা দিৱস, গণৰাজ্য দিৱস বা গান্ধী জয়ন্তীত অনুষ্ঠিত হ'ব লাগিছিল; ভি ডি ছাভাৰকাৰৰ জন্মজয়ন্তীত নহয় ।

"আমি ২৮ মে'ত নতুন সংসদ ভৱনৰ উদ্বোধনী কাৰ্যসূচী বৰ্জন কৰাৰ সিদ্ধান্ত লৈছোঁ । এই উদ্বোধন স্বাধীনতা দিৱস বা গণৰাজ্য দিৱস, বা মহাত্মা গান্ধীৰ জন্মজয়ন্তীত কৰা উচিত আছিল । ইয়াৰ উদ্বোধন ভিডি ছাভাৰকাৰৰ জন্মজয়ন্তীত কৰাটো উচিত নাছিল ।" তেওঁ কয় ।

লগতে পঢ়ক :New Parliament Building Inauguration : উদ্বোধনী অনুষ্ঠানত পুনৰুজ্জীৱিত হ'ব ঐতিহাসিক পৰম্পৰা; অমিত শ্বাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.