প্ৰিয় দাদাৰ ছবি চাই সহিব নোৱাৰিলে দুখ; অসুস্থ জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ - ZUBEEN GARG
🎬 Watch Now: Feature Video

Published : October 31, 2025 at 7:20 PM IST
যোৰহাট: যোৰহাটৰ ইলি চিনেমা হলত জুবিন গাৰ্গৰ ছবি 'ৰৈ ৰৈ বিনালে' উপভোগ কৰি হঠাৎ অসুস্থ হৈ পৰে জুবিন গাৰ্গৰ ভাতৃসম অৰুণ গাৰ্গ । অসুস্থ অৰুণ গাৰ্গক কেইবাজনো শুভাংকাক্ষীয়ে ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ জৰুৰীকালীন বিভাগত ভৰ্তি কৰায় ।
অৱশ্যে তেওঁৰ স্বাস্থ্যৰ অৱস্থাৰ বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই চিকিৎসালয় কৰ্তৃপক্ষই । লগতে চিকিৎলায় চৌহদত সংবাদ মাধ্যমৰ লোকক উপস্থিত হোৱা তথা অৰুণ গাৰ্গ বা হাস্পতাল কৰ্তৃপক্ষৰ বক্তব্য গ্ৰহণতো কৰ্তপক্ষই বাৰণ কৰিছে ।
অৱশ্যে এক টেলিফোনিক বাৰ্তালাপত যোৰহাট চিকিৎসক মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকে জনোৱা মতে, অৰুণ গাৰ্গ পেনিক এটেকৰ সমস্যাত ভূগিছে । অত্যধিক চিন্তা, অকলশৰীয়া অনুভৱ আৰু মনত দুখ পোৱা বাবে এনে সমস্যাত আক্ৰান্ত হ'বলগীয়া হৈছে ।
ইতিমধ্যে বিশেষজ্ঞ চিকিৎসকৰ দলৰ অধীনত অৰুণ গাৰ্গৰ চিকিৎসা চলি আছে । বতমান তেওঁৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ যদিও নিশাটো চিকিৎসালয়তে ৰখা হ'ব পাৰে বুলিও তেওঁ ইংগিত দিয়ে ।