বিশ্ব যোগাসন চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন অসমৰ আদৃত কাশ্যপৰ - মৰিয়নীৰ আদৃত কাশ্যপ
🎬 Watch Now: Feature Video

Published : June 10, 2026 at 5:50 PM IST
যোৰহাট: অসমলৈ গৌৰৱ কঢ়িয়াই আনিলে মৰিয়নীৰ উদীয়মান খেলুৱৈ আদৃত কাশ্যপে । গুজৰাটৰ আহমেদাবাদত অনুষ্ঠিত হোৱা প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত ছাব জুনিয়ৰ শাখাত ভাৰতৰ হৈ সোণৰ পদক লাভ কৰে অসম সন্তান কাশ্যপে ৷ উক্ত প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰি বুধবাৰে গৃহ জিলাত উপস্থিত হোৱা লগে লগে বিভিন্ন সংস্থা, দল-সংগঠন তথা শুভাকাংক্ষীয়ে উষ্ম আদৰণি জনায় আদৃত কাশ্যপক ৷
যোৰহাটত উপস্থিত হৈ আদৃত কাশ্যপে কয়,"আহমেদাবাদত অনুষ্ঠিত প্ৰথম বিশ্ব যোগাসন চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি মই স্বৰ্ণপদক লাভ কৰিবলৈ সক্ষম হ’লো ৷ ১০-১৪ বছৰ অনুৰ্ধ্বৰ ছাব জুনিয়ৰ শাখাত মই খেলিছিলোঁ ৷ মোৰ শাখাত ময়েই স্বৰ্ণ পদক লাভ কৰিছোঁ, অন্যান্য শাখাত ভাৰতে কেইবাটাও স্বৰ্ণ পদক লাভ কৰিছে । অসমৰ পৰা মই প্ৰথম এই প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰিছোঁ ৷"
লগতে পঢ়ক: চাপৰিৰ ৯০ বিঘা ভূমিত মাকৈ খেতিৰে আত্মনিৰ্ভৰশীলতাৰ চেষ্টা মাজুলীৰ এদল যুৱকৰ