ম'ৰাচুৰকত বন্যহস্তীৰ উপদ্ৰৱ; ভাঙিলে ঘৰ, খালে ভঁৰালৰ ধান

🎬 Watch Now: Feature Video

thumbnail
ম'ৰাচুৰকত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : October 9, 2026 at 8:26 PM IST

1 Min Read
Choose ETV Bharat

চামগুৰি : নগাঁৱৰ পুৰণিগুদামত পুনৰ বনৰীয়া হাতীৰ উপদ্ৰৱ । বৃহস্পতিবাৰে নিশা ম'ৰাচুকত বনৰীয়া হাতীয়ে দুটাকৈ পৰিয়ালৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । লগতে ভঁৰালৰ ধান খাই তহিলং কৰে । অৱশ্যে কথমপি পৰিয়াল দুটা হাতীৰ আক্ৰমণৰ পৰা ৰক্ষা পৰে ।

জানিব পৰা মতে, বৃহস্পতিবাৰে নিশা বন্যহস্তীয়ে ভাৰত চন্দ্ৰ বৈৰাগী আৰু ইলা বৈৰাগীৰ ঘৰ ভাঙি লণ্ডভণ্ড কৰে । এই ঘটনাৰ পিছতে পৰিয়াল দুটাৰ মাজত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । বন্যহস্তীৰ উপদ্ৰৱক লৈ অঞ্চলটোৰ ৰাইজৰ মাজতো তীব্ৰ আতংকৰ সৃষ্টি হৈছে । বিশেষকৈ নিশাৰ ভাগত বন্যহস্তীৰ বিচৰণে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাক লৈ উদ্বেগৰ সৃষ্টি কৰিছে ।

এই সন্দৰ্ভত ভুক্তভোগী ভাৰত চন্দ্ৰ বৈৰাগীয়ে কয়, "ৰাতি হাতী আহি ঘৰ ভাঙিলে, ভঁৰাল ভাঙিলে, ধান খালে । একোৱে গম নাপাও পুৱা শুই উঠিহে দেখা পাইছোঁ । কাষৰ কোঠাতে মানুহ আছিল কিন্তু কাৰো একো ক্ষতি হোৱা নাই ।" ইফালে অঞ্চলটোত দীৰ্ঘদিন ধৰি বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত থকাৰ পিছতো বন বিভাগে হাতী খেদি জনসাধাৰণক নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি ৰাইজে অভিযোগ কৰিছে । বন্যহস্তীৰ উপদ্ৰৱৰ ফলত ক্ষতিগ্ৰস্ত পৰিয়াল দুটাক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰো ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক : অসম-ভূটানৰ মাজত ৩৮ হাজাৰ হস্তী নিৰীক্ষণ স্থান চিনাক্ত