বন্যহস্তীৰ ভয়ত বিনিদ্ৰ ৰজনী কটাইছে ক্ষেত্ৰীবাসীয়ে - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
ক্ষেত্ৰী অঞ্চলত বন্যহস্তীৰ উপদ্ৰৱ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 15, 2026 at 8:45 PM IST

1 Min Read
Choose ETV Bharat

সোণাপুৰ: বিগত কেইবাদিনো ধৰি কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী আৰু ইয়াৰ সমীপৰ অঞ্চলবোৰত বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত আছে । খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা হাতীয়ে বহু পৰিয়ালৰ নিদ্ৰাহৰণ কৰিছে । নিশা হ'লেই চিন্তা বাঢ়ে অঞ্চলটোৰ লোকসকলৰ । যোৱা ৩ টা দিনত নিশা বন্যহস্তীয়ে ৩ খন গাঁৱৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰিছে । যাৰ বাবে লোকসকল আতংকিত হৈ পৰিছে । দেওবাৰে নিশা হেলাগোগ বেঙেনাবাৰীত বন্যহস্তীয়ে সূৰ্যা ভাৱালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে । কোনোমতে পৰিয়ালটোৱে সেই স্থানৰ পৰা পলায়ন কৰি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয় । কেইবাদিনো ধৰি বনৰীয়া হাতীয়ে অঞ্চলটোত উপদ্ৰৱ চলাই থকাৰ পিছতো বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে । শীঘ্ৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে চৰকাৰ আৰু বন বিভাগক দাবী জনাইছে ।

লগতে পঢ়ক :

ক্ষেত্ৰীত বন্যহস্তীৰ ত্ৰাস: নোৱাগাঁৱত বাসগৃহ ক্ষতিসাধন, কথমপি প্ৰাণ ৰক্ষা এটা পৰিয়ালৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details