কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
কলিয়াবৰত উপদ্ৰৱ চলাই কুঁৱাত পৰিল বনৰীয়া হাতী (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 9, 2026 at 3:13 PM IST

1 Min Read
Choose ETV Bharat

কলিয়াবৰ: নগাঁও জিলাৰ কলিয়াবৰ অঞ্চলত বনৰীয়া হাতীৰ উপদ্ৰৱ অব্যাহত আছে । বুধবাৰে নিশাও খাদ্যৰ সন্ধানত ওলাই অহা দুটাকৈ হাতীয়ে কামাখ্যা গাঁৱত উপদ্ৰৱ চলালে । এটা বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে । কথমপি প্ৰাণ ৰক্ষা পৰে চন্দন মণ্ডলৰ পৰিয়ালটো । ভুক্তভোগী চন্দন মণ্ডলে কয়, "ৰাতি শুই আছিলোঁ আৰু তেতিয়া দুটা হাতী আহি আমাৰ ঘৰ-দুৱাৰ ভাঙি পেলায় । কোনো মতে আমি পলায়ন কৰিছোঁ ।" অৱশ্যে সেই স্থানৰ পৰা প্ৰস্থানৰ সময়তে এটা হাতী বিপদত পৰে । হাতীটো পথৰ দাঁতিত থকা এটা পৰিত্যক্ত কুঁৱাত সোমাই যায় । হাতীটো নিশা প্ৰায় ১ বজাৰ পৰা কুঁৱাটোতে আবদ্ধ হৈ থাকে । ইফালে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু বন বিভাগৰ লোক উপস্থিত হয় । নিশাৰে পৰা হাতীটোক উদ্ধাৰৰ চেষ্টা চলোৱা হয় । এক্সকেভেটৰৰ সহায়ত অৱশেষত পুৱা হাতীটোক কুঁৱাৰ পৰা উদ্ধাৰ কৰা হয় । তাৰ পিছতে হাতীটো কামাখ্যা সংৰক্ষিত বনাঞ্চলৰ দিশে গতি কৰে ।

লগতে পঢ়ক :

চৰকাৰে দিয়া ক্ষতিপূৰণ নাপায় প্ৰতিবাদত নামিল বানাক্ৰান্ত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details