শেষ যাত্ৰাও বিপদসংকুল ! তালগুৰিত উন্নয়নৰ কৰুণ ছবি - ইটিভি ভাৰত অসম

🎬 Watch Now: Feature Video

thumbnail
শেষ যাত্ৰাও বিপদসংকুল ! তালগুৰিত উন্নয়নৰ কৰুণ ছবি (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 9, 2026 at 6:39 PM IST

1 Min Read
Choose ETV Bharat

বঙাইগাঁও: একবিংশ শতিকাৰ ডিজিটেল ভাৰতৰ মাজতো অসমৰ বঙাইগাঁও জিলাৰ তালগুৰি গাঁৱত আজিও দেখা যায় এক হৃদয়বিদাৰক আৰু কৰুণ দৃশ্য । গাঁওখনত শ্মাশানলৈ যাবলৈ পথ নাই । যাৰ বাবে কোনো লোকৰ মৃত্যু হ'লে সৎকাৰৰ বাবে মৃতদেহ ভূৰত তুলি নিব লাগে । বিশেষকৈ বাৰিষাৰ সময়ত ভৰা টুনীয়া নৈ পাৰ কৰি শৱ লৈ যোৱাটো অন্যন্ত বিপদসংকুল আৰু কষ্টকৰ হৈ পৰে । শ্মশানলৈ যোৱা পথ নথকাৰ বাবেই বিগত কেইবাবছৰ ধৰি গাঁওবাসী এই অমানৱীয় পৰিস্থিতিৰ সন্মুখীন হৈছে । নিশা বা প্ৰতিকূল বতৰত এই কাম অধিক বিপজ্জনক হৈ উঠে । এই সন্দৰ্ভত এজন স্থানীয় লোকে কয়, "শ্মশানলৈ যোৱা পথ টুনীয়া নৈৰ খহনীয়াই শেষ কৰি পেলাইছে । এতিয়া পথৰ অভাৱত আমি এইদৰে গাঁৱৰ কোনো লোকৰ মৃত্যু হ'লে ভূৰত তুলি শৱ শ্মশানলৈ লৈ যাব লগা হয় । বাৰিষা হ'লে পৰিস্থিতি আৰু ভয়াৱহ হৈ পৰে । নিশা কাৰোবাৰ মৃত্যু হ'লে শ্মশানত যোৱা অসুবিধা হৈ পৰে ।" ইফালে বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰীয়ে এই সমস্যা সমাধানৰ আশ্বাস দিছিল যদিও আজিলৈ কোনো পদক্ষেপ গ্ৰহণ কৰা নাই । ৰাইজৰ এতিয়া এটাই দাবী শ্মশানলৈ যোৱা উপযুক্ত পথ শীঘ্ৰে নিৰ্মাণ কৰি এই অমানৱীয় দুৰ্দশাৰ অৱসান ঘটাওক ।

লগতে পঢ়ক :

দহদিনৰ পাছতো মেৰামতি হোৱা নাই চিমেন নদীয়ে ভঙা ৰে’লৰ দলং, ক্ষোভিত জোনাইবাসী