বৰষুণৰ পানীৰে ভৰিল চিকিৎসালয়ৰ ৰোগীৰ কক্ষ, পানীত আবদ্ধ ৰোগী - SOUTH SALMARA MANKACHAR

🎬 Watch Now: Feature Video

thumbnail
বৰষুণৰ পানীৰে ভৰিল চিকিৎসালয়ৰ ৰোগীৰ কক্ষ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 3, 2026 at 8:37 PM IST

1 Min Read
Choose ETV Bharat

দক্ষিণ শালমাৰা মানকাচৰ: চিকিৎসালয়লৈ ৰোগী আহে চিকিৎসাৰ বাবে, কিন্তু চিকিৎসালয়তে যদি ৰোগী বৰষুণৰ মাজত থাকিব লাগে তেন্তে ৰোগীৰ কি অৱস্থা হ'ব আপুনিয়ে কল্পনা কৰক ৷ তেনে এক ঘটনা সংঘটিত হৈছে দক্ষিণ শালমাৰা মানকাচৰ জিলাত ৷ শুকুৰবাৰে অহা এজাক বৰষুণত আচল স্বৰূপ ওলাই পৰিল জিলাখনৰ গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ ফোপোলা স্বৰূপ ৷

গজাৰিকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ দুটা কোঠাৰ বিছনাত চিকিৎসাধীন হৈ আছিল ৰোগী । কিন্তু শুকুৰবাৰে দুপৰীয়া অহা বৰষুণত দুয়োটা কোঠাতে পৰিল পানী, এফালে ৰোগী, আনফালে বৰষুণ ৷ লগে লগে জলমগ্ন হৈ পৰিল ৰোগী থকা দুয়োটা কোঠা ৷ স্বাস্থ্যকেন্দ্ৰটোত থকা ৰোগীৰ মাজত হাহাকাৰ লাগিল ৷ 

এগৰাকী ৰোগীৰ আত্মীয়ই ই টিভি ভাৰতক কয়, "বৰষুণ দিয়াত চিকিৎসালয়খনৰ ভিতৰত পানী ভৰি পৰিল ৷ চিকিৎসালয়ৰ ভিতৰত হোৰাহোৰে বৰষুণৰ পানী সোমাল ৷ ইয়াৰ মাজতে ৰোগীসকল আছে ৷"

লগতে পঢ়ক: জোনাইৰ বানবিধ্বস্ত অঞ্চল পৰিদৰ্শন সাংসদ গৌৰৱ গগৈৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details