নগাঁৱৰ হোটেল-ৰেস্তোঁৰাত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ - ইন্ধন

🎬 Watch Now: Feature Video

thumbnail
নগাঁৱৰ হোটেল-ৰেস্তোঁৰাত ঘৰুৱা গেছ চিলিণ্ডাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : June 8, 2026 at 4:15 PM IST

1 Min Read
Choose ETV Bharat

চামগুৰি : নগাঁৱৰ উৰিয়াগাঁৱৰ এখন ৰেস্তোঁৰাত ঘৰুৱা গেছ চিলিণ্ডাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে । যি সময়ত ইন্ধনৰ নাটনিৰ বাবে সাধাৰণ গ্ৰাহকে ঘৰুৱা চিলিণ্ডাৰৰ বাবে হাহাকাৰ কৰিব লগা হৈছে, সেইসময়তে বাণিজ্যিক চিলিণ্ডাৰৰ পৰিৱৰ্তে ৰেস্তোঁৰাখনে ব্যৱহাৰ কৰি আহিছে ঘৰুৱা চিলিণ্ডাৰ ।

এই ৰেস্তোঁৰাখনত সাংবাদিক উপস্থিত হোৱাৰ লগে লগে ঘৰুৱা চিলিণ্ডাৰ লৈ পলায়ন কৰে ইয়াৰ কৰ্মচাৰীয়ে । সাংবাদিকৰ কেমেৰা দেখিহে কৰ্মচাৰীয়ে ভিতৰৰ পৰা উলিয়াই আনিলে বাণিজ্যিক চিলিণ্ডাৰ ।  

চৰকাৰ প্ৰশাসনে ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যৱহাৰ কৰাত নিষেধাজ্ঞা জাৰি কৰিছে যদিও এইসমূহ হোটেল, ৰেস্তোঁৰাই কেনেকৈ মুকলিকৈ ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰি আহিছে তাক লৈ ৰাইজৰ মাজত চলিছে চৰ্চা । এইক্ষেত্ৰত নগাঁও জিলা প্ৰশাসনে এইবোৰ হোটেল ৰেস্তোঁৰাৰ বিৰুদ্ধে কি ব্যৱস্থা লয় সেয়া হ'ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:পুনৰ মহঙা হ’ল বাণিজ্যিক চিলিণ্ডাৰ, গুৱাহাটীত ১৯ কিলোগ্ৰাম ওজনৰ এটা চিলিণ্ডাৰৰৰ মূল্য ৩,৩৪৭ টকা

কলগাছিয়াত ৰন্ধন গেছৰ ক’লা ব্যৱসায়: চক্ৰ বিষয়া আৰু যোগান বিভাগৰ যৌথ অভিযানত ১১০ জব্দ চিলিণ্ডাৰ

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details