খানাপাৰাত বিজেপিৰ 'যুৱ শক্তি সমাৰোহ'ত কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ LIVE - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : March 15, 2026 at 2:18 PM IST
|Updated : March 15, 2026 at 3:08 PM IST
গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত বিজেপিয়ে আয়োজন কৰা 'যুৱ শক্তি সমাৰোহ'ত উপস্থিত হৈছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহ । দুদিনীয়া ভ্ৰমণসূচীৰে শনিবাৰে বিয়লি গুৱাহাটীত উপস্থিত হোৱা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে দেওবাৰে পুৱাৰ ভাগত প্রাগজ্যোতিষপুৰ মেডিকেল কলেজৰ শুভাৰম্ভ কৰে । একেটা অনুষ্ঠানতে কেন্দ্ৰীয় গৃহমন্ত্রীয়ে আছাম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত গোলাঘাট কেন্সাৰ চেণ্টাৰ আৰু তিনিচুকীয়া কেন্সাৰ চেণ্টাৰ উদ্বোধন কৰে । তদুপৰি ভাৰ্চুৱেলী স্বাস্থ্যখণ্ডৰ কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । উক্ত অনুষ্ঠানৰ পাছত কেন্দ্ৰীয় গৃহমন্ত্রী খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত উপস্থিত হৈ 'যুৱ শক্তি সমাৰোহ'ত অংশগ্ৰহণ কৰে । লক্ষাধিক যুৱক-যুৱতীয়ে অংশগ্ৰহণ কৰা বিশাল যুৱ শক্তি সমাৰোহ সম্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । উপস্থিত আছে ভাৰতীয় জনতা যুৱ মৰ্চাৰ ৰাষ্ট্ৰীয় সভাপতি তেজস্বী সূৰ্য্য । সমাৰোহত উপস্থিত আছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া । উক্ত অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ যুৱ ভোটাৰক লক্ষ্য কৰি কেন্দ্ৰীয় গৃহমন্ত্রীগৰাকীয়ে নিৰ্বাচনী ৰণডংকা বজায় । খানাপাৰাৰ পৰা 'যুৱ শক্তি সমাৰোহ'ৰ পোনপটীয়া সম্প্ৰচাৰ....