নীটত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মাজুলীলৈ গৌৰৱ কঢ়িয়ালে উদীপ্ত শইকীয়াই - NEET UG 2026 RESULTS
🎬 Watch Now: Feature Video

Published : July 19, 2026 at 2:48 PM IST
মাজুলী: মনত কিবা এটা কৰাৰ হেঁপাহ থাকিলে, নিজৰ ওপৰত বিশ্বাস ৰাখি কঠোৰ পৰিশ্ৰম কৰিলে অসম্ভৱ বুলি ভবা কামকো যে সম্ভৱ কৰিব পাৰি তাকেই মাজুলীৰ উদীপ্ত শইকীয়াই প্ৰমাণ কৰিলে । মাজুলীৰ পটীয়া গাঁৱৰ নিবাসী মীনাক্ষী শইকীয়া আৰু হৰেন শইকীয়াৰ পুত্ৰ উদ্দীপ্ত শইকীয়াই সদ্য ঘোষিত নীট পৰীক্ষাত ৯৭.৩৫ শতাংশ নম্বৰ লাভ কৰি মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিছে ।
উদ্দীপ্ত শইকীয়াই সৰ্ব ভাৰতীয় পৰ্যায়ত ৫২,৩৮১ স্থান লাভ কৰিছে । এই সাফল্য় অৰ্জনৰ পিচত সংবাদ মাধ্যমৰ আগত নিজৰ অনুভৱ ব্য়ক্ত কৰি কয়,"এই খবৰে মোক যথেষ্ট সুখী কৰিছে, কিয়নো মোৰ এইটো সৰুৰে পৰা সপোন আছিল । এই সপোন আজি দিঠকত পৰিণত হ'ল । সকলো সময়তে মোক মা-দেউতাই সাহস দিছে । কোনোবা সময়ত মই ভাগি পৰিলেও মোৰ পিতৃ-মাতৃৰ অনুপ্ৰেৰণা আৰু ভগৱানৰ ওপৰত বিশ্বাস ৰাখি আগবাঢ়ি আজি সফল হ'বলৈ সক্ষম হৈছো ।" কেৱল পাঠ্যপুথিৰ শিক্ষাৰ লগতে জড়িত নাথাকি তেওঁ মইনা পাৰিজাতৰ বিভিন্ন দিশত আগবঢ়া । খোল, নাগাৰা, তবলা আদিতো বিশাৰদ ।
লগতে পঢ়ক:নীটত উত্তীৰ্ণ হৈ দৰঙলৈ সুনাম কঢ়িয়ালে তেজস প্ৰতীম চহৰীয়াই
প্ৰত্যাহ্বানক নেওচি নীট-২০২৬ত সফলতা: জিলিকিল ডিমৰীয়াৰ ৰাহুল