ভূমিকেন্দ্ৰিক বিবাদত আহত দুজন, বজাৰৰ মাজতেই আক্ৰমণ - CLASH

🎬 Watch Now: Feature Video

thumbnail
ভূমিকেন্দ্ৰিক বিবাদত আহত দুজন (ETV Bharat)

By ETV Bharat Assamese Team

Published : July 9, 2026 at 6:13 PM IST

1 Min Read
Choose ETV Bharat

জনীয়া: কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত শ্বওপুৰ গাঁৱত ভূমি বিবাদক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি । অভিযোগ অনুসৰি, গাঁওখনৰ জমিৰ আলী আৰু ৰবিউল আৱালে শ্বওপুৰ মেছেৰ বজাৰৰ এখন দোকানৰ সন্মুখত বহি থকা অৱস্থাত একে গাঁৱৰে জালাল উদ্দিন আৰু আছৰুদ্দিনে তেওঁলোকৰ ওপৰত আক্ৰমণ চলায় । ভুক্তভোগী পৰিয়ালৰ অভিযোগ অনুসৰি, আক্ৰমণকাৰী দুজনে প্ৰথমে তৰ্কাতৰ্কিত লিপ্ত হয় আৰু পিছত চোকা অস্ত্ৰ, শিল আদিৰে দুয়োজনকে আঘাত কৰে । এই আক্ৰমণত জমিৰ আলী আৰু ৰবিউল আৱালৰ মূৰত গুৰুতৰ আঘাত লাগে । ঘটনাৰ পিছতে দুয়ো অভিযুক্তই পলায়ন কৰে বুলি অভিযোগ উত্থাপন হৈছে । স্থানীয় লোকে তৎক্ষণাত আহত দুজনক উদ্ধাৰ কৰি কলগাছিয়া চিকিৎসালয়ৰ জৰিয়তে বৰপেটা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ঘটনাৰ পিছতে ভুক্তভোগী পৰিয়ালে কলগাছিয়া আৰক্ষী থানাত লিখিত এজাহাৰ দাখিল কৰিছে । কিন্তু অভিযোগ অনুসৰি, এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে এতিয়াও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । এই অভিযোগক কেন্দ্ৰ কৰি অঞ্চলটোত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ভুক্তভোগী পৰিয়ালৰ দাবী অনুসৰি, ছামচুল হকৰ ভূমি জালিয়াতিৰে নিজৰ নামত কৰি লোৱাৰ অভিযোগ উত্থাপন হৈছে জালাল উদ্দিন আৰু আছৰুদ্দিনৰ বিৰুদ্ধে । সেই ভূমিকেন্দ্ৰিক বিবাদক লৈ দীৰ্ঘদিন ধৰি দুয়োপক্ষৰ মাজত মতানৈক্য চলি আছিল ।

লগতে পঢ়ক: চুৰি হোৱা গাড়ীবোৰ ক'লৈ যায় ? লখিমপুৰত অবৈধ গাড়ী স্ক্ৰেপিঙৰ বৃহৎ চক্ৰ উৎখাত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details