দ্বাদশ নেপাল মেয়ৰ কাপ ২০২৬-ত উজলিল কলিয়াবৰৰ নমস্যা আৰু কাকুমণি - 12TH NEPAL MAYOR CUP 2026
🎬 Watch Now: Feature Video

Published : May 28, 2026 at 2:30 PM IST
কলিয়াবৰ: আন্তঃৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত কলিয়াবৰৰ নমস্যা বৰা আৰু কাকুমণি গগৈৰ সফলতা ৷ সোণৰ পদকেৰে কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে নমস্যা বৰা আৰু কাকুমণি গগৈয়ে ৷ নেপাল চৰকাৰৰ সহযোগত আৰু Nepal Shito-Ryu Karate-Do Association-ৰ ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা 12th Nepal Mayor Cup 2026-ত সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে অসমৰ এই দুগৰাকী খেলুৱৈয়ে ।
প্ৰশিক্ষক ৰবীন বৰাই কয়, ‘‘উক্ত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত ভাৰত, নেপাল, পাকিস্তান, ভূটান, বাংলাদেশ, শ্ৰীলংকা আৰু ইৰাণকে ধৰি সৰ্বমুঠ ৭ খন দেশে অংশগ্ৰহণ কৰিছিল । ভাৰতৰ পৰা হৈ অংশগ্ৰহণ কৰা খেলুৱৈসকলে ১৭ টা সোণ, ১ টা ৰূপ আৰু ৯টা ব্ৰঞ্জৰ পদক লাভ কৰে ৷ ইয়াৰ লগতে সামগ্ৰিকভাৱে অসমে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হয় ।’’
প্ৰশিক্ষক বৰাই জনোৱা মতে, কলিয়াবৰৰ নমস্যা বৰাই ছোৱালীৰ চাব-জুনিয়ৰ ৩০ কেজি শাখাৰ কুমিতে বিভাগত সোণৰ পদক অৰ্জন কৰাৰ লগতে কাটা বিভাগতো তেওঁ সোণৰ পদক লাভ কৰে ৷ নমস্যাই মুঠ দুটা সোণৰ পদক জয় কৰে । আনহাতে, কাকুমণি গগৈয়ে ছোৱালীৰ চাব-জুনিয়ৰ ৪০ কেজি শাখাৰ কাটা বিভাগত সোণৰ পদক লাভ কৰে ৷ লগতে কুমিটে বিভাগত তেওঁ ৰূপৰ পদক অৰ্জন কৰে ৷ নমস্যা বৰাৰ দৰে কাকুমণি গগৈয়েও মুঠ দুটা পদক লাভ কৰিবলৈ সক্ষম হয় ।