লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক - LAKHIMPUR NEWS

🎬 Watch Now: Feature Video

thumbnail
লখিমপুৰত ২৪ টাকৈ বনৰীয়া পক্ষী হত্যা কৰি আৰক্ষীৰ জালত দুই যুৱক (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 18, 2026 at 9:47 PM IST

1 Min Read
Choose ETV Bharat

লখিমপুৰ : ৰাজ্যত পুনৰ একাংশ লোকৰ চিকাৰৰ বলি হৈছে বনৰীয়া পক্ষী ৷ সোমবাৰে লখিমপুৰত ৰাইজে পক্ষী হত্যাকাৰী দুই যুৱকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় । সোমবাৰে সন্ধিয়াৰ ভাগত লখিমপুৰ নগৰৰ সমীপৰ কলা বিলত চাৰি পাষণ্ড জাল পাতি বক, বগলী, ডাউক, মণিহৰি,কণামুচৰি আদি কেইবাটাও দুষ্প্রাপ্য প্ৰজাতিৰ ২৪ টা পক্ষী হত্যা কৰি বস্তাত ভৰাই লৈ গৈ আছিল । তেনে পাষণ্ড কেইটাৰ কু-কৰ্মৰ বিষয়ে জানিব পাৰি স্থানীয় একাংশ সচেতন লোকে দুই যুকক কৰায়ত্ত কৰে । চাৰি যুৱকৰ ভিতৰত দুজন পলাই সাৰে যদি কৰায়ত্ত কৰা দুই যুৱকক ৰাইজে আৰক্ষী আৰু বনবিভাগক গতাই দিয়ে ।

ধৃত যুৱক দ্বয় লখিমপুৰৰ চমৰা ওৰাং আৰু সুৰজ ওৰাং বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে পক্ষী হত্যাকাৰী দুই যুৱকক জেললৈ প্ৰেৰণ কৰে । উল্লেখ্য, বৰষুণৰ বতৰত নৈ-বিল, পথাৰ পানীৰে উপচি পৰাৰ বাবে বন্য বিহংগই মুক্ত মনে জলকেলি কৰে । তাৰেই সুযোগ লৈ এচাম পাষণ্ডই পক্ষী হত্যা কৰি আনন্দ লাভ কৰে ।

লগতে পঢ়ক:আমি ছাত্ৰ-ছাত্ৰীৰ সাৰথী হিচাপে থিয় দিম: আছু নেতা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details