ৰে'লে মহটিয়াই নিলে বাহন, জোনাইৰ ডেকাপামত হতাহত ২ - ইটিভি ভাৰত অসম
🎬 Watch Now: Feature Video

Published : June 5, 2026 at 7:20 PM IST
জোনাই: জোনাইৰ ডেকাপামত শুকুৰবাৰে সংঘটিত হয় এক শোকাৱহ ৰে'ল দুৰ্ঘটনা । জানিব পৰা মতে, শুকুৰবাৰে দুপৰীয়া প্ৰায় ২ বজাত লিডু-মুৰ্কংচেলেক যাত্ৰীবাহী ৰে'লে এখন চাৰিচকীয়া বাহন (পঞ্জীয়ন নং AR-02A-1548) প্ৰায় ৫০০ মিটাৰ দূৰলৈ মহটিয়াই লৈ যায় । উন্মুক্ত ৰে'ল ক্ৰছিং পাৰ হ’বলৈ চেষ্টা কৰাৰ সময়তে ৰে'লখনৰ খুন্দাত বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয় ।
এই ভয়ংকৰ দুৰ্ঘটনাত অৰুণাচল প্ৰদেশৰ তাজ গাঁৱৰ ৰিবা উপাধিধাৰী এগৰাকী মহিলাৰ ঘটনাস্থলীতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে । আনহাতে, দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত আন এজন লোকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে জৰুৰীভাৱে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি স্থানীয় সূত্ৰই জানিবলৈ দিয়ে ।
এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলোৱাৰ লগতে উন্মুক্ত ৰে'ল ক্ৰছিংসমূহত সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰাৰ দাবী পুনৰ উত্থাপিত হৈছে ।
এই সন্দৰ্ভত এগৰাকী স্থানীয় মহিলাই কয়, "আহি দেখা পাইছোঁ যে গাড়ীখন সম্পূৰ্ণ বিধ্বস্ত । ড্ৰাইভাৰজনক সংকটজনক অৱস্থাত মেডিকেললৈ লৈ গৈছে আৰু ইজন ঢুকাইছে । ১.৩০-২ মান বজাত হৈছে ঘটনাটো ।"