তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু - ELECTROCUTED INCIDENT

🎬 Watch Now: Feature Video

thumbnail
তিতাবৰত বিদ্যুৎস্পৃষ্ট হৈ এপিডিচিএলৰ কৰ্মচাৰীৰ মৃত্যু (ETV Bharat)

By ETV Bharat Assamese Team

Published : April 22, 2026 at 3:26 PM IST

1 Min Read
Choose ETV Bharat

যোৰহাট : যোৰহাটৰ তিতাবৰত এক শোকাৱহ ঘটনা সংঘটিত হৈছে । কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ বিদ্যুৎ বিভাগৰ এজন কৰ্মচাৰীৰ মৃত্যু হয় । ন-আলি দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহৰ সমীপত এই কৰুণ ঘটনাটো সংঘটিত হয় । মৃত কৰ্মচাৰীজন বাগদিয়াৰ মহাবীৰ কুৰ্মী বুলি জানিব পৰা গৈছে । জানিব পৰা মতে ১১ হাজাৰ ভল্টৰ লাইনৰ মেৰামতি কাম কৰি আছিল কৰ্মচাৰীজনে । সেই সময়তে অসাৱধানতাৰে তেওঁ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ আহে । এই ঘটনাই সমগ্ৰ অঞ্চলৰ লগতে তিতাবৰ সংমণ্ডলত শোকৰ ছাঁ পেলাইছে । এই ঘটনা সন্দৰ্ভত তিতাবৰ সংমণ্ডলৰ সংমণ্ডল বিষয়াই কয়, "আজি যিটো ঘটনা হৈছে তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছোঁ । এই ৰিপ'ৰ্ট আহিছিল ৫.৩০ বজাত । ৰঙাজান ফিটাৰত ফল্ট আছিল । নিশাৰে পৰা এটা দলে কাম কৰি আছিল যদিও অৱশেষত দেৱকুমাৰ বৰা প্ৰেক্ষাগৃহ নিচেই কাষত ফল্ট বিচাৰি পাইছিল । সেই সময়ত ১১ হাজাৰ ফল্টৰ লাইনৰ সংযোগ বন্ধ নকৰাৰ বাবে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হয় ।"

লগতে পঢ়ক :

কোনে কয় গুৱাহাটী স্মাৰ্ট চিটী ? এৰাতিৰ বৰষুণতে নাঙঠ হৈ গ'ল উৰণসেতুৰ মহানগৰী

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details