পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু - নলবাৰী চিকিৎসা মহাবিদ্যালয়

🎬 Watch Now: Feature Video

thumbnail
ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ সলিল সমাধি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 20, 2026 at 12:43 PM IST

1 Min Read
Choose ETV Bharat

নলবাৰী : ৰঙালী বিহুৰ আনন্দৰ মাজতেই সংঘটিত শোকাৱহ ঘটনাই জোকাৰি গ'ল বাক্সা ,নলবাৰী আৰু তামুলপুৰ জিলাৰ সীমান্তৱৰ্তী অঞ্চল নিজবৰশিৰাল । গা ধুবলৈ গৈ পাগলাদিয়া নৈত তিনিগৰাকী লোকৰ সলিল সমাধি ঘটে । উল্লেখযোগ্য যে নিজবৰশিৰালৰ মনোৰঞ্জন ডেকাৰ গৃহলৈ ফুৰিবলৈ আহিছিল গুৱাহাটী মহানগৰীৰ পাঞ্জাবাৰীৰ এটা পৰিয়াল । পৰিয়ালটোৰ পিংকী দাস আৰু ৰোহিত দাসে বিয়লিৰ ভাগত গা ধুবলৈ গৈছিল পাগলাদিয়া নৈত । লগতে নলবাৰীৰ আত্মীয় পৰিয়ালটোৰ মহিলা গুদ্দু ডেকায়ো গৈছিল  ।

প্ৰথমে পিংকী দাস নৈত ডুব যোৱাত উদ্ধাৰ কৰিবলৈ ভাতৃ ৰোহিত দাস আৰু ভগ্নী গুদ্দু ডেকাই চেষ্টা কৰোতে তেওঁলোকো সন্ধানহীন হৈ পৰে । পৰৱৰ্তী সময়ত সংকটজনক অৱস্থাত তিনিওকে নৈৰ পৰা উদ্ধাৰ কৰি নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় যদিও আটাইকেইগৰাকীৰে মৃত্য়ু হয় । স্থানীয় লোকৰ ভাষ্য অনুসৰি মথাউৰি নিৰ্মাণৰ কামত নদীৰ বুকুৰ বালি খন্দাত সেই স্থানত দ' গাঁত হৈছে । হয়তো সেই গাঁতত পৰিয়েই তেওঁলোক পানীত ডুব যায় ।

লগতে পঢ়ক:গংগাত গা ধুবলৈ গৈ ডুবিল ৭ শিশু

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details