শিলসাঁকো বিলত হাত ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি

🎬 Watch Now: Feature Video

thumbnail
শিলসাঁকো বিলত কিশোৰৰ সলিল সমাধি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 24, 2026 at 8:15 PM IST

1 Min Read
Choose ETV Bharat

গুৱাহাটী: গুৱাহাটীৰ শিলসাঁকো বিলত সংঘটিত হৈছে এক শোকাবহ ঘটনা । বিলত হাত ধুবলৈ গৈ মৃত্যু হয় এজন কিশোৰৰ । স্থানীয় লোকে উল্লেখ কৰা মতে, আবেলিৰ ভাগত শিলসাঁকো বিলৰ সমীপত খেলি হাত ধুবলৈ গৈ পানীত নামিছিল তিনি কিশোৰ । 

প্ৰথম অৱস্থাত বিলৰ পানীত তিনিজন কিশোৰে হাত ধুবলৈ নামি যায় । ইয়াৰে এজন পানীত ডুবাৰ পৰা ৰক্ষা পৰে যদিও আন দুজন কিশোৰ পানীত ডুবি সন্ধানহীন হৈ পৰে । লগে লগে হুৱাদুৱা লগাত স্থানীয় ৰাইজে পানীৰ পৰা উদ্ধাৰ কৰে এজন কিশোৰক; কিন্তু আনজন কিশোৰৰ সন্ধান নাপায় আৰক্ষীক খবৰ দিয়ে । 

পিছত আৰক্ষী আৰু এছডিআৰএফে ঘটনাস্থলীত উপস্থিত হৈ কেইবাঘণ্টাৰ অন্তত মৃত অৱস্থাত উদ্ধাৰ কৰে সন্ধানহীন হোৱা কিশোৰজনক । 

লগতে পঢ়ক:পাগলাদিয়া নৈত গা ধুবলৈ গৈ ভাতৃ-ভগ্নীসহ তিনিগৰাকীৰ মৃত্যু

গংগাত গা ধুবলৈ গৈ ডুবিল ৭ শিশু