পৰম্পৰা ৰক্ষা কৰি নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ - ৰঙালী বিহুৰ উৰুকা

🎬 Watch Now: Feature Video

thumbnail
নগাঁৱৰ হাতীচোং দীঘলী বিলত সমূহীয়া মৎস্য চিকাৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : April 13, 2026 at 5:36 PM IST

1 Min Read
Choose ETV Bharat

নগাঁও : আজি ৰঙালী বিহুৰ উৰুকা ৷ মঙলবাৰে গৰুবিহু ৷ বিহু বুলি ডেকা-বুঢ়া-মেথা সকলোৰে গাত তৎ নাইকীয়া হৈছে ৷ ৰঙালী বিহু বুলি কি কি খাব, কি কৰিব, ক’ত বিহু মাৰিব ইত্যাদি ৷

ৰঙালীৰ উৰুকা বুলি সোমবাৰে নগাঁও জিলাৰ হাতীচোং মৌজাৰ চকলাঘাটৰ দীঘলী বিলত পুৱাই পৰম্পৰা ৰক্ষা কৰি সমূহীয়াভাৱে মাছ ধৰে অঞ্চলটোৰ ৰাইজে । প্ৰতি বছৰে ব’হাগৰ উৰুকাত কাষৰীয়া কেবাখনো গাঁৱৰ লোকে হাতে হাতে জাকৈ, খালৈ, পল' লৈ আনন্দ উলাহেৰে দীঘলী বিলত মাছ ধৰি আনন্দত মতলীয়া হৈ পৰে ।

কোনোৱে যদি সৰু মাছ ধৰিছে, আন কোনোবাজনে আকৌ ডাঙৰ মাছ ধৰি আনন্দত আত্মহাৰা হৈ পৰিছে । তাৰ মাজতে বহুতে খালী হাতেৰেও ঘৰলৈ উভতিছে ৷ তথাপিও কাৰো মনত খং-ক্ষোভ নাই ৷

লগতে পঢ়ক : তাঁতশালৰ পৰাই জুবিন গাৰ্গৰ ন্যায় দাবী গাঁৱৰ জীয়ৰী-বোৱাৰীৰ

লগতে পঢ়ক : দুহাতত জেতুকা বুলাই বিহুলৈ সাজু গাঁ‌ৱৰ জীয়ৰী

ABOUT THE AUTHOR

...view details