জাতিগত পিয়লক লৈ তৎপৰ তিৱা সমাজ: জাতি আৰু ভাষা ‘লালুং’, ধৰ্ম ‘পিনুং’ লিখাৰ সিদ্ধান্ত - CAST CENSUS
🎬 Watch Now: Feature Video

Published : July 19, 2026 at 7:04 PM IST
মৰিগাঁও: দেশত অচিৰেই আৰম্ভ হ’বলগীয়া জাতিগত পিয়লক কেন্দ্ৰ কৰি অসমৰ খিলঞ্জীয়া তিৱা সমাজৰ মাজত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে । আগন্তুক জাতিগত পিয়লত তিৱা জনগোষ্ঠীৰ লোকসকলে নিজৰ পৰিচয় আৰু তথ্যসমূহ কিদৰে শুদ্ধ ৰূপত সন্নিৱিষ্ট কৰিব, তাকে লৈ জাগীৰোডত এখন গুৰুত্বপূৰ্ণ বিশেষ সভা অনুষ্ঠিত হয় ।
ঐতিহাসিক তিৱা ৰাজদৰবাৰ, মধ্য অসমৰ তিৱা ৰজাসকল, পাহাৰীয়া অঞ্চলৰ তিৱা ৰজাৰ লৰ’, দলৈসকল আৰু ঐতিহাসিক জোনবিল মেলা সমিতিৰ যৌথ আহ্বানত এই সভাৰ আয়োজন কৰা হয় । পাহাৰ আৰু ভৈয়ামৰ তিৱা সমাজৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জনগোষ্ঠীটোৰ ভৱিষ্যত পৰিচয় সুৰক্ষিত কৰাৰ স্বাৰ্থত কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় ।
সভাত সৰ্বসন্মতি ক্ৰমে সিদ্ধান্ত লোৱা হয় যে আগন্তুক জাতিগত পিয়লত প্ৰতিগৰাকী তিৱা লোকে তলত দিয়া ধৰণে নিজৰ তথ্যসমূহ পঞ্জীয়ন কৰিব:
- জাতি (Caste/Tribe): লালুং (তিৱা)
- ভাষা (Language): লালুং (তিৱা)
- ধৰ্ম (Religion): পিনুং
লোকগণনাৰ এই সিদ্ধান্তসমূহ পাহাৰ আৰু ভৈয়ামত বসবাস কৰা প্ৰতিগৰাকী তিৱা লোকৰ মাজলৈ লৈ যোৱা আৰু সজাগতা সৃষ্টিৰ উদ্দেশ্যে সভাত এখন বিশেষ সমিতি গঠন কৰা হয় । মধ্য অসমৰ মুঠ ২১ গৰাকী তিৱা ৰজাৰ উপস্থিতিত গঠিত এই সমিতিখনৰ নাম “ট্ৰই তিৱা পিনুং আকুৰাই চমত” ৰখা হৈছে ।
মুঠ ২১ জন সদস্যৰে গঠিত এই শক্তিশালী সমিতিখনে সমগ্ৰ অসমৰে তিৱা প্ৰধান অঞ্চলসমূহত সজাগতা অভিযান চলাব, যাতে লোকগণনাৰ সময়ত জনগোষ্ঠীটোৰ এজনো লোকৰ পৰিচয় ভুলকৈ লিপিবদ্ধ নহয় । তিৱা সমাজৰ অস্তিত্ব আৰু স্বকীয়তা ৰক্ষাৰ স্বাৰ্থত এই পদক্ষেপ অত্যন্ত সময়োপযোগী বুলি সচেতন মহলে অভিহিত কৰিছে ।
লগতে পঢ়ক : চিমেন নদীত অবৈধ শিল-বালি খননৰ নিৰপেক্ষ তদন্তৰ দাবী আছুৰ