মৰিগাঁও বগৰীগুৰিত নাথ সম্প্ৰদায়ৰ তৃতীয় বাৰ্ষিক মুকলি বিহু - বগৰীগুৰিৰ মুকলি বিহু

🎬 Watch Now: Feature Video

thumbnail
মৰিগাঁও বগৰীগুৰিত নাথ সম্প্ৰদায়ৰ তৃতীয় বাৰ্ষিক মুকলি বিহু (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : May 12, 2026 at 2:20 PM IST

1 Min Read
Choose ETV Bharat

মৰিগাঁও: অসমীয়াৰ প্ৰাণৰ উৎসৱ ৰঙালী বিহুৰ লগত সংগতি ৰাখি মৰিগাঁও জিলাৰ বগৰীগুৰিত বগৰীগুৰি নাথ সম্প্ৰদায়ৰ মুকলি বিহু উদযাপন সমিতিৰ সৌজন্যত তৃতীয় বাৰ্ষিক মুকলি বিহু অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ অনুষ্ঠানৰ আৰম্ভণিতে অসমৰ সাংস্কৃতিক জগতৰ দুই মহীৰূহ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকা আৰু জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে বিয়লিৰ মুকলি বিহু অনুষ্ঠানৰ উদ্বোধন কৰে ।

ভাষণ প্ৰসংগত তেওঁ কয়, "বিহু কেৱল এটা উৎসৱ নহয়, ই আমাৰ অসমীয়া জাতিৰ পৰিচয় আৰু সম্প্ৰীতিৰ এনাজৰী । বগৰীগুৰিৰ দৰে অঞ্চলত এনে ধৰণৰ আয়োজনে আমাৰ থলুৱা সংস্কৃতি আৰু সামাজিক একতা অধিক শক্তিশালী কৰিব ।" অনুষ্ঠানত সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত (HS) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা অঞ্চলটোৰ কৃতি ছাত্ৰ-ছাত্ৰীসকলক উদযাপন সমিতিৰ তৰফৰ পৰা ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয় ।

সন্ধিয়াৰ ভাগলৈ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাটাও আগশাৰীৰ বিহু দলে মঞ্চত বিহু নৃত্য প্ৰদৰ্শন কৰে । ঢোলৰ গুমগুমনি আৰু পেঁপাৰ লহৰত সমগ্ৰ বগৰীগুৰি অঞ্চল এক উৎসৱমুখৰ পৰিৱেশলৈ ৰূপান্তৰিত হয় ।

লগতে পঢ়ক : নিজম পৰিল ম’হঘূলি চাপৰিৰ ফাটবিহুৰ বাকৰি

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details