বছৰৰ দ্বিতীয়টো বানত দিশহাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী - অসম অৰুণাচল সীমান্ত

🎬 Watch Now: Feature Video

thumbnail
বছৰৰ দ্বিতীয়টো বানত দিশহাৰা জোনাইৰ মধুপুৰ, অৰুণ চাপৰিবাসী (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : July 17, 2026 at 8:45 PM IST

|

Updated : July 17, 2026 at 8:54 PM IST

1 Min Read
Choose ETV Bharat

জোনাই : শুকুৰবাৰে পুনৰ বৃদ্ধি পালে জোনাইৰ দিখাৰী নৈৰ জলস্তৰ ৷ ফলত বুৰ গ'ল জোনাইৰ মধুপুৰ, অৰুণ চাপৰিৰ বিস্তীৰ্ণ অঞ্চল ৷ জানিব পৰা মতে, অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত থকা ধাৰাসাৰ বৰষুণৰ ফলত দিখাৰী নৈৰ বাঢ়নী পানীয়ে শুকুৰবাৰে পুনৰ জোনাইৰ মধুপুৰ, অৰুণ চাপৰিৰ বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাই ৷

বাঢ়নী পানীত ডুব গৈছে কৃষিভূমি, ঘৰ-দুৱাৰ আৰু বাট-পথ । ফলস্বৰূপে, স্থানীয় বাসিন্দাসকলৰ স্বাভাৱিক জনজীৱন পুনৰ ব্যাহত হৈ পৰিছে । ইফালে বানৰ কবলত পৰা পৰিয়ালসমূহে খাদ্য সামগ্ৰীৰ অভাৱৰ লগতে বিশুদ্ধ খোৱাপানীৰ সংকটৰ সন্মুখীন হৈছে । আনহাতে বৰষুণ অব্যাহত থকাৰ ফলত নিশাটোৰ ভিতৰতে দিখাৰী নৈৰ জলস্তৰ পুনৰ বৃদ্ধি পোৱাৰ আশংকা কৰিছে ৰাইজে ৷ সেয়ে অঞ্চলটোৰ শ-শ পৰিয়ালক আতংকিত ভুগিছে । ইতিমধ্যে সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বহু পৰিয়ালে কণ-কণ শিশুসহ পৰিয়ালৰ সদস্যসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

লগতে পঢ়ক :বানৰ অভিশাপ ! জোনাইত এতিয়া চৌদিশে ধ্বংসৰ কৰুণ ছবি

Last Updated : July 17, 2026 at 8:54 PM IST