তিনিচুকীয়াৰ উন্নয়নত এখোজ; এ টি ৰোড-শ্ৰীপুৰীয়া সংযোগী উৰণ সেতু মুকলি - NEW FLYOVER IN TINSUKIA
🎬 Watch Now: Feature Video

Published : June 28, 2026 at 11:55 AM IST
তিনিচুকীয়া : সাত বছৰীয়া অপেক্ষাৰ অন্তত অৱশেষত ৰাইজৰ বাবে মুকলি হ’ল তিনিচুকীয়া চহৰৰ অতি গুৰুত্বপূৰ্ণ এ টি ৰোড–শ্ৰীপুৰীয়া সংযোগী উৰণ সেতুখন । ৭২০ মিটাৰ দৈৰ্ঘৰ মুঠ ৬৫ কোটি টকাৰ প্ৰকল্প ব্যয়ৰ অসম চৰকাৰৰ ৩৬ কোটি টকা আৰু ভাৰতীয় ৰে’লেৱেৰ ২৯ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই সেতুখন শনিবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম চৰকাৰৰ চাহ জনজাতি আৰু আদিবাসী কল্যাণ মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।
সেতুখন মুকলি কৰি মন্ত্ৰীগৰাকীয়ে কয়, ‘‘তিনিচুকীয়া নগৰৰ আন্তঃগাঁথনি উন্নয়নৰ লগতে এ টি ৰোড-শ্ৰীপুৰীয়া পথত যানজঁটকে ধৰি ৰে’ল ক্ৰছিং সংক্ৰান্তীয় দুৰ্ঘটনা এই সেতুখনে হ্ৰাস কৰিব । ২০১৯ চনতে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে উপস্থিত থাকি আধাৰশিলা স্থাপন কৰা এই উৰণ সেতুখন নিজ হাতেৰে মুকলি কৰিবলৈ পাই মই আনন্দিত হৈছো ৷’’
লগতে পঢ়ক : কুঁৱাত পৰা ছাগলী উদ্ধাৰ কৰিবলৈ যোৱাই কাল হ'ল যুৱকৰ