অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ - শিলচৰ

🎬 Watch Now: Feature Video

thumbnail
অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা শিলচৰ স্প’ৰ্টিং ক্লাবৰ ৯০ বছৰ সম্পূৰ্ণ (ETV Bharat)

By ETV Bharat Assamese Team

Published : June 16, 2026 at 10:41 AM IST

2 Min Read
Choose ETV Bharat

শিলচৰ: বৰাক উপত্যকাৰ দ্বিতীয় আৰু অসমৰ তৃতীয়টো ক্ৰীড়া সন্থা হিচাপে নব্বৈ বছৰ সম্পূৰ্ণ কৰিলে শিলচৰ স্প’ৰ্টিং ক্লাবে । বৰাক উপত্যকা তথা অসমৰ সবাতোকৈ পুৰণি ক্লাব হৈছে শিলচৰৰ ইণ্ডিয়া ক্লাব । ১৯০০ চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিল আৰু গুয়াহাটি টাউন ক্লাব হৈছে অসমৰ দ্বিতীয়টো বৃহত্তম ক্লাব । ১৯০৬ চনত ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছে । তাৰ পিছতে ১৯৩৬ চনত প্ৰতিষ্ঠা হৈছিল শিলচৰ স্প’ৰ্টিং ক্লাব । 

শিলচৰৰ কেইগৰাকীমান ক্ৰীড়াপ্ৰেমীয়ে প্ৰতিষ্ঠা কৰা ক্ৰীড়া সংগঠনটোৱে দেওবাৰে সম্পূৰ্ণ কৰে নব্বৈ বছৰ । এই উপলক্ষে ১৪ জুনৰ পৰা বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব সন্থাৰ "গ্ৰেণাইট জুবিলী" অনুষ্ঠান । এই উপলক্ষে অহা এবছৰ বিভিন্ন ধৰণৰ ক্ৰীড়া যেনে ফুটবল, ক্ৰিকেট, দবা, কেৰম আদি প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হ'ব ।  

দেওবাৰে বন্তি প্ৰজ্বলন কৰি বছৰজোৰা কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে মুকলি কৰে শিলচৰ ৰামকৃষ্ণ মিছনৰ স্বামী বৈকুণ্ঠানন্দজী মহাৰাজে । অনুষ্ঠানত উপস্থিত থাকে শিলচৰ স্প’ৰ্টিং ক্লাবৰ সভাপতি ড৹ অনুপ ৰায়, সাধাৰণ সম্পাদক সিদ্ধাৰ্থ খান, ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থ, বিধায়ক ৰাজদ্বীপ গোৱালা, প্ৰাক্তন ফুটবলাৰ সত্যজিৎ দাস, অসমৰ জ্যেষ্ঠ ক্ৰীড়া সংগঠক বাবুল হোড় আদি ।  

সন্থাৰ প্ৰস্তাৱিত ইনড’ৰ ক্ৰিকেট একাডেমীৰ আধাৰশিলা স্থাপন কৰে ৰাজ্যসভাৰ সাংসদ কনাড পুৰকায়স্থই । উদ্বোধনী অনুষ্ঠান উপলক্ষে কাছাৰ জিলাৰ চাৰিটা মহিলা ফুটবল দলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয় । এই প্ৰতিযোগিতাত লিটিল গাৰ্লছ আৰকাটিপুৰ দল বিজয়ী হয় আৰু কালাইন স্প’ৰ্টছ মহিলা দল ৰানাৰ্ছআপ হয় । 

লগতে পঢ়ক: যুৱ প্ৰতিভাৰ উন্মেষৰ বাবে মৰিগাঁৱত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details